নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১.২৫ লক্ষাধিকৰ সুৰা–টেবলেট জব্দ

নিষিদ্ধ সামগ্রীৰ বিৰুদ্ধে আৰ পি এফৰ অভিযান

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ দেশৰ আন ৰে’লৱে মণ্ডলৰ লগতে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰ পি এফ) যাত্রীবাহী ৰে’লত কোনো লোকে যাতে বিদেশী সুৰা , নিষিদ্ধ ড্রাগ্ছ, ভাং আদি সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে অবিৰত অভিযান চলাই আহিছে৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে আৰ পি এফে ১৩ৰ পৰা ১৬ জুলাইৰ ভিতৰত চাৰি দিনত ইয়াৰ পৰিসেৱাত চলোৱা অভিযানত বিভিন্ন ৰে’লত মুঠ ৫জন লোকক ১.২৫ লক্ষাধিক টকাৰ নিষিদ্ধ সামগ্রীসহ আটক কৰে৷ ইয়াৰ ভিতৰত বিদেশী সুৰা, নিচাযুক্ত টেবলেট আৰু ভাং আছে৷ তেনেদৰে আটক কৰা লোককেইজনৰ ভিতৰত ১৩ জুলাইত তিনিচুকীয়া –ৰঙিয়া বিশেষ ৰে’লখনত আমগুৰি আৰু মৰিয়নি ষ্টেচনৰ মাজত তিনিজন, ১৫ জুলাইত নতুন দিল্লীৰ পৰা ডিব্রুগড অভিমুখী ৰাজধানী এক্সপ্রেছৰ শিমলুগুৰি জংচনত ২জন লোকক আটক কৰা হয়৷ আনহাতে আটকাধীন লোকসকলৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰজু কৰি পিছত তেওঁলোকক চৰকাৰী ৰে’লৱে বাহিনীৰ (জি আৰ পি) হাতত গতাই দিয়া হয়৷

You might also like