জাপানী লোকসকলৰ গড় আয়ুস পৃথিৱীৰ ভিতৰতে সর্বাধিক, প্রায় ৮৪.৫ শতাংশ৷ ইয়াৰ তুলনাত ভাৰতীয়সকলৰ গড় আয়ুস ৬৯.৪ শতাংশ৷ জাপানৰ ‘অকিনাৱা’ত Okinawa) ১০০ বছৰতকৈ বেছি দিন জীয়াই থকা লোকৰ সংখ্যা পৃথিৱীৰ ভিতৰতে সর্বাধিক৷ ইয়াত প্রতি এক লাখজনৰ বিপৰীতে ২৫–৩০জন লোক এশ বছৰৰ অধিককাল জীয়াই থকা লোক৷ এনেকুৱা হোৱাৰ কাৰণ কি?
ইয়াৰ উত্তৰ জানিবলৈ আমি জাপানীসকলৰ জীৱনশৈলী ভালদৰে জানিবলৈ চেষ্টা কৰিব লাগিব৷ তলত এটা উদাহৰণ দিলোঁ, জাপানীসকলে সধাৰণতে মাছ খাই বেছি ভাল পায়৷ সেয়ে তেওঁলোকৰ যিকোনো খাদ্যত মাছৰ পয়োভৰ সাধাৰণতে অলপ বেছি৷ মাছ আৰু বিশেষ চাউলৰ সৈতে ৰন্ধা জাপানীসকলৰ এবিধ অন্যতম প্রিয় খাদ্য হ’ল ‘ছুচি’৷ অৱশ্যে ‘ছুচি’ ৰন্ধাটো ইমান সহজ নহয়৷ এজন মানুহৰ এটা জীৱন লাগি যায় ‘ছুচি’ক অধিক সোৱাদযুক্ত কৰি ৰন্ধা শিকিবলৈ৷ জাপানৰ টকি’ চহৰত বাস কৰা জিৰ’ অন’ হ’ল তেনে এজন ব্যক্তি, যিজনে যোৱা ৮৮ বছৰ ধৰি কেৱল ছুচি ৰান্ধি আছে৷ জিৰ’ অন’ৰ নিজৰ ভাষাত তেওঁ ৮৮ বছৰ ধৰি ছুচি ৰান্ধি আছে যদিও এতিয়ালৈকে ছুচিৰ সর্বশ্রেষ্ঠ ৰান্ধনী হ’ব পৰা নাই৷
আপুনি চাগে ভাবিছে মই কি কথা লিখিছোঁ নহয়নে.. ৮৮ বছৰ ধৰি এতিয়াও এজন মানুহে জাপানত ছুচি ৰান্ধি আছে৷ এয়া জানো সম্ভৱ.. আপুনি বিশ্বাস নকৰিলেও এইটো সত্য যে যিখন ৰেষুটৰেণ্টত খাবলৈ অতিকমেও দুমাহ আগতে বন্দৱস্ত কৰিব লাগে, যিখন ৰেষুটৰেণ্টত সদায় মাত্র দহজন অতিথি শুশ্রূষা কৰিবলৈ ঠাই আছে, যিখন ৰেষুটৰেণ্টত আমেৰিকাৰ ৰাষ্ট্রপতি বাৰাক অ’বামাৰ দৰে ব্যক্তিয়ে ছুচি খাই ক’বলৈ বাধ্য হয় যে জীৱনত তেওঁ তেনেকুৱা ছুচি আগতে কেতিয়াও খাই পোৱা নাই, সেই ৰেষুটৰেণ্টখনৰ মালিকৰ বর্তমান বয়স ৯৫ আৰু তেওঁ ৭ বছৰ বয়সৰ পৰা ছুচি ৰান্ধিবলৈ শিকিছিল৷ অর্থাৎ যোৱা ৮৮ বছৰ ধৰি তেওঁ কেৱল ছুচি ৰান্ধি আছে৷
এইখিনি পঢ়ি আপোনাৰ মনত তলত উল্লেখ কৰাৰ দৰে স্বাভাৱিক কেইটামান প্রশ্ণ আহিছে সম্ভৱত– ইমান বয়সলৈকে তেওঁ ছুচি ৰন্ধাৰ প্রয়োজন হ’ল কিয়?
