নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক প্রধানমন্ত্রীৰ ঘনিষ্ঠ নেত্রীৰ হুংকাৰঃ কাশ্মীৰ জয়ৰ বাবে পাকিস্তানক সহায় কৰিব তালিবানে

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  কাশ্মীৰ ভাৰতৰ পৰা কাঢ়ি লোৱাৰ লক্ষ্যৰে তালিবানৰ সহায় ল’ব পাকিস্তানে৷ অর্থাৎ কাশ্মীৰ জয়ৰ বাবে নৃশংস সন্ত্রাসবাদী সংগঠন তালিবানৰ সহায় ল’ব বুলি মুকলিকৈ ভাৰতক হুংকাৰ দিছে পাকিস্তানৰ পি টি আইৰ নেত্রীয়ে৷ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ দল পি টি আইৰ জ্যেষ্ঠ নেত্রী তথা প্রধানমন্ত্রীৰ ঘনিষ্ঠ নিলম ইৰছাদ শ্বেখে আজি মুকলিকৈ ঘোষণা কৰিছে৷ পাকিস্তানে জম্মু–কাশ্মীৰক লৈ চলাই থকা ষড়যন্ত্র পুনৰ স্পষ্ট হৈ পৰিল৷ উল্লেখ্য যে পাকিস্তানে নিজৰ দেশত সন্ত্রাসবাদী সংগঠন লালিত–পালিত কৰি ভাৰত ভূমিত প্রৱেশ কৰাই জম্মু–কাশ্মীৰ অশান্ত কৰি আছে৷ এই সত্যতা ৰাষ্ট্রসংঘৰ মজিয়াকে ধৰি আন্তর্জাতিক সমুদায়ৰ মাজত চর্চিত হৈ থকাৰ সময়তে এইবাৰ আফগানিস্তান দখল কৰা তালিবানৰ সহযোগত কাশ্মীৰত ভাৰতৰ বিৰুদ্ধে যুঁজ পাকিস্তানে চলাব বুলি হুংকাৰ দিছে৷

তাৎপর্যপূর্ণ যে আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাবাহিনী আফগানিস্তানৰ পৰা প্রত্যাহাৰৰ অন্তিম সময়সীমাৰ দুসপ্তাহ পূর্বেই পাকিস্তানৰ সহযোগত তালিবানে আফগানিস্তান দখল কৰে৷ ইয়াৰ পাছতে তালিবানক লৈ বিশ্বজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ পি টি আইৰ নেত্রী শ্বেখে প্রকাশ কৰা মতে, ভাৰতৰ জম্মু–কাশ্মীৰ জয়ৰ কাৰণে পাকিস্তানে চলাই থকা যুঁজখনত তালিবানে তেওঁলোকক সহায় কৰিব বুলি নিশ্চিতি দিছে৷ পি টি আই নেত্রী শ্বেখৰ এই মন্তব্যৰ ভিডিঅ’ই ইতিমধ্যে ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে৷ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই তথা সামৰিক বাহিনী তালিবান আৰু ভাৰতবিৰোধী কার্যকলাপৰ সৈতে জড়িত হৈ থকাটো সর্বজনবিদিত৷

টেলিভিছনৰ এক সাক্ষাৎকাৰত সাংবাদিকে পি টি আই নেত্রীগৰাকীক তালিবানৰ সহায় লৈ ভাৰতৰ কাশ্মীৰ জয় কৰাৰ মন্তব্যক সমালোচনা কৰিলেও নেত্রীগৰাকীয়ে এইক্ষেত্রত নিজৰ স্থিতিত অটল আছিল৷ মন কৰিবলগীয়া যে পাকিস্তানে তালিবানক সম্পূর্ণ সহায় কৰি আফগানিস্তান দখল কৰাত সহযোগ কৰা বুলি আফগানিস্তান চৰকাৰে ইতিমধ্যে অভিযোগ কৰিছে৷ আফগানিস্তানৰ প্রাক্তন প্রথম উপ–ৰাষ্ট্রপতি তথা স্বঘোষিত তত্ত্বাৱধায়ক ৰাষ্ট্রপতি আমৰুল্লা ছালেহে মুকলিকৈ তালিবানক পাকিস্তানে সহায় কৰা বুলি প্রকাশ কৰিছে৷

You might also like