অসমত তালিবানৰ সমর্থক
বর্বৰোচিত আক্রমণ, হিংসা–হত্যাৰ বিভীষিকাৰে সমগ্র বিশ্বক কম্পমান কৰি তালিবান সন্ত্রাসবাদীয়ে ১৫ আগষ্টত পুনৰ দখল কৰিছে আফগানিস্তানৰ ৰাজধানী কাবুল৷ প্রায় দুই দশকৰ অন্তত তালিবান সন্ত্রাসবাদীয়ে যিদৰে আফগানিস্তানৰ সিংহভাগ অঞ্চল দখল কৰি চৰকাৰৰ ক্ষমতা বলপূর্বক হস্তগত কৰিছে তাক লৈ সমগ্র বিশ্বৰ সাধাৰণ নাগৰিক স্তম্ভিত হৈছে৷ এনে বিভীষিকাময় পৰিস্থিতিৰ মাজতেই অসমৰ একাংশ লোকে তালিবান সন্ত্রাসবাদীৰ সপক্ষে থিয় দিয়াই নহয়, সামাজিক মাধ্যমৰ জৰিয়তে ধর্মীয় উন্মাদনাৰ বিষবাষ্প বিয়পাই দিয়াৰ চক্রান্তত লিপ্ত হৈছে৷ তালিবান সন্ত্রাসবাদীৰ বিভীষিকা মাথোঁ আফগানিস্তানতেই সীমাবদ্ধ নহয়৷ ইছলামিক সন্ত্রাসবাদৰ নামত তালিবান সন্ত্রাসবাদীয়ে অ’চামা বিন লাডেন নেতৃত্বাধীন আল–কায়দা, হৰকট–ঊল–মুজাহিদ্, জামাত–ঊল–মুজাহিদীন্ অৱ বাংলাদেশ আদিকে ধৰি বিশ্বৰ দেশে দেশে ধর্মীয় উন্মাদনাৰে সন্ত্রাসবাদী সংগঠনসমূহৰ স’তে জড়িত হৈ আছে৷ অসমতো হৰকট–ঊল–মুজাহিদ্ আৰু জামাত–ঊল–মুজাহিদীন্ বহুসংখ্যক সদস্য আৰু সমর্থক আছে৷ ১৯৯৭ত প্রথমবাৰৰ বাবে হৰকট–ঊল–মুজাহিদ্ এটি বিশেষ চক্রক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল অসম আৰক্ষী৷ এই দলটোত পাকিস্তানী নাগৰিকসহ শতাধিক লোকক গ্রেপ্তাৰ কৰা হৈছিল৷ ইয়াৰ ভিতৰত আছিল কেইবাজনো মৌলবী আৰু ধর্মীয় নেতা৷ একেদৰে ২০১৪ আৰু ২০১৮ত জামাত–ঊল–মুজাহিদীন্ বৃহৎ চক্রক আটক কৰিবলৈ অসম আৰক্ষী সক্ষম হৈছিল৷ ধর্মীয় উন্মাদনা সৃষ্টিৰ বাবে অসমত তালিবানৰ দৰে সন্ত্রাসবাদীৰ যে অভাৱ নাই, সেয়া ২৫ বছৰে স্পষ্ট হৈছে৷ শেহতীয়াকৈ আফগানিস্তানত তালিবানৰ আগ্রাসনক লৈ অসমত যিদৰে ধর্মীয় উন্মাদনা আৰম্ভ হৈছে সেয়া নিতান্তই দুর্ভাগ্যজনক৷ তালিবান সন্ত্রাসবাদক সমর্থন দিয়া ১৫জন লোকক অসম আৰক্ষীয়ে কালি গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ কৰা লোকসকল অসমৰ ১০খন জিলাৰ৷ আৰক্ষীৰ জালত পৰা লোকসকলৰ ভিতৰত এ আই ইউ ডি এফ তথা অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্পাদক৷ মৌলনা ফজলুল কৰিম কাছিমীকে ধৰি চিকিৎসা পাঠ্যক্রমৰ ছাত্র, ধর্মীয় নেতাও আছে৷ আচৰিত হ’বলগীয়া কথা এয়ে যে যিখন দেশৰ পানী– বায়ু সেৱন কৰি আছে সিখন দেশতেই আটকাধীন অভিযুক্তসকলে ৰাষ্ট্রবিৰোধী কাম–কাজত লিপ্ত থকাই নহয়, সামাজিক মাধ্যমত প্রচাৰৰ জৰিয়তে আন্তর্জাতিক সন্ত্রাসবাদী সংগঠনটোৰ প্রচাৰকৰ ভূমিকা লৈছে৷ এনে জঘন্য ঘটনা প্রতিৰোধ কৰাৰ ক্ষেত্রত ৰাজ্যৰ গৃহ তথা আৰক্ষী বিভাগে গ্রহণ কৰা তৎকালীন ভূমিকা আদৰণীয়৷ কিন্তু পূর্বৰ লেখীয়া ধর্মান্ধ সন্ত্রাসবাদীসকলে যাতে আইনৰ সুৰুঙাৰে ওলাই যাব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰ তথা আৰক্ষী বিভাগ কঠোৰ হোৱা প্রয়োজন৷ বিজ্ঞানসন্মত অনুসন্ধান আৰু প্রামাণিক তথ্যৰ ভিত্তিত আদালতত অভিযোগনামা দাখিলৰ ক্ষেত্রতো তদন্তকাৰী বিষয়াই গুৰুত্ব দিব লাগিব৷ এনে জঘন্য কাণ্ডৰ বাবে উপযুক্ত শাস্তি লাভ কৰিলেহে তালিবানৰ দৰে সন্ত্রাসবাদীসকলক সমর্থন দিয়া লোকসকলে ভৱিষ্যতে তেওঁলোকৰ বিপদগামী পথৰ পৰা ঘূৰি আহিবলৈ বাধ্য হ’ব৷
