নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ সময়ত স্বাস্থ্যৰ যতন কেনেকৈ ল’ব?

- ডাঃ ৰেইনী দেৱী

  • ‘ক’ভিড– এই শব্দটোৱে যোৱা বছৰৰ পৰা আমাৰ জীৱনত বাৰুকৈয়ে ঋণাত্মক প্রভাৱ পেলাইছে৷ ক’ভিডৰ প্রথম ঢ়ৌ মাৰ গৈছিলহে, তাৰ পিছত আকৌ দ্বিতীয় ঢ়ৌৱৈ চাৰিওফালে হাহাকাৰ অৱস্থা সৃষ্টি কৰিলে৷ তাৰ লগে লগে ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছৰ সন্ত্রাস৷ এতিয়া আকৌ আহিব লগা সম্ভাব্য তৃতীয় ঢ়ৌক লৈও সকলো শংকিত৷ এই সকলোবোৰ মিলি গৈ আমি একপ্রকাৰ ভয় আৰু মানসিক চাপত সদায়েই থাকিব লগা হৈছে৷ কিন্তু এটা কথা সত্য যে ক’ভিড বুলিয়ে নহয় আৰু এনেকুৱা প্রত্যাহ্বান ভৱিষ্যতেও আহি থাকিব৷ গতিকে আমি সকলো তাৰ বাবে সাজু হ’ব লাগিব আৰু দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াবলৈ চেষ্টা কৰিব লাগিব৷ কাৰণ যিকোনো বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা অটুট থকাটো অতি প্রয়োজনীয়৷ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ হ’লে আমি কেনেধৰণৰ খাদ্য গ্রহণ কৰিব লাগে বা নালাগে আৰু কি কি কথাত গুৰুত্ব দিব লাগিব এই সকলোবোৰ কথা জনাটো দৰকাৰী৷ তেতিয়াহে আমি ভৱিষ্যতে আহিব লগা সকলো প্রত্যাহ্বানৰ সন্মুখীন হ’ব পাৰিম৷ গতিকে জানোচোন আহক এই সময়ত আমি কেনেধৰণৰ খাদ্য গ্রহণ কৰা উচিত আৰু কি কি কথাত গুৰুত্ব দিয়া উচিত, যাতে আমি এই সময়ত সকলো সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰোঁ৷
  • সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে সকলোৱে দৈনিক সুষম সন্তুলিত আহাৰ গ্রহণ কৰিব লাগে৷ সুষম আহাৰ মানে হৈছে আমি দৈনিক যিখিনি আহাৰ গ্রহণ কৰোঁ তাত সন্তুলিত মাত্রাত কার্ব’হাইড্রেট, প্র’টিন, স্নেহ, ভিটামিন, খনিজ আৰু আঁহ থকাটো৷ ভাত, ৰুটী আদি কার্ব’হাইড্রেটৰ উৎস৷ দাইল, মটৰ, মাছ, মাংস, পনীৰ আদি প্র’টিনৰ উৎস৷ কার্ব’হাইড্রেটে শক্তিৰ যোগান ধৰে আৰু প্র’টিনে দেহ গঠনৰ লগতে ৰোগ প্রতিৰোধ ক্ষমতা গঢ়াতো সহায় কৰে৷ প্র’টিনে ৰোগ প্রতিৰোধকাৰী এণ্টিবডী গঠনত সহায় কৰে৷ তেনেকৈ ভিটামিন চি আৰু জিংকযুক্ত আহাৰে আমাৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়৷ বাদাম জাতীয় ফলত থকা উপকাৰী স্নেহে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা অটুট ৰখাত সহায় কৰে৷ শাক–পাচলি, ফলমূল আদিত থকা আঁহ বা ফাইবাৰে শৰীৰ শোধন কৰি সুস্বাস্থ্য গঢ় দিয়াত সহায় কৰে৷ গতিকে এই সময়ত সুষম সন্তুলিত আহাৰ গ্রহণ কৰিলে নিশ্চয় সকলো সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিব৷ মাজে মাজে খাদ্যবস্তুবোৰ অলপ সালসলনি কৰি খাই থাকিব লাগে৷ তেতিয়া শৰীৰে অত্যাৱশ্যকীয় সকলো উপাদান লাভ কৰে৷
  • এই সময়ত সকলোৱে স্বাস্থ্যসন্মত আহাৰ গ্রহণত গুৰুত্ব দিয়া উচিত৷ আমাৰ থলুৱা খাদ্য বা ব্যঞ্জনসমূহ সদায়েই স্বাস্থ্যৰ বাবে উপকাৰী৷ এই সময়ত আমি প্রচেছড ফুড, পেকেটত সংৰক্ষণ কৰা খাদ্য, টিনত সংৰক্ষণ কৰা খাদ্য, ফাষ্ট ফুড, জাংক ফুড, কোল্ড ড্রিংক্স, ছিপছ আদি পৰাপক্ষত এৰাই চলা উচিত৷ এনেকুৱা খাদ্যবোৰত অত্যধিক চেনি, নিমখ বা চডিয়াম, ট্রান্স ফেট, সংপৃক্ত স্নেহ আদি থাকে, যিবোৰ আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক৷
