এনএলএফবিৰ আত্মসমর্পণ
ওদালগুৰি জিলাৰ লালপানী আৰক্ষী চকীত নৱগঠিত উগ্রপন্থী সংগঠন এনএলএফবিৰ ২৩জনীয়া দল এটাই ২২ জুলাইত আনুষ্ঠানিকভাৱে আত্মসমর্পণ কৰে৷ আত্মসমর্পণকাৰী দলটোত নৱগঠিত উগ্রপন্থী সংগঠনটোৰ মুৰব্বীদ্বয় এম বাথা আৰু বকোও আছে৷ দুয়োগৰাকী স্বয়ম্ভু নেতাৰ আত্মসমর্পণে এন এল এফ বিৰ তথাকথিত সশস্ত্র তৎপৰতাৰো সমাপ্তি ঘটালে বুলি আশা কৰিব পাৰি৷ ইয়াৰ পিছত হয়তো সংগঠনটোৰ কোনো নেতা–কর্মী সমাজৰ পৰা বিচ্ছিন্ন হৈ অৰণ্য বা মানৱ সমাজৰ পৰা নিলগত নাথাকিব৷ পর্যায়ক্রমে সকলোৱে আত্মসমর্পণ কৰি হিংসাৰ পথ পৰিত্যাগ কৰিব৷ নৱগঠিত সংগঠনটোৰ আত্মসমর্পণকাৰী দলটোক আদৰণি জনাই বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে এন এল এফ বিৰ সকলো সদস্যই পর্যায়ক্রমে আত্মসমর্পণ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷ তেওঁ বি টি আৰত এশ শতাংশই শান্তি কামনা কৰে বুলি প্রকাশ কৰে৷ এন এল এফ বিৰ আত্মসমর্পণে বিটিচিপ্রধান প্রমোদ বডোৰ এই আশা পূৰণ কৰাৰ সম্পূর্ণ সম্ভাৱনা আছে৷ কিয়নো এন এল এফ বিৰ আত্মসমর্পণৰ পিছত বিটিচি অঞ্চলত সক্রিয় উগ্রপন্থী সংগঠনৰ কোনো তথ্য ৰাজ্য চৰকাৰৰ হাতত নাই৷ অর্থাৎ এন এল এফ বিৰ আত্মসমর্পণে বি টি আৰ অঞ্চলত হিংসামুক্ত পৰিৱেশত প্রগতিৰ বাট কাটিব৷ অঞ্চলটো বহু বছৰ ধৰি বিৰামহীন হিংসা–প্রতিহিংসাৰ জুইৰ মাজত দগ্ধ হৈ আছিল৷ পৰৱর্তী সময়ত এটা এটাকৈ সংগঠনে হিংসাৰ পথ পৰিহাৰ কৰি বর্তমানৰ বি টি আৰ অঞ্চলৰ প্রগতিৰ হকে আত্মনিয়োগ কৰিছে৷ এন এল এফ বিৰ আত্মসমর্পণকাৰী দলটোৱেও অনুৰূপ পথ অৱলম্বন কৰি বিটিচি তথা ৰাজ্যবাসীয়ে আশা কৰিছে৷
বি এছ এফ (পৰৱর্তীত এনডিএফবি), বি এল টি বা বি এম এফৰ দৰে কোনো ভিত্তি বা লক্ষ্য–উদ্দেশ্যৰ আধাৰত এন এল এফ বিৰ জন্ম হোৱা নাছিল৷ বি এম এফৰ গঠন হৈছিল এবছু–বি পি এ চিৰ নেতৃত্বত ডিভাইড আছাম ফিফটী–ফিফটী আন্দোলনৰ সময়ত৷ তাৰে পূর্বে বি এছ এফৰ গঠন হৈছিল৷ পৰৱর্তীত বি এল টি গঠন হয়৷ কেউটা সংগঠনৰ নির্দিষ্ট লক্ষ্য–উদ্দেশ্য আছিল৷ কিন্তু এন এল এফ বিৰ তেনে কোনো স্পষ্ট লক্ষ্য আৰু উদ্দেশ্য নাছিল৷ সংগঠনটোৱে কিহৰ বাবে পুনৰ উগ্রপন্থা হাতত লৈ অৰণ্যলৈ গুচি গ’ল অথবা তেওঁলোকে কি কৰিব, সেই বিষয়ে কোনো ধৰণৰ স্বচ্ছতা নাছিল৷ তদুপৰি বিটিচি অঞ্চলত নতুনকৈ উগ্রপন্থী সংগঠন এটা গঠন কৰিবলগীয়াকৈ কোনো ধৰণৰ পৰিৱেশো সৃষ্টি হোৱা নাছিল৷ হঠাতে এন ডি এফ বি শিবিৰৰ পৰা ফালৰি কাটি এম বাথাই কেইজনমান সতীর্থক লৈ সংগঠনটোৰ জন্ম দিয়ে৷ সংগঠনটো গঠনৰ আঁৰত এটা বিশেষ ৰাজনৈতিক দলৰ কোনো কোনো নেতাৰ উচটনিয়ে কাম কৰিছিল বুলিও চর্চা হৈছিল৷ সংগঠনটোৱে ছমহীয়া কার্যকালত বৰ বিশেষ তৎপৰতা দেখুৱাবলৈ সমর্থ হোৱা নাছিল৷ মূলতঃ ধন দাবী আৰু সদস্যভর্তিতে সংগঠনটোৰ কাম–কাজ সীমিত হৈ আছিল৷ আনকি নিজৰ বাবে শিবিৰ বা কোনো আশ্রয়স্থলৰো সুবিধা গঢ়ি তুলিব পৰা নাছিল৷ ভূটান সীমান্তৰ ঘন অৰণ্যত আশ্রয় লৈ কষ্টকৰ সময় পাৰ কৰিছিল৷ খাদ্য, সাংগঠনিক শক্তি, অর্থ আদি সকলোৰে অভাৱত ভুগিবলগীয়া হৈছিল সংগঠনটো৷ তদুপৰি বিগত কিছুদিন ধৰি আৰক্ষী–সেনাই সংগঠনটোৰ মুৰব্বীসকলক এনেদৰে জালত পেলাইছিল যে তাৰ পৰা ওলাই অহাৰ এটা পথেই বাকী আছিল৷ সেইটো হ’ল আত্মসমর্পণ৷ ইয়াৰ মাজতে ‘নিয়া’ই এম বাথাৰ মূৰৰ দাম দহ লাখ টকা নির্ধাৰণ কৰি দিয়ে৷ পৰিস্থিতিৰ তাগিদাত পৰিয়েই হওক বা আন্তৰিকতাৰেই হওক, এম বাথা আৰু এন এল এফ বিৰ আত্মসমর্পণ শান্তিকামী জনগণৰ বাবে সুখৰ খবৰ৷ শেহতীয়াকৈ আলফা (স্বাধীন)ৰ সৈতেও আলোচনাৰ সম্ভাৱনা দেখা গৈছে৷ কার্বি আংলং আৰু ডিমা হাছাও জিলাতো শান্তি প্রক্রিয়াই গতি লাভ কৰিছে৷ এইদৰে অসমৰ ভূমি হিংসা আৰু সন্ত্রাসৰ পৰা মুক্ত হৈ পৰিলে ইয়াৰ দ্বাৰা অঞ্চলটোৰ জনসাধাৰণ লাভান্বিত হ’ব৷