তালিবান সন্ত্রাসবাদীৰ বিভীষিকা বর্তি থকাটো বিশ্বৰ কোনো এখন দেশে বিচৰা নাই৷ সেয়ে এনে সন্ত্রাসবাদ প্রতিৰোধ কৰিবলৈ আৰু আফগানিস্তানত এখন গণতান্ত্রিক চৰকাৰ গঠনৰ বাবে বিগত প্রায় দুই দশক ধৰি ভাৰতবর্ষকে ধৰি বিশ্বৰ অধিকাংশ দেশে অগ্রণী ভূমিকা গ্রহণ কৰি আহিছে৷ এইক্ষেত্রত ইছলামিক সন্ত্রাসবাদীসকলক প্রতিৰোধ কৰাৰ বাবে আমেৰিকাই নিজস্ব সেনাবাহিনীক নিয়োজিত কৰি শান্তি স্থাপনৰ বাবে বিশেষ পদক্ষেপ লৈছিল৷ কিন্তু আফগানিস্তানৰ পৰা মার্কিন সেনা প্রত্যাহাৰৰ বাবে যোৱা ১৪ এপ্রিলত আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে সিদ্ধান্ত গ্রহণৰ পাছতেই দেশখনত পুনৰ দপ্দপনি বাঢ়িছে তালিবান সন্ত্রাসবাদীৰ৷ ৰাষ্ট্রপতি বাইডেনে ঘোষণা কৰিছিল যে ১১ ছেপ্ঢেম্বৰৰ ভিতৰত আফগানিস্তানৰ পৰা মার্কিন সেনাক প্রত্যাহাৰ কৰা হ’ব৷ কিন্তু নির্ধাৰিত সময়ৰ পূর্বে মার্কিন সেনাৰ অধিকাংশ বাহিনী উঠাই নিয়াৰ পাছতেই তালিবান সন্ত্রাসবাদীৰ আগ্রাসনত পুনৰ অশান্ত হৈ উঠিছে আফগানিস্তান৷ তালিবান সন্ত্রাসবাদীৰ পুনৰ বিভীষিকাময় পৰিস্থিতিৰ বাবে আফগানিস্তানত সৃষ্টি হৈছে অবর্ণনীয় পৰিস্থিতিৰ৷ কাবুলকে ধৰি দেশখনৰ বিভিন্ন বিমানকোঠত আবদ্ধ হৈ আছে কেইবা লাখ সেনাকে ধৰি ভয়ার্ত নাগৰিক৷ জীৱনৰ মমতাত অধিকাংশ লোকে এতিয়া আফগানিস্তানত থাকিবলৈ বিচৰা নাই৷ তালিবান সন্ত্রাসবাদীয়ে ক্ষমতা দখলৰ পাছত দেশখনত যে অৰাজক আৰু বর্বৰ ঘটনা সংঘটিত নহ’ব, তাৰ কোনো নিশ্চয়তা নাই৷ ফলত আফগানিস্তানত থকা বিদেশী নাগৰিকসকলে তেওঁলোকৰ দেশসমূহলৈ ঘূৰি অহাটো বিচাৰিছে৷ আনকি দেশখনৰ শান্তিপ্রিয় নাগৰিকসকলেও এতিয়া চুবুৰীয়া দেশসমূহত আশ্রয় ল’বলৈ উঠিপৰি লাগিছে৷ লক্ষণীয় এয়ে যে যি সময়ত তালিবান সন্ত্রাসবাদীয়ে আফগানিস্তানত বলপূর্বক ক্ষমতা দখলৰ বাবে বিভীষিকাত লিপ্ত হৈছে সেই সময়ত বিশ্বৰ অধিকাংশ উন্নত দেশে সম্পূর্ণ নীৰৱে আছে৷ তালিবানীৰ দৰে ধর্মীয় সন্ত্রাসবাদীৰ বিষবাষ্প কিমান ভয়াৱহ, সেয়া ভাৰতবর্ষই নহয়, মহাপ্রতাপী আমেৰিকায়ো প্রত্যক্ষ কৰিছে৷ সন্ত্রাসবাদীৰ বিভীষিকাময় পৰিস্থিতিৰ মুখামুখি হৈছে৷ এনে পৰিস্থিতিত তালিবান সন্ত্রাসবাদীক পুনৰ ক্ষমতা দখলৰ সুযোগ দিয়াৰ বিষময় ফলাফল কি হ’ব পাৰে সেয়া বিশ্বৰ আগশাৰীৰ দেশসমূহে অনুধাৱন কৰা উচিত৷ অন্যথা ধর্মীয় উন্মাদনাৰে পৰিপুষ্ট তালিবানী সন্ত্রাসবাদীৰ বিভীষিকাৰ পৰা বিশ্বৰ কোনো এখন দেশে সুৰক্ষিত থাকিব বুলি আশা কৰিব নোৱাৰি৷