  • প্রচুৰ পৰিমাণে সেউজীয়া আৰু ৰঙীন শাক–পাচলি খাদ্য তালিকাত অন্তর্ভুক্ত কৰিবলৈ চেষ্টা কৰিব লাগে৷ আচলতে সেউজীয়া বা ৰঙীন শাক–পাচলিত প্রচুৰ পৰিমাণে ভিটামিন, খনিজ আৰু এণ্টিক্সিডেণ্ট থাকে, যিয়ে আমাৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ টেঙা ফল, মধুসোলেং, টেঙামৰা, টেঙেচি শাক, ডাঠ সেউজীয়া ৰঙৰ শাক–পাচলিত থকা ভিটামিন চিয়ে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷
  • অত্যধিক চেনি, নিমখ আৰু ময়দাৰ খাদ্য পৰাপক্ষত কমাই খোৱা উচিত৷ বিভিন্ন গৱেষণাৰ পৰা দেখা পোৱা গৈছে যে এইবিলাক খাদ্যই দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা কম কৰাত ইন্ধন যোগায়৷ চেনিতকৈ প্রাকৃতিক মিঠা যেন– গুড়, কল, মৌ আদি বেছি উপকাৰী৷ ময়দাৰ সলনি ঘেহুৰ আটা বা মাল্টিগ্রেইন আটা বেছি উপকাৰী৷
  • ৰেড মিট বা জন্তুৰ মাংসৰ সলনি মুর্গী বা চৰাইৰ মাংস স্বাস্থ্যৰ বা লিন মিটৰ বাবে বেছি উপকাৰী৷ জন্তুৰ মাংসত সংপৃক্ত স্নেহ থাকে বাবে বেছি খালে ই আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে৷
  • এই সময়ত কেফেইনযুক্ত খাদ্য যেনে– কফী, কোল্ড ড্রিংক্স অত্যধিক পৰিমাণে সেৱন নকৰাই ভাল৷ কাৰণ কেফেইনযুক্ত খাদ্যই দেহত কটিজল নামৰ হৰম’নৰ পৰিমাণ বঢ়াই তোলে৷ এই কটিজল হৰম’নৰ বাবে ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস কৰাত ইন্ধন যোগায়৷
  • পিঁয়াজ, আদা, জালুক, নহৰু, ডালচিনি, লং, তুলসী, পদিনা, নিম, তিতাকেৰেলা আদি খাদ্য তালিকাত অন্তর্ভুক্ত কৰিলে এইবোৰে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷
  • সুস্বাস্থ্যৰ বাবে দৈনিক প্রচুৰ পৰিমাণে (৮–১০ গিলাচমান) পানী সেৱন কৰিব লাগে৷ পানীয়ে দেহৰ পৰা অলাগতিয়াল বর্জিত পদার্থ বা টকচিন্স ওলাই যোৱাত সহায় কৰে আৰু শৰীৰ শোধনো কৰে৷
  • সুস্বাস্থ্যৰ বাবে সঠিক খাদ্যাভ্যাসৰ লগতে নিয়মিত শাৰীৰিক পৰিশ্রম কৰাটোও প্রয়োজনীয়৷ শাৰীৰিক পৰিশ্রম কৰিলে দেহত তেজৰ চলাচল ভালকৈ হয়, পাচনক্রিয়া সুকলমে হয় আৰু শৰীৰ আৰু মন দুয়োটা সুস্থ–সবল হয় আৰু দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা অটুট থাকে৷
  • স্বাস্থ্যৰ বাবে সুনিদ্রাৰো প্রয়োজন৷ এজন প্রাপ্তবয়স্ক লোকক দৈনিক ৬ৰ পৰা ৮ ঘণ্টা টোপনিৰ প্রয়োজন হয়৷ ৰাতি ভালকৈ শুলে আমাৰ দেহত কটিজল নামৰ হৰম’নটোৰ পৰিমাণ স্বাভাৱিক থাকে৷ যদি টোপনি ক্ষতি কৰা হয়, তেতিয়া এই হৰম’নৰ পৰিমাণ বাঢ়ি গৈ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস হোৱাৰ সম্ভাৱনা থাকে৷ গতিকে ক’ভিডৰ সময়ত ৰাতি ভালকৈ শুবলৈ চেষ্টা কৰিব লাগে৷
  • ক’ভিডৰ সময়ত আমি সকলো মানসিক চাপ আৰু ভয়ত থাকিবলগীয়া হৈছে৷ কিন্তু এই মানসিক চাপ আৰু ভয়ে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস কৰাৰ সম্ভাৱনা থাকে৷ সেয়েহে এই সময়ত আমি মানসিক চাপ এৰাই চলিবলৈ যত্ন কৰিব লাগিব৷ ইয়াৰ বাবে যোগ, প্রাণায়াম, মেডিটেচন আদিৰো সহায় ল’ব পাৰি৷ সকলোৱে নিজৰ ভাল লগা কামতো মনোনিৱেশ কৰিব পাৰে আৰু যোগাত্মক চিন্তাধাৰা থকা ব্যক্তিৰ লগত কথা পাতিব পাৰে৷ আৰু যিবোৰ কথা বা কামে মনত ঋণাত্মক প্রভাৱ পেলায়, সেইবোৰৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব লাগে৷
  • এনেবোৰ সৰু সৰু অথচ গুৰুত্বপূর্ণ কথাবোৰত সকলোৱে যদি ধ্যান দিয়ে, তেন্তে ক’ভিডৰ এই জটিল সময়খিনিত সকলো নিশ্চয় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিব৷ সকলো ভালে থাকক, সুৰক্ষিত থাকক তাৰে কামনা কৰিলোঁ৷
You might also like