চৰকাৰী ঘৰবোৰ
একোখন ঠাইৰ বিভিন্ন স্থাপত্যশৈলীৰ বিভিন্ন ঘৰবোৰে ঠাইখনৰ সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, ভৌগোলিক আদি বিভিন্ন ধৰণৰ তথ্য বহন কৰে বাবেই সমগ্র পৃথিৱীতে সমগ্র স্থাপত্য কর্মৰ সংৰক্ষণে বিশেষ গুৰুত্ব লাভ কৰিছে৷ ইয়াৰ লগত আৱেগিক কথাও জডিত থাকে৷ শ্বেইক্সপীয়েৰ থকা ঘৰটো, বিথোভেন থকা ঘৰটো অথবা এন ফ্রেংকৰ ঘৰটো অকল স্থাপত্য কলাৰ বাবেই নহয়, ঘৰটোৰ লগত জড়িত থকা আৱেগৰ বাবেও সমানেই গুৰুত্বপূর্ণ৷ অসমতো এই ধৰণৰ চিন্তা–চর্চা আৰম্ভ হৈছে, হোমেন বৰগোহাঞিৰ বাসগৃহটো সংৰক্ষণ কৰাৰ কথা ভাবি চৰকাৰে এই চিন্তা আৰম্ভ কৰিছে৷ অসমীয়া সভ্যতাৰ বাবে ই এটা নতুন যুগৰ সূচনা কৰিব৷ কিন্তু ইমানদিনে অসম চৰকাৰৰ যিসকল বিষয়াই অসমৰ স্থাপত্য কলাৰ সম্পদবোৰক উপলুঙা কৰি আহিছে, নষ্ট কৰি আহিছে, তেনে বিষয়াৰ দ্বাৰা এই বাসগৃহ কি ৰূপত সংৰক্ষিত হ’ব, সেই কথা ভাবিলে যিকোনো সংস্কৃতিৱান নাগৰিক আতংকিত হৈ উঠিব৷ এইখন অসমতে ঐতিহ্য বহনকাৰী কামাখ্যা মন্দিৰৰ প্রৱেশদ্বাৰৰ ভাস্কর্য আঁতৰাই টাইলছ লগাই দিয়া হয়, শিৱদৌলত দক্ষিণ ভাৰতীয় মূর্তি স্থাপন কৰা হয়, দীঘলীপুখুৰীৰ বুকুত ৰেষ্টুৰেণ্ট, শিলপুখুৰীৰ পাৰত ৰাজহুৱা শৌচালয় নির্মাণ কৰা হয় আৰু এইবোৰ কাম কৰাত বাধা দি থোৱা আইনেই আছে, তথাপি চৰকাৰৰ দ্বাৰাই এইবোৰ কাম কৰা হৈছে৷ শিলপুখুৰীৰ পাৰত ৰাজহুৱা শৌচালয় নির্মাণ কৰা হৈছিল পূর্বৰ মুখ্যমন্ত্রীৰ আইন উপদেষ্টাৰ চকুৰ সন্মুখতেই৷ এনে পৰিৱেশত হোমেন বৰগোহাঞিৰ বাসগৃহটোক মুখ্যমন্ত্রীয়ে ভাল পাব বুলি ভাবি নতুনকৈ সজাই দিয়াৰ সম্ভাৱনাই বেছি৷ হোমেন বৰগোহাঞিৰ বাসগৃহটোৰ স্থাপত্য মূল্য একো নাই, অতি সাধাৰণ এটি ঘৰ, কিন্তু এই ঘৰটোৰ আৱেগিক মূল্য বহু বেছি৷ চৰকাৰৰ এই শুভবুদ্ধি উদয় হোৱাৰ মুহূর্তত মুখ্যমন্ত্রীৰ কোনো উপদেষ্টাই নিশ্চয় কৈছে যে এনেকুৱা আৱেগিক মূল্য থকা অসমৰ আন ঘৰবোৰো সংৰক্ষণ কৰিব লাগে৷ ব্রিটিছমুক্ত অসমত গঢ় লৈ উঠা সভ্যতাৰ চিন বহন কৰা এই ঘৰবোৰৰ সংৰক্ষণ চৰকাৰৰ দায়িত্ব হোৱা উচিত৷
