নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রী–শিক্ষয়িত্রী অবিহনে আফগানিস্তানত মুকলি শিক্ষানুষ্ঠান

নিয়মীয়া বাৰ্তা ২০ ছেপ্টেম্বৰঃ তালিবান ক্ষমতালৈ অহাৰ পিছত আফগানিস্তানৰ মাধ্যমিক পর্যায়ৰ বিদ্যালয়সমূহত পাঠদান প্রক্রিয়া আৰম্ভ হৈছে যদিও ছাত্রীসকলক শ্রেণীকোঠাত উপস্থিত হোৱাৰ অনুমতি দিয়া নাই তালিবানে৷ অর্থাৎ ছাত্রী আৰু শিক্ষয়িত্রী অবিহনে বিদ্যালয়সমূহ পুনৰ মুকলি কৰিবলৈ দিয়া হৈছিল আফগানিস্তানত৷

মহিলামুক্ত আফগানিস্তানৰ বিদ্যালয়সমূহত অৱশ্যে বহু শিক্ষক আৰু ছাত্রই তালিবানৰ নীতিৰ প্রতিবাদ জনাই উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছে৷ একাংশ শিক্ষকে উল্লেখ কৰা অনুসৰি দেশখনৰ ৫০ শতাংশ মহিলাক বাদ দি কোনোধৰণৰ ব্যৱস্থাক মানি লোৱাটো সম্ভৱ নহয়৷ সেইদৰে বহু ছাত্রই তালিবানৰ এনে কঠোৰ শিক্ষা নীতিক সমালোচনা কৰি কৈছে যে এয়া দেশখনত পুনৰ অন্ধকাৰ যুগৰ আৰম্ভণি৷ এনে অন্ধকাৰ ব্যৱস্থাক মানি লোৱা নহ’ব বুলিও বহু শিক্ষক–ছাত্রই হুংকাৰ দিছে৷

You might also like