তেওঁ আর্থিকভাবে দুর্বল নেকি…?
তেওঁৰ ঘৰত তেওঁক চোৱা–চিতা কৰিবলৈ কোনো নাই নেকি ?
উত্তৰকেইটা দিছোঁ– ছুচি ৰন্ধাটো জিৰ’ অন’ৰ জীৱনৰ আটাইতকৈ প্রিয় বিষয়৷ তেওঁ প্রতিদিনে ছুচি ৰান্ধি ভাল পায়৷ তেওঁৰ মতে, শ্রেষ্ঠতম ছুচি আঞ্জাখন ৰান্ধিবলৈ তেওঁৰ এতিয়াও বাকী আছে৷
আর্থিকভাৱে তেওঁ বর্তমান সময়ত যথেষ্ট সচ্ছল, কিয়নো তেওঁৰ ৰেষুটৰেণ্টখনত এদিনৰ খোৱাৰ বাবে সংৰক্ষণ কৰিবলৈ ভাৰতীয় মূল্যত প্রায় বিশ হাজাৰ টকা দিব লাগে৷ তেওঁৰ দুজন সুযোগ্য পুত্র আছে যদিও তেওঁ অৱসৰ নোলোৱাকৈ কাম কৰি ভাল পায়৷ তেওঁৰ বাবে ছুচি ৰন্ধাটো জীৱনৰ এটা উদ্দেশ্য আৰু তেওঁ সেই কামটো কৰিয়েই পৰম সুখ লাভ কৰে৷ সেয়ে তেওঁ কৈছে যে সপোনতো তেওঁ ছুচিৰ বিভিন্ন ব্যঞ্জন ৰন্ধা দেখা পায়৷
জিৰ’ অন’ক বহুতে পৰামর্শ দিয়ে যে তেওঁ ইমান জনপ্রিয় যে পৃথিৱীৰ প্রায়বোৰ বিখ্যাত ঠাইত ছুচি ৰেষুটৰেণ্ট খুলি বহুত টকা উপার্জন কৰিব পাৰে৷ জিৰ’ অন’ই অৱশ্যে সদায় এনেধৰণৰ পৰামর্শবোৰ হঁাহি উৰুৱাই দিয়ে৷ তেওঁৰ মতে, বেছি লাভৰ কথা চিন্তা কৰি তেওঁ সাগৰীয় মাছ বা অন্যান্য জীৱৰ অপকাৰ কৰিব নোখোজে৷ তেওঁৰ যিখিনি উপার্জন হয়, তাতেই সন্তুষ্ট৷ তাতকৈ অধিক উপার্জনৰ নামত তেওঁ সাগৰীয় জীৱকুলৰ জধে–মধে ধ্বংস পছন্দ নকৰে৷
জিৰ’ অন’ৰ ঠাইত আন কোনো এজন সাধাৰণ ব্যক্তি হোৱা হ’লে হয়তো তেওঁ গোটেই বিশ্বতে ৰেষুটৰেণ্ট খুলি ছুচি বিক্রী কৰিলেহেঁতেন আৰু যথেষ্ট টকা উপার্জন কৰিলেহেঁতেন৷ কিন্তু জিৰ’ অন’ তেনে এজন সাধাৰণ ব্যক্তি নহয়৷ সৰুৰে পৰা তেওঁ এটা বিশেষ আদর্শ লৈ ডাঙৰ হৈছে৷ সেই আদর্শৰ নাম হ’ল ইকিগাই৷ জাপানী শব্দ ‘ইকিগাই’ক থোৰতে ক’ব পাৰি ‘জীৱনৰ এক উদ্দেশ্য’ a reason for being)৷ জাপানীসকলে এই বিশেষ শব্দটোৰ জৰিয়তে জীৱনত এটা লক্ষ্য বা উদ্দেশ্যত উপস্থিত হোৱাটোক বুজায়৷ এনে এক লক্ষ্য বা উদ্দেশ্য, য’ত উপনীত হ’বলৈ এজন ব্যক্তিয়ে স্বতঃস্ফূর্ত