নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত পুনৰ তালিবান

 আশংকা কৰা ধৰণে আফগানিস্তানলৈ আকৌ ঘূৰি আহিল অন্ধকাৰ যুগ৷ বিগত দুই দশক ধৰি যুদ্ধ–সংঘর্ষত বধ্যভূমিত পৰিণত হোৱা দেশখনত শেহতীয়াকৈ তালিবানৰ উত্থানে সকলোকে শংকিত কৰিছিল৷ এই শংকা আছিল যে তালিবানে পুনৰ আফগানিস্তানৰ ক্ষমতা দখল কৰিব৷ আমেৰিকা আৰু নাটো বাহিনীয়ে বিধ্বস্ত দেশখনৰ পৰা সেনা প্রত্যাহাৰৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে তালিবানে পুনৰ মূৰ দাঙি উঠে দেশখনত৷ পূর্বৰে পৰা গ্রামাঞ্চলত কট্টৰ ইছলামপন্থী সংগঠনটোৰ আছিল সঠিক সাংগঠনিক ভেটি৷ কিন্তু আমেৰিকা তথা আফগান চৰকাৰে তালিবানৰ এই শক্তিক অৱজ্ঞা কৰি আহিছিল৷ শেহতীয়াকৈ বিনাযুদ্ধে কাবুল এৰি আফগান বাহিনীয়ে পলায়ন কৰাৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে যে আমেৰিকাৰ উপস্থিতিৰ মাজতেই তালিবানে আফগানিস্তানত সাংগঠনিক ভেটি শক্তিশালী কৰিছিল৷ এজন তালিবান যোদ্ধা নিহত হ’লেই দহজন আফগান যুৱকে নতুনকৈ তালিবানত যোগদান কৰিছে৷ কিন্তু এই তথ্যবোৰ গাপ দি আছিল আমেৰিকাৰ পুতলা চৰকাৰ আশ্রফ ঘানি প্রশাসনে৷ আগন্তুক ১১ ছেপ্ঢেম্বৰৰ পূর্বে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে আফগানিস্তানৰ পৰা সকলো সেনাক ওভতাই নিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ পাছতে তালিবানে দেশখনৰ উত্তৰ প্রান্তৰ বিভিন্ন প্রদেশ দখল কৰিবলৈ ধৰে৷ উত্তৰ প্রান্তৰ পৰা দক্ষিণলৈ অগ্রগতি লোৱা তালিবানে ৰাজধানী কাবুল দখল কৰাটো নিশ্চিত হৈ পৰিছিল৷ কিন্তু ইমান সোনকালে তালিবানৰ শক্তিৰ ওচৰত আমেৰিকাকে ধৰি বহু বিদেশী শক্তিৰ সহায়–সহযোগিতা লাভ কৰা আফগান বাহিনীয়ে আত্মসমর্পণ কৰিব বুলি কোনেও ভাবিব পৰা নাছিল৷ অৱশ্যে পেণ্টাগনে এটা কথা ঘোষণা কৰি থৈছিল যে আগন্তুক তিনি মাহৰ ভিতৰত আফগানিস্তানত ঘানি চৰকাৰৰ পতন নিশ্চিত৷ অর্থাৎ তালিবান পুনৰ যে আফগানিস্তানৰ ক্ষমতালৈ আহিব, তাৰ পূর্বানুমান আমেৰিকাই ইতিমধ্যে কৰিছিল৷
তালিবানে ৰাষ্ট্রপতি প্রাসাদ দখল কৰা, পদত্যাগী ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে তাজিকিস্তানৰ পৰা ওমানলৈ পলায়ন কৰা আৰু কাবুলৰ আন্তর্জাতিক বিমানবন্দৰত হাজাৰ হাজাৰ বিদেশী নাগৰিকে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰি থকা ঘটনা আজি আন্তর্জাতিক সংবাদ মাধ্যমত বিশেষভাৱে স্থান লাভ কৰিছে৷ বিভিন্ন দেশে আফগানিস্তানৰ বহু প্রকল্পৰ সৈতে জড়িত নিজৰ নাগৰিকসকলক তাৎক্ষণিকভাৱে ওভতাই নিবলৈ বিশেষ বিমান প্রেৰণ কৰিছে যদিও কাবুল আন্তর্জাতিক বিমানবন্দৰৰ সেৱা বন্ধ কৰি থোৱা হৈছে৷ নিজৰ দেশৰ নাগৰিকক নিৰাপদে ওভতাই নিবলৈ ৬ হাজাৰ আমেৰিকান সৈনিকে কাবুল আন্তর্জাতিক বিমানবন্দৰত অৱস্থান গ্রহণ কৰা ঘটনাটোও বিভিন্ন কাৰণত তাৎপর্যপূর্ণ হিচাপে চিহ্ণিত হৈছে৷ আফগানিস্তানক বধ্যভূমিত পৰিণত কৰা আমেৰিকাৰ যেন আজি তালিবানৰ পুনৰ ক্ষমতা দখলৰ সময়ত কৰিবলগীয়া একো নাই৷ অথচ ২০০১ চনত আমেৰিকাৰ সন্ত্রাসবাদী আক্রমণত জড়িত আল–কায়দাৰ সদস্যসকলক আশ্রয় দিয়াৰ অভিযোগ তুলি আফগানিস্তানৰ বিৰুদ্ধে হোৱাইট হাউছ প্রশাসনে আৰম্ভ কৰিছিল সন্ত্রাসবাদীবিৰোধী আন্তর্জাতিক যুদ্ধ৷ তালিবান হৈ পৰিছিল আমেৰিকাৰ বাবে অতি ভয়ংকৰ শত্রু৷ মানৱ সভ্যতাৰ শত্রু তালিবানক কুখ্যাত সন্ত্রাসবাদী আখ্যা দি আফগানিস্তানৰ শাসনৰ পৰা আমেৰিকাই উৎখাত কৰিলে ঠিকেই৷ পৰৱর্তী সময়ত এই আফগানিস্তানেই হাজাৰ হাজাৰ কোটি ডলাৰ খৰচ কৰিও তালিবানক নির্মূল কৰিবলৈ সক্ষম নহ’ল হোৱাইট হাউছ প্রশাসন৷ এক পৰাজয়ৰ গ্লানি যেন লগত লৈ যাবলগীয়া হৈছে দেশখনৰ ইতিহাসৰ দীর্ঘতম যুদ্ধত৷ ভিয়েটনামৰ শিক্ষা নোলোৱা আমেৰিকাৰ বাবেই আজি আফগানিস্তানত তালিবান পুনৰ শক্তি হিচাপে মূৰ দাঙি উঠিছে৷ মূল কথাটো হৈছে পুনৰ আফগানিস্তানত পাশৱিকতা আৰু চয়তানি শাসনৰ বলি হ’ব লাগিব নেকি নিৰীহ আফগান লোকসকল৷ ইয়াক লৈ এতিয়া উদ্বিগ্ণ সমগ্র বিশ্ববাসী৷

You might also like