নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা টকিঅ’ অলিম্পিকঃ দর্শকশূন্য ষ্টেডিয়াম, নগণ্যসংখ্যক এথলীট–বিষয়ববীয়া উপস্থিতিত বিয়লি ব্যতিক্রমী উদ্বোধনী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ জাপানৰ ৰাজধানী টকিঅ’ত আজিৰ পৰা আৰম্ভ হ’ব বিশ্বক্রীড়াৰ সর্ববৃহৎ মহোৎসৱ অলিম্পিক৷ হাজাৰ হাজাৰ দর্শকৰ হর্ষোল্লাসৰ মাজত প্রতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানক এইবাৰ অস্বাভাৱিক ৰূপত দেখিবলৈ পোৱা যাব৷

ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই উদ্বোধনী অনুষ্ঠান দর্শকশূন্য ষ্টেডিয়াম আৰু নগণ্যসংখ্যক এথলীটৰ উপস্থিতিত অনুষ্ঠিত হ’ব৷ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ অব্যাহত থকাৰ মাজতে অনুষ্ঠিত হ’বলগীয়া মেগা ইভেণ্টখনৰ উদ্বোধনী অনুষ্ঠানত মাত্র এহাজাৰ ভি আই পি দর্শককহে উপস্থিত থকাৰ অনুমতি দিয়া হৈছে৷

টকিঅ’ৰ নেচনেল ষ্টেডিয়ামত আয়োজিত উদ্বোধনী অনুষ্ঠানত স্বাভাৱিক পৰিস্থিতিত প্রায় সত্তৰ হাজাৰ দর্শকে ভিৰ কৰিলেহেঁতেন যদিও মহামাৰীৰ সংক্রমণৰ বাবে স্থানীয় উদ্যোক্তা কমিটীয়ে টকিঅ’ অলিম্পিকত দেশী–বিদেশী দর্শকৰ উপস্থিতি নিষিদ্ধ কৰিছে৷

মার্কিন যুক্তৰাষ্ট্রৰ ফার্ষ্ট লেডী জিল বাইডেন আৰু ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনকে ধৰি প্রায় ১৫গৰাকী বিশ্ব নেতাৰ উপস্থিতিত জাপানৰ সম্রাট নাৰুহিটোৱে অলিম্পিক আনুষ্ঠানিকভাৱে মুকলি কৰিব৷

 ইফালে টকিঅ’ত শেহতীয়াকৈ বৃদ্ধি পোৱা ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি আয়োজক মণ্ডলীয়ে প্রতিখন দেশৰ প্রায় ১৫–২০গৰাকী খেলুৱৈকহে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ অনুমতি দিছে৷

ভাৰতৰ ২২গৰাকী এথলীট আৰু ৬গৰাকী বিষয়ববীয়াই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব৷ অসম কন্যা লাভলীনা বৰগোহাঁইকো ভাৰতীয় খেলুৱৈসকলৰ সৈতে উদ্বোধনী অনুষ্ঠানত দেখিবলৈ পোৱা যাব৷ উদ্বোধনী অনুষ্ঠানৰ মার্চপাষ্টত ভাৰতৰ ক্রমিক নং হ’ল ২১৷ উদ্বোধনী অনুষ্ঠানত জাপানৰ চহকী কলা–সংস্কৃতি আৰু ঐতিহ্য–পৰম্পৰা প্রতিফলিত হ’ব বুলি স্থানীয় উদ্যোক্তা কমিটীয়ে প্রকাশ কৰিছে৷

উল্লেখ্য যে অলিম্পিকৰ প্রাকমুহূর্তত বুধবাৰৰ দিনটোত জাপানৰ ৰাজধানী টকিঅ’ত ১,৮৩২গৰাকী ব্যক্তি ক’ভিড পজিটিভ হোৱাৰ পিছত স্থানীয় উদ্যোক্তা কমিটীয়ে খেলুৱৈ আৰু বিষয়ববীয়াসকলৰ সুৰক্ষাৰ বাবে বিশেষ সতর্কতামূলক ব্যৱস্থা হাতত লৈছে৷

You might also like