আৰু সন্তুষ্টিৰ সৈতে কাম কৰি জীৱনটোত এক অনাবিল আনন্দ উপভোগ কৰাৰ লগতে জীয়াই থকাৰ সার্থকতা উপলব্ধি কৰিবলৈ সক্ষম হয়৷ থোৰতে ক’বলৈ হ’লে ‘ইকিগাই’ হৈছে সুখী জীৱনৰ এক আধাৰ আৰু ইয়াৰ কাৰণেই আমি কোনো এটা কাম কৰাৰ উৎসাহ বিচাৰি পাওঁ৷ উদাহৰণ স্বৰূপে, আমি যে ৰাতিপুৱা শোৱাৰ পৰা উঠো, এয়াও ‘ইকিগাই’৷ আমাৰ জীৱনত ‘ইকিগাই’ থকা বাবেই আমি প্রত্যেকে নির্দিষ্ট কোনো এটা কাম কৰি সার্থকতা লাভ কৰোঁ৷ আৰু সেই কামটোৰ মাজত বিচাৰি পোৱা আনন্দখিনিয়ে আমাৰ জীৱনটোক আত্মসন্তুষ্টিৰে ওপচায় পেলায়৷
সেই বাবেই জিৰ’ অন’ৰ দৰে সুখী আৰু সন্তুষ্টিৰে ভৰা দীর্ঘজীৱনৰ অধিকাৰী হ’বলৈ হ’লে আমি আমাৰ জীৱনৰ ‘ইকিগাই’ বিচাৰি উলিয়াব পাৰিব লাগিব৷ কিন্তু কেনেকৈনো আমি সেই বহু আকাংক্ষিত সুখৰ উৎসটো বিচাৰি পাম? সেইটো এটা হাজাৰটকীয়া প্রশ্ণ
মই জিৰ’ অন’ আৰু ইকিগাইৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ হেক্টৰ গার্চিয়া আৰু ফ্রান্সেচক্ মিৰালেছৰ দ্বাৰা লিখা বিখ্যাত গ্রন্থ ‘ইকিগাই Ikigai The Japanese Secret to a Long and Happy Life)’ পৰা৷ লেখকদ্বয়ৰ মতে, মানুহৰ ‘ইকিগাই’ বা ‘সফল জীৱনৰ উদ্দেশ্য’ বিচাৰি উলিয়াবলৈ কোনো যাদুকৰী জ্ঞানৰ প্রয়োজন নাই৷ প্রত্যেকৰে জীৱনত ই থাকেই, কিন্তু কেতিয়াবা আমি অনুভৱ নকৰাকৈ ই সুপ্তভাৱে থাকে৷ অতি সাৱধানতা আৰু ধৈর্যসহকাৰে আমি আমাৰ নিজৰ ‘ইকিগাই’ বা ‘জীৱনৰ উদ্দেশ্য’ বিচাৰি উলিয়াব লাগিব৷ তাকে কৰিবলৈ হ’লে আমি প্রথমে বিচাৰি উলিয়াব লাগিব, আমি আচলতে কি কৰি মানসিক সন্তুষ্টি লাভ কৰোঁ বা কিহৰ প্রতি আমি প্রকৃততে বেছি অনুৰক্ত৷ আমি বিচাৰি উলিয়াব লাগিব ‘কি কৰিলে’ বা ‘কি মাধ্যম’ৰ জৰিয়তে সেই ভালপোৱাখিনি আমি লাভ কৰিব পাৰোঁ৷
