আজি স্বগৃহত উপস্থিত হ’ব লাভলীনা
নিয়মীয়া বাৰ্তা, ১৭আগষ্ট: টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে দেশবাসীক গর্বিত কৰা অসমকন্যা লাভলীনা বৰগোহাঁই আজি বৰপথাৰস্থিত নিজ গৃহত উপস্থিত হ’ব৷
নতুন দিল্লীৰ পৰা ডিমাপুৰ বিমানবন্দৰত দিনৰ ২ বাজি ১০ মিনিটত উদীয়মান বক্সাৰগৰাকীয়ে অৱতৰণ কৰিব৷ বিমানবন্দৰৰ পৰা অলিম্পিক পদক বিজয়ী খেলুৱৈগৰাকীক গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু ধনশিৰি জিলা ক্রীড়া সন্থাই আদৰি আনিব৷
ডিমাপুৰৰ পৰা বোকাজান দেওপানী হৈ তেওঁলোক সৰুপথাৰত প্রৱেশ কৰিব৷ ধনশিৰি নদীৰ দলঙৰ পৰা এক বিশাল ৰেলীৰে খেলুৱৈগৰাকীক বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ আদৰি অনা হ’ব৷ ইয়াত অনুষ্ঠিত হ’বলগীয়া সম্বর্ধনা অনুষ্ঠানত অর্ধশতাধিক দল–সংগঠনে অসম গৌৰৱ খেলুৱৈগৰাকীক উষ্ম আদৰণি জনাব৷
আদৰণী অনুষ্ঠানত মন্ত্রী বিমল বৰা, অজন্তা নেওগ, অতুল বৰা আৰু যোগেন মহন উপস্থিত থাকিব৷
ইফালে, লাভলীনাক আদৰিবলৈ সমগ্র বৰপথাৰ উখল–মাখল হৈ পৰিছে৷ লাভলীনাক আদৰিবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰিছে মাতৃ মামণি বৰগোহাঁই আৰু দুই যমজ ভগ্নীয়ে৷ পিতৃ টিকেন বৰগোহাঁই বক্সাৰগৰাকীৰ লগতে আছে৷ লাভলীনাক আদৰিবলৈ গোলাঘাট জিলা প্রশাসনেও ব্যাপক প্রস্তুতি চলাইছে৷ বক্সাৰগৰাকীৰ ঘৰৰ চোতালত প্রশাসনে বিশাল পেণ্ডেল নির্মাণ কৰিছে৷