৫০ হাজাৰৰ তললৈ নামিল পজিটিভ
২৪ ঘণ্টাত ক’ভিড আক্রান্তৰ সংখ্যাই ৯০ দিনৰ পিছত দেশবাসীলৈ আনিলে সুখবৰ
নিয়মীয়া বাৰ্তা ২৩ জুনঃ দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা নিম্নগামী হোৱাৰ ধাৰা অব্যাহত আছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ শীর্ষ সময়ৰ এদিনত চাৰি লক্ষাধিক লোক আক্রান্ত হোৱা বিশ্বাভিলেখৰ পিছত ৯০ দিনৰ মূৰকত এদিনত আক্রান্তৰ সংখ্যা ৫০ হাজাৰৰ তললৈ নামিল৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ক’ভিডত আক্রান্তৰ সংখ্যা ৪২,৬৪০জন৷ তেনেদৰে বিগত ৩৮ দিন ধৰি এদিনত আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি সুস্থ হৈ উঠিছে ৮১,৮৩৯জন৷
ইয়াকে লৈ সুস্থ হোৱা লোকৰ সংখ্যা ২.৮৯ কোটিৰ অধিক হৈছে৷ আনপিনে, মৃত্যু হোৱা লোকৰ সংখ্যাও লাহে লাহে নিম্নগামী হৈ আহিছে৷ এদিনত চাৰি সহস্রাধিক লোকৰ মৃত্যু ঘটাৰ পিছত এতিয়া মৃতকৰ সংখ্যা দুহেজাৰৰ তললৈ নামি আহিছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ১,১৬৭জনৰ৷ ইয়াকে লৈ মৃতকৰ সংখ্যা ৩,৮৯,৩০২লৈ বৃদ্ধি পাইছে৷
মন কৰিবলগীয়া যে আক্রান্তৰ সংখ্যা হ্রাস পালেও দেশজুৰি আক্রান্তৰ সংখ্যা তিনি কোটি স্পর্শ কৰিলে৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত ৪২ সহস্রাধিকসহ দেশত আক্রান্তৰ সংখ্যা ২.৯৯ কোটিৰ অধিক হৈছে৷ আজি সন্ধিয়া ৮ বজালৈকে দেশত আক্রান্তৰ সংখ্যা ৩০ সহস্রাধিক বর্ধিত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি অতিক্রম কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত সুস্থতাৰ হাৰ ৯৬ শতাংশৰ অধিক, সাপ্তাহিক পজিটিভিটীৰ হাৰ ৩.২১ শতাংশ আৰু দৈনিক পজিটিভিটীৰ হাৰ ২.৫৬ শতাংশ৷ আক্রান্তৰ সংখ্যা হ্রাস পাই সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৭ লাখৰ তললৈ নামি আহিছে৷ অর্থাৎ সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৬.৬২ লাখ৷
আনপিনে, ক’ভিড–১৯ টিকাকৰণ অভিযানক ক্ষিপ্রতৰ কৰাৰ লক্ষ্যৰে কালিৰে পৰা কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা নতুন ক’ভিড নীতি অনুসৰি যোৱা ২৪ ঘণ্টাত বিশ্বাভিলেখ গঢ়ি এদিনত ৮৮.০৯ লাখ ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ তথ্য অনুসৰি গ্রামাঞ্চলত ৫৬,০৯,৭৮৬ ভেকচিন ড’জ আৰু চহৰাঞ্চলত ৩১,৯৯,৪৮৪ ড’জ প্রদান কৰা হৈছে৷ ইয়াকে লৈ দেশত এতিয়ালৈক মুঠ ২৯ কোটিৰ অধিক ভেকচিন ড’জ প্রদান কৰা হৈছে৷ প্রসংগক্রমে উনুকিয়াওঁ যে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন অবিহনে দেশত ভাৰত বায়’টেকৰ ক’ভিড ভেকচিন ক’ভাক্সিন ব্যৱহাৰ কৰাৰ বিতর্কত সোমাই পৰিছে৷ এই বিতর্ক চলি থকাৰ মাজতেই আজি ভাৰত বায়’টেকৰ ক’ভাক্সিনৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণৰ ফলপ্রসূতা আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷
ভাৰত বায়’টেকে প্রকাশ কৰা মতে ক’ভাক্সিনৰ মানৱ দেহত তৃতীয় পর্যায়ৰ পৰীক্ষণৰ ফলপ্রসূতা ৭৭.৮ শতাংশ৷ ডি চি জি আইৰ বিশেষজ্ঞ কমিটীয়ে ইতিমধ্যে ক’ভাক্সিনৰ এই ফলপ্রসূতাত অনুমোদন জনাইছে৷ বিশেষজ্ঞ কমিটীয়ে পর্যালোচনাৰ বাবে এই প্রতিবেদন ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া চমুকৈ ডি চি জি আইলৈ প্রেৰণ কৰিছে৷ ডি চি জি আয়ে অনুমোদন জনোৱাৰ পিছতেই ভাৰত বায়’টেকে এই তথ্য বিশ্ব স্বাস্থ্য সংস্থালৈ প্রেৰণ কৰিছে৷ কোম্পানীটোৱে প্রকাশ কৰা মতে বিশ্ব স্বাস্থ্য সংস্থাক এই তথ্য ২৩ জুনৰ ভিতৰত প্রেৰণ কৰাৰ আৱশ্যকতা আছে৷ কিয়নো এই তথ্যৰ আধাৰতেই ক’ভাক্সিনৰ জৰুৰীকালীন ব্যৱহাৰত বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনাব৷ ইয়াৰ পিছতেই ক’ভাক্সিনক লৈ বিতর্কৰ সামৰণি পৰিব বুলিও কোম্পানীটোৱে প্রকাশ কৰিছে৷
উল্লেখ্য যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতাৰ হ্রাস পোৱাৰ সময়তে দেশত ডেল্টাপ্লাছ ক’ৰোনা ভাইৰাছৰ প্রকৰণ ধৰা পৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি এক বিবৃতিযোগে প্রকাশ কৰা মতে ডেল্টাপ্লাছ ক’ৰোনা ভাইৰাছৰ প্রকৰণ উদ্বিগ্ণতাৰ বিষয় হৈ উঠিছে৷ ডেল্টা প্রকৰণৰ পৰা পৰিৱর্তীত হৈ ডেল্টাপ্লাছ হৈছে৷ ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ দেশত ডেল্টাই সংহাৰী ৰূপ লৈছিল৷ সম্প্রতি মহাৰাষ্ট্রত ডেল্টাপ্লাছত আক্রান্ত ২১জন ৰোগী ধৰা পৰাৰ বিপৰীতে কেৰালা আৰু মধ্যপ্রদেশতো এনে ৰোগী ধৰা পৰিছে৷ স্বাস্থ্য মন্ত্রালয়ে এই ৰাজ্য কেইখনক শীঘ্রে ডেল্টাপ্লাছক লৈ অধিক গুৰুত্ব আৰোপ কৰি পৰীক্ষণ বৃদ্ধিৰ লগতে কনটেইনমেণ্ট পদক্ষেপ ল’বলৈ পৰামর্শ আগবঢ়াইছে৷