জিৰ’ অন’ৰ জীৱনৰ একমাত্র ইকিগাই বা উদ্দেশ্য হ’ল এজন সফল ছুচি ৰান্ধনী হোৱা৷ তেওঁৰ জীৱনৰ প্রতিটো দিন, প্রতিটো ৰাতি কেৱল এটা চিন্তাৰ মাজেদি পাৰ কৰে৷ সেয়া হ’ল আজিৰ দিনটোতকৈ কাইলৈ আৰু ভালকৈ ছুচি ৰন্ধা৷ ইয়াৰ বাদে আন কোনো চিন্তা কৰিবলৈ তেওঁৰ সময় নাই৷ তেওঁ কেতিয়াও এইটো চিন্তা নকৰে যে ভাল ছুচি ব্যঞ্জন ৰন্ধা বাবে তেওঁ বিখ্যাত হ’ব, যথেষ্ট টকা– পইচা উপার্জন হ’ব৷ জিৰ’ অন’ৰ বাবে ধন, টকা–পইচা কেৱল জীৱন জীয়াবলৈ প্রয়োজন হোৱা এটা আহিলা মাত্র৷ সেয়ে তেওঁ কেতিয়াও তেওঁৰ ৰেষুটৰেণ্টখনত গ্রাহক বঢ়াবলৈ চেষ্টা কৰা নাই৷ আন ক’তো তাৰ শাখা খুলিবলৈ চেষ্টা কৰা নাই৷ কিন্তু ইয়াৰ বিপৰীতে তেওঁ নভবাকৈয়ে সমগ্র পৃথিৱীত তেওঁ বিখ্যাত হৈ পৰিছে৷ তেওঁ ৰন্ধা ছুচি খাবলৈ সকলো উদ্বাউল হৈ পৰিছে৷ ইয়াতকৈ সফলতা জানো আৰু কিবা তেওঁক লাগিছে৷ সফলতাই তেওঁৰ দুৱাৰত টোকৰ মাৰিছে যদিও তেওঁৰ সেইবোৰৰ প্রতি কোনো ভ্রূক্ষেপ নাই৷ তেওঁ কেৱল ব্যস্ত জীৱনৰ সর্বশ্রেষ্ঠ ছুচি খাদ্যৰ অম্বেষণত৷ এনে কৰি থাকোঁতে তেওঁৰ জীৱনৰ ৯৫টা বছৰ কেতিয়া পাৰ হৈ গৈছে হয়তো তেওঁ গমেই নাপায়৷ তেওঁ নিজৰ জীৱন আৰু কামক লৈ ইমানেই ব্যস্ত যে আন কোনো নঞর্থক কথা চিন্তা কৰিবলৈ তেওঁৰ সময়েই নাই ফলত তেওঁ এটা সুস্থ, সফল আৰু দীর্ঘজীৱন লাভ কৰিবলৈ সক্ষম হৈছে৷
জিৰ’ অন’ৰ দুই পুত্রও পিতৃৰ আদর্শৰে অনুপ্রাণিত হৈ জীৱনৰ বাটত আগুৱাই গৈছে৷ সেইবাবে পিতৃৰ দৰেই তেওঁলোক দুয়োজনেই সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰি সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে৷ বর্তমান সময়ত জিৰ’ অন’ৰ বৰ পুত্রৰ বয়স প্রায় ষাঠিৰ ওচৰত যদিও প্রতিদিনে পুৱা ৫ বজাত উঠি ৰেষুটৰেণ্টৰ বাবে প্রয়োজনীয় মাছ বিচাৰি বজাৰলৈ যায়৷
অৱশ্যে জাপানীসকলে সুখী আৰু দীর্ঘজীৱনৰ বাবে জীৱনত আন বহুতো কথা মানি চলে৷ যাৰ বাবে এটা সুস্থ আৰু দীর্ঘজীৱন যাপন কৰিবলৈ তেওঁলোক সক্ষম হয়৷ ইয়াৰ আন এটা কাৰক হৈছে যে তেওঁলোকে শৰীৰৰ বাবে প্রয়োজনীয় আহাৰৰ ৮০ শতাংশ খাদ্যগ্রহণ কৰে৷ অর্থাৎ তেওঁলোকে কেতিয়াও সম্পূর্ণ ভোজন নকৰে৷ যাৰ বাবে তেওঁলোকৰ শৰীৰত অত্যধিক চর্বি জমা নহয়৷ ইয়াৰ ফলস্বৰূপে জাপানী লোকসকলৰ শৰীৰত আন আন মানুহৰ দৰে কিছুমান ৰোগে দেখা নিদিয়ে৷ ফলত তেওঁলোকে দীর্ঘদিন ধৰি এটা নিৰোগী শৰীৰৰ অধিকাৰী হ’বলৈ সক্ষম হয়৷ ইয়াৰ বাবেই তেওঁলোকে এটা দীর্ঘজীৱন লাভ কৰে৷
জাপানীসকলৰ দীর্ঘজীৱনৰ আন এটা ৰহস্য হৈছে যে তেওঁলোকে অপ্রয়োজনীয় মানসিক চাপ নলয়৷ আমি সকলোৱে জানো যে অত্যধিক চাপে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে৷ সেয়ে আমি যিমানদূৰ সম্ভৱ অত্যধিক মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব লাগে৷
মই যোৱা বছৰৰ ছেপ্ঢেম্বৰ মাহত এটা প্রবন্ধ লিখিছিলোঁ, য’ত উল্লেখ কৰিছিলোঁ যে মেলকম গ্লেডৱেলৰ গ্রন্থ ‘দ্য আউটলাইর্ছ’ত তেওঁ উল্লেখ কৰিছে যে কেনেদৰে আমেৰিকাৰ ৰ’ছেট’ নামৰ গাঁৱৰ মানুহবোৰ আমেৰিকাৰ আন আন ঠাইৰ লোকতকৈ দীর্ঘায়ু হয়৷ তেওঁ গ্রন্থখনত উল্লেখ কৰিছে যে ইয়াৰ একমাত্র কাৰণ হ’ল, সুখ আৰু দুখত সেই গাঁৱৰ সকলো লোকে ইজনে সিজনৰ লগত কথা পাতি নিজৰ অন্তৰত থকা দুখৰ বোজাবোৰ পাতল কৰে৷ ইজনে সিজনৰ পৰিয়ালৰ বাবে খাদ্য ৰান্ধে৷ যিকোনো ভাল কিবা এটা ৰান্ধিলে ইঘৰে সিঘৰৰ লগত ভগাই খায়৷ এখন ঘৰত তিনি–চাৰিটা যৌথ পৰিয়াল যথেষ্ট সুখত বসবাস কৰে৷ বয়সস্থসকলক সকলোৱে মৰম আৰু শ্রদ্ধা কৰে৷ সকলোৱে একেলগে গির্জাত যায়৷ মাত্র দুহাজাৰ মানুহ বসবাস কৰা গাঁওখনত ২২টা উন্নয়নমূলক সামাজিক সংস্থা আছে, যি বিভিন্ন সামাজিক উন্নয়নৰ কাম কৰে৷ ৰ’ছেটিয়ান গাঁও নিৱাসীয়ে ধনী হোৱাতকৈ সুখী হোৱাটোক অধিক গুৰুত্ব আৰোপ কৰে৷ যাৰ ফলস্বৰূপে তেওঁলোকৰ অন্তৰত সদায় শান্তি বিৰাজ কৰে৷ ইয়াৰ বাবে হয়তো তেওঁলোকৰ শৰীৰত অনাহূত কোনোধৰণৰ ব্যাধি নথকাৰ বাবে এটা দীর্ঘজীৱন লাভ কৰে৷
