নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান কবলত মহাৰাষ্ট্রৰ পথত ঘূৰি ফুৰিছে ঘঁৰিয়াল

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ বানৰ কবলত পৰা মহাৰাষ্ট্রৰ ছাংলি জিলাৰ পথলৈ ঘঁৰিয়াল ওলাই অহা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে কৃষ্ণানদীৰ পানীয়ে বিভিন্ন অঞ্চল জলমগ্ণ কৰাৰ পিছত এনেদৰে ঘঁৰিয়াল আহি জনাঞ্চলত প্রৱেশ কৰিছে৷ মহাৰাষ্ট্রত মুষলধাৰ বৃষ্টিপাতে কঢ়িয়াই অনা বান তথা ভূমিস্খলনত এতিয়ালৈকে ১১২গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি ৯৯গৰাকী সন্ধানহীন হৈ আছে৷

উল্লেখনীয় যে বিভিন্ন চহৰ তথা উপকণ্ঠ অঞ্চলত পানী ১৫–২০ ফুট পর্যন্ত উচ্চতাৰে বৈছে৷ মহাৰাষ্ট্রৰ এই বানত চৰকাৰে বিভীষিকা আখ্যাও দিছে৷ দুর্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা অনুসৰি বিগত তিনি দিন ধৰি অতিবৃষ্টিয়ে ন ন অঞ্চল ডুবাই পেলাইছে৷ পৰিণতিত এনেদৰে নদীৰ পৰা ঘঁৰিয়াল তথা অন্যান্য সৰীসৃপবোৰে আহি মানুহৰ ঘৰত প্রৱেশ কৰিবলৈ লৈছে নাইবা পথত ঘূৰি ফুৰিছে৷ এই ঘটনাক লৈ এতিয়া বিভিন্ন স্থানত সৃষ্টি হৈছে আতংক৷

You might also like