পৃথিৱীৰ বিভিন্ন ঠাহত স্থাপত্যৰ বহু উদাহৰণ ৰাইজ আৰু চৰকাৰে সংৰক্ষণ কৰিছে৷ সেইবোৰ এতিয়া পৃথিৱীৰে সম্পদ৷ অসমতো আহোম যুগৰ কিছু স্থাপত্য সম্পদ দুর্বলভাৱে হ’লেও সংৰক্ষণ কৰা হৈছে৷ অসমত চহৰৰ যুগ আৰম্ভ হৈছিল ব্রিটিছৰ দিনত আৰু সেই সময়ৰ স্থাপত্যই এটা বিশেষ স্থান অধিকাৰ কৰিছে৷ আকৃতিজনিত সৌন্দর্য, জলবায়ুৰ লগত মিল থকা আৰু স্থানীয়ভাৱে পোৱা কেঁচামালেৰে ‘আছাম টাইপ’ৰ ঘৰ হিচাপে যি এটা আর্হিৰ ঘৰৰ প্রচলন কৰিছিল, আজিও তাক চহৰকেইখনৰ ঐতিহ্য–স্মাৰক হিচাপে বিবেচনা কৰা হয় যদিও সেইবোৰৰ সংৰক্ষণ বুলি কোনো কথা নাই৷ অৱহেলা আৰু অযত্নত সেইবোৰৰ চৰকাৰী–বেচৰকাৰী উভয় ক্ষেত্রৰ ঘৰৰ অধিকাংশই বিকলাংগ৷ ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰে যিখন আইন চলাই ৰাখিছে আৰু দৰকাৰত সংশোধনো কৰিছে, সেইখনৰ মতেও পুৰণি ঘৰবোৰত সহজে হাতুৰিৰ কোব পৰিব নোৱাৰে, তাৰ গাতে গা লগাই কিবা সাজি উলিওৱাটো বহু দূৰৰ কথা৷ কিন্তু চৰকাৰেই সেই আইনখন মানি চলা নাই৷ কথাটো কিন্তু ইমানতে শেষ নহয়৷ ব্রিটিছে সাজি যোৱা ঘৰকেইটাই অসমৰ আধুনিক স্থাপত্যৰ একমাত্র উদাহৰণ হৈ থকা অনুচিত৷ স্বাধীন অসমত চৰকাৰে গোটেই অসমখনতেই বিভিন্ন আকৃতিৰ আৰু বিভিন্ন প্রয়োজন পূৰণ কৰিব পৰাকৈ বহু ঘৰ সাজিছে৷ কিন্তু অতি দুখৰ কথা, ব্রিটিছৰ সেই উদাহৰণ চকুৰ সন্মুখত থকাৰ পিছতো অসম চৰকাৰৰ কোনো এজন মন্ত্রী বা বিষয়া নোলাল, যিয়ে চৰকাৰী খৰচত নির্মাণ হোৱা ঘৰবোৰক এটা স্বকীয় ৰূপ দিয়াৰ কথা চিন্তা কৰিব পাৰে আৰু অসমৰ এটা নিজস্ব শৈলী সৃষ্টি কৰাৰ কথা ভাবিব পাৰে৷ ব্রিটিছৰ সেই ঘৰৰ আর্হিবোৰ নান্দনিক আৰু প্রায়োগিক দিশত উপযুক্ত হ’লেও পৰাধীনতাৰ কথা মনলৈ আনিব পাৰে বুলিয়েই সেই আর্হি বাদ দিয়াত অস্বাভাৱিকতা একো নাই৷ কিন্তু তাৰ লগতে নিজৰ চিন্তা–ভাবনাৰ প্রকাশ দেখুৱাব পৰা হ’লেও ভাল আছিল৷ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ইঞ্জিনীয়াৰে অসমত যিমানবোৰ ঘৰ নির্মাণ কৰিছে, সেইবোৰৰ এটা ঘৰো চকুত লগা বিধৰ বুলি ক’ব নোৱাৰি৷ কিন্তু অতীতৰ সীমাবদ্ধতাকে ধৰি থকাৰ পৰিৱর্তে নতুন চৰকাৰখনৰ পৰাও অলপ আশা কৰাটো বেয়া নহয়৷