মেলকম গ্লেডৱেলে ‘দ্য আউটলাইর্ছ’ত উল্লেখ কৰাৰ দৰেই জাপানী লোকসকলেও তেওঁলোকৰ চিনাকি মানুহখিনিৰ সৈতে অতি আত্মীয়তাৰে তেওঁলোকৰ অন্তৰৰ কথাৰ আদান–প্রদান কৰে৷ জাপানীসকলৰ মাজত প্রচলিত আনটো সুন্দৰ সমাজ ব্যৱস্থা, যাক জাপানীসকলে Moai’ বুলি কয়, সেইটোও এটা মন কৰিবলগীয়া বিষয়৷ Moai’ৰ অর্থ হৈছে ঘনিষ্ঠ বন্ধু–বান্ধৱীৰ দ্বাৰা আবৃত হৈ থকা সমূহীয়া স্বার্থৰ সুৰক্ষিত কৰা এটা গোট৷ এই গোট প্রয়োজন অনুসৰি কাৰোবাক সামাজিক, আর্থিক, স্বাস্থ্যজনিত বা আধ্যাত্মিক ক্ষেত্রত সহায় কৰিবৰ বাবে গঠন কৰা হয়৷
লেখাটো লিখি থাকোঁতে ক্রমাৎ হেৰাই যাবলৈ ধৰা আমাৰ এখন গ্রাম্য ছবি মোৰ মনলৈ আহিছে৷ সৰু থাকোঁতে আমি দেখা পাইছিলোঁ যে আমাৰ গাঁওবোৰৰ পৰিৱেশ ঠিক ৰ’ছেট’ত উল্লেখ কৰা নতুবা জাপানীসকলৰ Moai’ৰ দৰেই আছিল৷ ইজনে সিজনৰ খবৰ লৈছিল৷ এখন ঘৰত ৰন্ধা ভাল খাদ্য আন এখন ঘৰত দিছিল৷ যৌথ পৰিয়াল আছিল৷ ৰাজহুৱা কামবোৰত সকলোৱে হাত উজান দিছিল৷ নামঘৰসমূহত সমূহীয়া নাম–প্রসংগ আদি নিয়মীয়াকৈ হৈছিল৷ সকলোৱে গাঁৱৰ বয়জ্যেষ্ঠসকলক শ্রদ্ধাৰ চকুৰে চোৱাৰ উপৰি তেওঁলোকৰ দিহা– পৰামর্শসমূহ মানি চলিছিল৷ সম্ভৱতঃ সেই কাৰণেই আগতে গাঁৱৰ মানুহবোৰৰ ৰোগ–ব্যাধি কম হৈছিল আৰু সুখী জীৱন এটা যাপন কৰি সাধাৰণভাৱে বৃদ্ধ হৈ মৃত্যুবৰণ কৰিছিল৷
সুস্থ, সফল আৰু দীর্ঘজীৱনৰ যদি ৰহস্য আমি জানিবলৈ ইচ্ছা কৰোঁ, তেন্তে মোৰ মতে সেয়া হ’ল, আমি প্রথমতে নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিয়াব লাগিব৷ আমি যি কর্ম কৰি আত্মসন্তুষ্টি লাভ কৰোঁ, তেনে কর্ম কৰিব লাগিব৷ আমি অপ্রয়োজনীয় কথাত নিজৰ মূল্যৱান সময় অপচয় কৰিব নালাগিব৷ প্রয়োজনতকৈ অধিক আহাৰ পৰিহাৰ কৰিব লাগিব৷ শৰীৰৰ বাবে প্রয়োজনীয় দুটামান কচৰৎ কৰিবলৈ শিকিব লাগিব৷ সুখ আৰু দুখবোৰ ওচৰ–চুবুৰীয়া বা প্রিয়জনৰ লগত ভগাবলৈ চেষ্টা কৰিব লাগিব৷ হয়তো তেতিয়া আমিও জাপানীসকল বা ৰ’ছেট’বাসীৰ দৰেই সুস্থ, সফল আৰু এটা দীর্ঘজীৱন লাভ কৰিবলৈ সক্ষম হ’ম৷