নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকৰঃ মেডেলৰ আঁৰৰ কাহিনী

-পংকজ কুমাৰ নেওগ

বর্তমান জাপানত চলি থকা ২০২০ অলিম্পিকত পৃথিৱীৰ ২০৬খন দেশৰ ১০,৩০৫গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিছে৷ সকলোৰে এটাই আশা যাতে তেওঁলোকে নিজৰ দেশৰ হৈ মেডেল লাভ কৰিব পাৰে৷ খেলুৱৈসকলৰ বাবে এই আশা সাকাৰ হৈ উঠে, যেতিয়া তেওঁলোকে ষ্টেডিয়ামত থিয় হৈ নিজৰ কণ্ঠত সোণ, ৰূপ বা ব্রঞ্জৰ মেডেল ওলমাই লোৱাৰ যোগ্যতা অর্জন কৰে৷ এই সকলো বিজয়ীৰ সৈতে নেপথ্যত এনে কিছু লোক আছে যিসকল এই মেডেলবোৰক লৈ সমানে গর্বিত৷ এইসকল লোক ‘টকি’ মেডেল প্রজেক্ট’ৰ সৈতে জডিত বিষয়া আৰু কর্মচাৰীসকলৰ বাহিৰে আন কোনো নহয়৷
টকি’ মেডেল প্রজেক্টৰ অধীনত অলিম্পিকৰ বিজয়ীসকলক প্রদান কৰা সকলো মেডেলৰ আৱশ্যকীয় ধাতু আৰু ধাতৱ পদার্থ পুৰণি স্মার্টফোন আৰু লেপটপ কম্পিউটাৰসমূহৰ পুনঃচক্রণৰ Recycling) জৰিয়তে নিষ্কাশন কৰা হৈছে৷ জাপানৰ নাগৰিকসকলো এই মেডেল প্রজেক্টৰ জৰিয়তে অলিম্পকখনৰ অংশীদাৰ হোৱাৰ এক বিৰল কৃতিত্বৰে গর্বিত৷ টকি’ ২০২০ মেডেল প্রজেক্টে নাগৰিকসকলৰ পৰা পুৰণি আৰু কামত নহা ইলেক্ট্র’নিক সামগ্রীসমূহ বিচাৰি এক প্রচাৰ অভিযান চলায়৷ সকলোৰে পৰা লাভ কৰা সঁহাৰি আৰু সহযোগিতাৰ বাবে তেওঁলোক ৰাইজৰ ওচৰত কৃতজ্ঞ৷ গোটেই পৃথিৱীত বছৰি কোটি কোটি টকাৰ ইলেক্ট্র’নিক সামগ্রী আৱর্জনা হিচাপে বিসর্জন দিয়া হয় বা পুৰি পেলোৱা হয়৷ এই সামগ্রীসমূহৰ বিভিন্নাংশত সোণ, ৰূপ আৰু তামৰ দৰে বহুমূলীয়া ধাতু থাকে৷ এই ই–আৱর্জনাবোৰ ভালকৈ পুনঃচক্রণ কৰাৰ পাছত মূল্যৱান ধাতুসমূহ নিষ্কাশন কৰি অন্য কামত ব্যৱহাৰ কৰিব পাৰি৷ এই ধাৰণাকে মূলমন্ত্র হিচাপে লৈ টকি’ মেডেল কমিটীয়ে তেওঁলোকৰ প্রজেক্ট আৰম্ভ কৰে৷
২০২০ টকি’ অলিম্পিকৰ বাবে গোটেই জাপানত ই–আৱর্জনা সংগ্রহ আৰু পুনঃচক্রণৰ দুবছৰীয়া আঁচনি এখন চলে৷ অলিম্পিকৰ বাবে যাতে প্রায় ৫,০০০ ব্রঞ্জ, ৰূপ আৰু সোণৰ পদক নির্মাণ কৰিব পৰা যায় তালৈ লক্ষ্য কৰি যথেষ্ট ই–আৱর্জনা সংগ্রহ কৰা হৈছিল৷ এই ৫,০০০ পদকত ২৪ আগষ্টৰ পৰা ৫ ছেপ্ঢেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া