নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰী সবলীকৰণৰ ঐতিহাসিক পদক্ষেপঃ নেচনেল ডিফেন্স একাডেমীত মহিলাক নামভর্তিৰ অনুমতি

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ নাৰী সবলীকৰণৰ ঐতিহাসিক পদক্ষেপ কেন্দ্রীয় চৰকাৰৰ৷ সশস্ত্র বাহিনীত স্থায়ী নিযুক্তিৰ বাবে মহিলাক ৰাষ্ট্রীয় প্রতিৰক্ষা একাডেমী চমুকৈ এন ডি এত নামভর্তিৰ অনুমতিৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

কেন্দ্রীয় চৰকাৰে বুধবাৰে এই ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰে৷ সশস্ত্র বাহিনীত স্থায়ী নিযুক্তিৰ বাবে এন ডি এত মহিলাক নামভর্তিৰ অনুমতি প্রদান কৰাৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ক অৱগত কৰে যদিও কেন্দ্রীয় চৰকাৰে চলিত বর্ষৰ নামভর্তিৰ বাবে কিছু ৰেহাই বিচাৰে৷ এন ডি এত মহিলাৰ নামভর্তিৰ ক্ষেত্রত পর্যাপ্ত আন্তঃগাঁথনি অভাৱৰ বাবেই চলিত বর্ষত মহিলাক নামভর্তিৰ পৰা উচ্চতম ন্যায়ালয়ে কেন্দ্রক ৰেহাই দিয়াৰ বাবেই অনুৰোধ জনায়৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক এন ডি এত মহিলাৰ নামভর্তিক লৈ ২০ ছেপ্ঢেম্বৰৰ ভিতৰত সিদ্ধান্ত অৱগত কৰিবলৈ নির্দেশ দিয়াৰ পাছত আজি কেন্দ্রীয় চৰকাৰে এই সিদ্ধান্ত অৱগত কৰে৷ এন ডি এত মহিলাৰ নামভর্তি আৰু নেভেল একাডেমী পৰীক্ষাত মহিলাৰ অংশগ্রহণৰ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এন ডি এত মহিলাক অন্তর্ভুক্তিৰ সিদ্ধান্ত সশস্ত্র বাহিনীয়ে গ্রহণ কৰাৰ বাবে ন্যায়ালয় অত্যন্ত সুখী৷

ন্যায়ালয়ে এই কথা জানে যে সংস্কাৰ এদিনতে সম্ভৱ হৈ নুঠে৷ চৰকাৰে প্রক্রিয়া আৰু পাঠ্যক্রম প্রস্তুতৰ সময়সীমা নির্ধাৰণ কৰা উচিত৷ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে ক’ল আৰু এম এম সুন্দ্রেছৰ বিচাৰপীঠে কয় যে সশস্ত্র বাহিনীয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ গতিকে বাহিনীটোত লিংগ সমতা অধিক থকাটো আৱশ্যক৷ আদালতে হস্তক্ষেপ কৰাৰ অপেক্ষা নকৰি সশস্ত্র বাহিনীয়ে নিজেই এক সঠিক পদক্ষেপ গ্রহণ কৰাটো আদালতে বিচাৰে৷

মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ে যুগান্তকাৰী অন্তর্ৱর্তীকালীন ৰায়েৰে এন ডি এৰ নামভর্তি পৰীক্ষাত মহিলাই অংশ ল’ব পাৰে বুলি কেন্দ্রীয় চৰকাৰক জাননী জাৰি কৰাৰ এমাহতকৈ কম সময়ৰ ভিতৰতে কেন্দ্রীয় চৰকাৰে আজি উচ্চতম ন্যায়ালয়ত মহিলাৰ নামভর্তিৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ সর্বোচ্চ ন্যায়ালয়ে আনকি এন ডি এৰ নামভর্তি পৰীক্ষা ১৪ নৱেম্বৰ পুনৰ নির্ধাৰণ কৰি দিছিল৷ বুধবাৰে কেন্দ্রীয় চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰা ভাতীয়ে উচ্চতম ন্যায়ালয়ক এই ঐতিহাসিক পদক্ষেপৰ বিষয়ে অৱগত কৰে৷

উল্লেখ্য যে দেশৰ সেনাবাহিনীত মহিলা বিষয়াক প্রথমবাৰৰ বাবে ইতিমধ্যে ৫গৰাকী বিষয়াক কর্নেল হিচাপে নিযুক্তি দি নাৰী সবলীকৰণৰ পদক্ষেপ আগবঢ়াইছে৷

You might also like