নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাকৰ পৰা ধন সংগ্রহঃ গড়চুক থানাৰ কনিষ্টবলসহ ৩ গৃহৰক্ষীক নিলম্বন

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ  ৰাষ্ট্রীয় ঘাইপথত চলাচল কৰা ট্রাকৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগত পশ্চিম আৰক্ষী জিলাৰ গড়চুক থানাত কর্মৰত কনিষ্টবল দুলাল কুমাৰ, গৃহৰক্ষীৰ জোৱান ক্রমে নাছিৰ আলী, ৰঞ্জিত হাজৰিকা আৰু জালুকবাৰী থানাৰ গৃহৰক্ষীৰ জোৱান নৱ কুমাৰ কলিতাক নিলম্বন কৰে৷

উল্লেখ্য যে কনিষ্টবল দুলাল কুমাৰে গৃহৰক্ষীৰ জোৱানকেইজনৰ সহযোগত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত যান–বাহন আইন উলংঘাৰে সামগ্রী কঢ়িয়াই অনা ট্রাকৰ পৰা নিয়মীয়াকৈ ধন সংগ্রহ কৰি আহিছে৷

আৰক্ষী সূত্রই জনোৱা মতে যোৱা ১৪ আৰু ২৯ জুলাইত জোৱানকেইজনে ট্রাকৰ পৰা ধন সংগ্রহ কৰাৰ এক ভিডিঅ’ ফুটেজৰ ভিত্তিত তেওঁলোকক নিলম্বন কৰা হৈছে৷

You might also like