পেৰালিম্পিকছৰ পদকবোৰো গণ্য কৰা হৈছে৷ জাপানৰ ৯০ শতাংশ নগৰ, চহৰ আৰু গাঁওবোৰে অলিম্পিক মেডেল কমিটীৰ আহ্বানলৈ সঁহাৰি জনাই ঠায়ে ঠায়ে ই–আৱর্জনা সংগ্রহৰ বাবে বুথ বা কেন্দ্র স্থাপন কৰে আৰু হাজাৰ হাজাৰ নাগৰিকে তেওঁলোকৰ পুৰণি ইলেক্ট্র’নিক সামগ্রীসমূহ স্বতঃস্ফূর্তভাৱে দান দিয়ে৷ প্রায় ৮০,০০০ টন ই–আৱর্জনাৰ পৰা ৭০ পাউণ্ড (৩২ কিলো) সোণ, ৭,৭০০ পাউণ্ড ৰূপ আৰু ৪,৮৫০ পাউণ্ড ব্রঞ্জ লাভ কৰা হৈছিল৷ ই–আৱর্জনাবোৰৰ ভিতৰত পুৰণা লেপটপ আৰু ম’বাইল ফোনেই আছিল প্রধান৷ এই প্রচাৰ অভিযানৰ সময়ত ব্যৱহাৰ হোৱা এশাৰী বাক্যই ‘Be better, together for the planet and thepeople.’ জাপানৰ ১,৩০০খন শিক্ষানুষ্ঠান আৰু ২,১০০খন খুচুৰা ইলেক্ট্র’নিক সামগ্রী বিক্রী কৰা দোকানক তেওঁলোকৰ অব্যৱহূত পুৰণি ই–সামগ্রীসমূহ দান দিবলৈ উদ্বুদ্ধ কৰে৷ ডাকঘৰ আৰু বাটৰ আশে–পাশে গোটেই দেশখনতে প্রায় ২,৪০০টা হালধীয়া ৰঙৰ বৰঙণি বাকচ নির্মাণ কৰি ৰাইজক পুৰণি ফোনবোৰ দান দিবলৈ অনুৰোধ কৰা হৈছিল৷
পুনঃচক্রণ পদ্ধতিৰে পুৰণি ই–সামগ্রীবোৰৰ পৰা সোণ, ৰূপ ইত্যাদি ধাতু নিষ্কাশন কার্য সহজ যেন লাগিলেও টকি’ মেডেল কমিটীৰ বাবে ই বৰ সহজ নাছিল৷ তেওঁলোকে এই কামৰ বাবে দেশৰ চৰকাৰৰ উপৰি অসংখ্য পৌৰসভা, কোম্পানী, স্কুল আৰু স্থানীয় জনসাধাৰণৰ সহায় ল’ব লগা হয়৷ প্রজেক্টৰ অগ্রণী ভূমিকা লোৱা কোম্পানীবোৰৰ ভিতৰত ‘ৰেনেট জাপান গ্রুপ’ৰ নাম উল্লেখযোগ্য৷ এই গ্রুপৰ সঞ্চালক টছি’ কামাকুৰাৰ মতে, তেওঁলোকে অলিম্পিক মেডেল প্রজেক্টটোৰ বাবে ই–আৱর্জনা ব্যস্থাপনাৰ এটা আন্দোলন গঢ়ি তুলিব লগা হয় আৰু এই আন্দোলনলৈ কোম্পানীৰ অংশীদাৰসকল, চৰকাৰ আৰু জনসাধাৰণে অকুণ্ঠচিত্তে সহায়–সহযোগিতা আগবঢ়ায়৷
২০১৭ চনৰ এপ্রিলত প্রজেক্ট আৰম্ভ কৰাৰ সময়ত সমিতিত মাত্র ৬০০খন পৌৰসভা আছিল আৰু ২০১৯ চনৰ মার্চত প্রজেক্ট শেষ হোৱাৰ সময়ত এই সংখ্যা বাঢ়ি ১,৬০০ৰো অধিক হয়৷ এক বৃহৎ জনসংযোগ প্রচাৰৰ মাধ্যমেৰে ৰাইজে পুৰণি ই–সামগ্রীবোৰ সহজে দান দিব পৰাকৈ সংগ্রহ কেন্দ্রবোৰ খোলা হয়৷ ই–আৱর্জনাবোৰৰ সংগ্রহ আছিল আঁচনিখনৰ প্রথম পদক্ষেপ৷ ই–আৱর্জনা চক্রকৰণৰ ঠিকা পোৱা কোম্পানীবোৰে গোটেই সামগ্রী চূর্ণীকৃত কৰি আৰু প্রয়োজনীয় ধাতুবোৰ নিষ্কাশন আৰু শোধনৰ পাছত জুনিছি কাৱানিছিৰ নক্সাৰ ঠাঁচত গোটেই ধাতুখিনিৰ সাঁচ দিয়া হয়৷ অলিম্পিক মেডেলৰ নক্সা বাছি উলিয়াবলৈ পেছাদাৰী ডিজাইনাৰ আৰু ডিজাইনিঙৰ ছাত্রসকলৰ মাজত এখন প্রতিযোগিতা অনুষ্ঠিত হৈছিল৷ এখন বিশেষ নির্বাচনী কমিটীয়ে চাৰিশতকৈও অধিক ডিজাইন বা নক্সাৰ ভিতৰত জাপানৰ ‘চাইন ডিজাইন এছ’চিয়েচন আৰু ওচাকা ডিজাইন ছ’চাইটী’ৰ সঞ্চালক জুনিছি কাৱানিছিৰ নক্সাখন গ্রহণ কৰে৷ তেওঁৰ অলিম্পিক মেডেলৰ নক্সাই খেলুৱৈসকলৰ প্রচেষ্টা আৰু তেওঁলোকৰ গৰিমাৰ সৈতে বৈচিত্র্য আৰু বিশ্বমৈত্রীক শ্রদ্ধা জ্ঞাপন কৰিছে৷
জাপানেই হ’ল বিশ্ব অলিম্পিকত আটাইবোৰ মেডেল ইলেক্ট্র’নিক বা ই–আৱর্জনাৰ পুনঃচক্রণৰ দ্বাৰা প্রস্তুত কৰা প্রথমখন দেশ৷ অৱশ্যে ই–সামগ্রীৰ পুনঃচক্রণৰ দ্বাৰা মেডেল তৈয়াৰ কৰা ধাৰণাটো নতুন নহয়৷ ২০১৬ চনৰ ৰি’ অলিম্পিক খেলত সোণ আৰু ৰূপৰ মেডেল নির্মাণৰ বাবে আৱশ্যক হোৱা ষ্টাৰলিং ৰূপৰ ৩০ শতাংশ গাডীৰ পার্টছ আৰু আইনাৰ পুনঃচক্রণৰ জৰিয়তে লাভ কৰা সামগ্রীৰে প্রস্তুত কৰা হৈছিল৷ ২০২৪ চনত পেৰিছত হ’বলগীয়া অলিম্পিক খেলখনৰ ‘থিম্’ বা মুখ্য বিষয়বস্তু হ’ল– ‘সামাজিক পৰিৱর্তন আৰু পৰিৱেশৰ শ্রীবৃদ্ধি’৷ আশা কৰা যায় যে ‘২০২০ টকি’ মেডেল প্রজেক্ট’ পেৰিছ অলিম্পিকৰ বাবেও অনুকৰণীয় হৈ ৰ’ব৷
‘ইউনাইটেড নেচনছ’ বা ৰাষ্ট্রসংঘৰ মতে, ২০১৯ চনত গোটেই পৃথিৱীতে এক অভিলেখ পৰিমাণৰ ই–আৱর্জনাৰ সৃষ্টি হয়৷ এই আৱর্জনাৰ পৰিমাণ হ’ল ৫৩.৬ নিযুত টন বা ৩৫০খন ‘কুইন মেৰী–২’ জাহাজৰ সমতুল্য৷ যোৱা ৫ বছৰত নাতিদীর্ঘ জীৱনচক্রৰ ইলেক্ট্র’নিক গেজেট বা সামগ্রীবোৰৰ চাহিদা যিভাৱে বাঢ়িব ধৰিছে তাৰ প্রায় এক পঞ্চমাংশ বা তাতকৈ বেছি পৰিমাণে ই–আৱর্জনাৰ পৰিমাণ সমানুপাতে বাঢ়িব ধৰিছে৷ এই আৱর্জনাৰ এক পঞ্চমাংশৰো কম অংশ সঠিকভাৱে সংগ্রহ কৰি পুনঃচক্রণৰ বাবে ব্যৱহাৰ কৰা হয়৷ ই–আৱর্জনাৰ সঠিক পুনঃচক্রণ আৰু বিসর্জনৰ সজাগতাৰ অভাৱে পৰিৱেশ তথা পাৰিপার্শ্বিকতালৈ আৰু মানুহৰ জীৱনলৈকো ভাবুকি নমাই আনিছে৷

You might also like