নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী চৰকাৰৰ কেন্দ্রীয় মন্ত্রী নাৰায়ণ ৰাণেক গ্রেপ্তাৰ মহাৰাষ্ট্র আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: মহাৰাষ্ট্রৰ ৰত্নগিৰি থানাৰ আৰক্ষীয়ে মঙলবাৰে কেন্দ্রীয় মন্ত্রী নাৰায়ণ ৰাণেক গ্রেপ্তাৰ কৰা ঘটনাক লৈ বিজেপিৰ অভ্যন্তৰত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক চৰিওৱা উচিত বুলি মন্তব্য কৰাৰ পিছতে নাৰায়ণ ৰাণেক আটক কৰিছিল ৰত্নগিৰি থানাৰ আৰক্ষীয়ে৷

ৰাজ্যখনৰ কনকান অঞ্চলত ‘জন আশীর্বাদ যাত্রা’ত অংশগ্রহণৰ বাবে ৰত্নগিৰিৰ সংগমেশ্বৰত শিবিৰত থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে মন্ত্রীগৰাকীক৷ উল্লেখ্য যে ইয়াৰ পূর্বে নাৰায়ণ ৰাণেই মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীগৰাকীৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছিল৷ কোনেও তেওঁক একো কৰিব নোৱাৰে বুলি উল্লেখ কৰাৰ উপৰি মুক্তভাৱে ফুৰা–চকা কৰাৰ ক্ষেত্রত বাধা দিয়াৰ কাৰো ক্ষমতা নাই বুলিও উল্লেখ কৰিছিল ৰাণেই৷

লক্ষণীয়ভাৱে আৰক্ষীয়ে আটক কৰাৰ পূর্বে ৰাণেই ৰত্নগিৰি সত্র ন্যায়ালয়ত অগ্রিম জামিনৰ বাবে আবেদন জনায় যদিও এই আবেদন অগ্রাহ্য কৰে আদালতখনে৷ লক্ষণীয়ভাৱে গ্রেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ ৰাণেই বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ এতিয়ালৈকে বিষয়টোক লৈ তীব্র প্রতিক্রিয়া অব্যাহত আছে ৰাজ্যখনত৷

লক্ষণীয়ভাৱে মুখ্যমন্ত্রী তথা শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ দেশৰ স্বাধীনতা দিৱসৰ বর্ষ সন্দর্ভত কোনোধৰণৰ জ্ঞান নাই বুলি অভিযোগ কৰিছিল ৰাণেই৷ স্বাধীনতা দিৱসৰ ভাষণত থাকৰেই দেশে ব্রিটিছৰ পৰা মুক্তি লাভ কৰাৰ পৰা কিমান বছৰ হ’ল তাক লৈ দোদুল্যমান অৱস্থাত আছিল৷ এনে ঘটনাৰ বাবেই থাকৰেক চৰিওৱা উচিত বুলি কালি মন্তব্য কৰিছিল কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷

মন্ত্রীগৰাকীৰ এই মন্তব্যৰ পিছতে তেওঁৰ বিৰুদ্ধে নাছিক শিৱসেনা গোটৰ মুৰব্বীয়ে চাইবাৰ থানাত এক অভিযোগ দাখিল কৰিছিল৷ এই অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হয় ৰাণেৰ বিৰুদ্ধে৷ ভাৰতীয় দণ্ডবিধিৰ ৫০০, ৫০৫ (২) আৰু ১৫৩ (বি) ধাৰাৰ অধীনত মন্ত্রীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে এইক্ষেত্রত অনুসন্ধান ক্ষিপ্রতৰ কৰে৷

ইফালে, ৰাণেক গ্রেপ্তাৰ কৰাৰ পিছতেই বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে কেন্দ্রীয় মন্ত্রীগৰাকীৰ গ্রেপ্তাৰী কার্যক সংবিধান উলংঘা বুলি অভিযোগ কৰিছে৷

স্মর্তব্য যে নৰেন্দ্র মোদী চৰকাৰত জুলাই মাহত মন্ত্রী হিচাপে নিযুক্তি দিয়া হৈছিল নাৰায়ণ ৰাণেক৷ স্বাভাৱিকতেই কেন্দ্রীয় মন্ত্রী এগৰাকীক মহাৰাষ্ট্র চৰকাৰৰ আৰক্ষীয়ে এনেদৰে গ্রেপ্তাৰ কৰা ঘটনাক লৈ দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like