নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ প্রথমগৰাকী মহিলা সাঁতোৰবিদ: অলিম্পিকলৈ মানা পেটেল

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ ভাৰতৰ প্রথমগৰাকী সাঁতোৰবিদ হিচাপে সমাগত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে মানা পেটেলে৷ ২১ বছৰীয়া প্রতিভাৱান সাঁতোৰবিদগৰাকীয়ে ১০০ মিটাৰ বেক ষ্ট্রোক ইভেণ্টত অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিব৷

ইউনিভার্ছেলিটী কোটাৰ জৰিয়তে মানা পেটেলে টকিঅ’ অলিম্পিকলৈ যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইউনিভার্ছেলিটী কোটা অনুসৰি আন্তঃৰাষ্ট্রীয় ছুইমিং ফেডাৰেচনে এখন দেশৰ পৰা এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা সাঁতোৰবিদক অলিম্পিকত অংশগ্রহণৰ অনুমতি দিয়ে৷

মন কৰিবলগীয়া যে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা মানা পেটেল হ’ল ভাৰতৰ তৃতীয়গৰাকী সাঁতোৰবিদ আৰু প্রথমগৰাকী মহিলা সাঁতোৰবিদ৷ ইয়াৰ পূর্বে ভাৰতৰ চাজন প্রকাশ আৰু শ্রীহৰি নটৰাজে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ চাজন প্রকাশে ২০০ মিটাৰ বাটাৰ ফ্লাই আৰু শ্রীহৰি নটৰাজে ১০০ মিটাৰ বেক ষ্ট্রোক ইভেণ্টত দেশক প্রতিনিধিত্ব কৰিব৷

উল্লেখ্য যে ২০১৯ত আঘাতৰ বাবে সাঁতোৰৰ পৰা দূৰত থকা মানা পেটেলে চলিত বর্ষৰ আৰম্ভণিতে প্রত্যাৱর্তন ঘটায়৷ এপ্রিলত অনুষ্ঠিত উজবেকিস্তান অ’পেন ছুইমিং চেম্পিয়নশ্বিপত তেওঁ ১০০ মিটাৰ বেক ষ্ট্রোকত সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ শেহতীয়াকৈ তেওঁ ছার্বিয়া আৰু ইটালীত বিভিন্ন ইভেণ্টত অংশ লৈ অলিম্পিকলৈ সাজু হৈছে৷

ইফালে, অলিম্পিকলৈ যোগ্যতা অর্জন কৰি উৎফুল্লিত হৈ পৰিছে মানা পেটেল৷ ‘এয়া এক বুজাব নোৱাৰা অনুভৱ৷ মই সতীর্থ সাঁতোৰবিদসকলৰ পৰা অলিম্পিকৰ বিষয়ে শুনিছোঁ৷ সৰুৰে পৰা টেলিভিছনত অলিম্পিকৰ খেল উপভোগ কৰিছোঁ আৰু বাতৰিকাকতত অলিম্পিকত পদক বিজয়ী খেলুৱৈসকলৰ ছবি দেখিছোঁ৷ এনে এক মঞ্চত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাটো মোৰ বাবে গৌৰৱৰ বিষয়৷’– মানা পেটেলে এইদৰে কয়৷ ইফালে, কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে উদীয়মান সাঁতোৰবিদগৰাকীক অভিনন্দন জনাইছে৷

You might also like