নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ বছৰ বয়সৰ ঊর্ধ্বৰ শিশুৱেও পাব ভেকচিনঃ ফাইজাৰৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ পাঁচ বছৰৰ পৰা ১১ বছৰ বয়সৰ শিশুৰ বাবে ক’ভিড ভেকচিন নিৰাপদ হ’ব পাৰে৷ ফাইজাৰ আৰু বায়’এনটেকে সদৰী কৰা অনুসৰি ক্লিনিকেল পৰীক্ষাত ৫ৰ পৰা ১১ বছৰ বয়সৰ ভিতৰত শিশুৰ বাবে এই ভেকচিন ফলপ্রসূ হিচাপে চিহ্ণিত হৈছে৷ এইক্ষেত্রত ভেকচিন নিয়ামক সংস্থাৰ শীঘ্রে অনুমোদন বিচাৰিব দৰব প্রস্তুত কোম্পানী দুটাই৷

আমেৰিকাৰ বিখ্যাত দৰব প্রস্তুত কোম্পানী ফাইজাৰ আৰু ইয়াৰ জার্মান সহযোগী বায়’এনটেকে এক যুটীয়া বিবৃতিত সদৰী কৰা অনুসৰি এই ভেকচিনে শিশুসকলক ক’ভিড মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব৷ ইউৰোপীয় সংঘৰ নিয়ামক সংস্থাসমূহক শীঘ্রে দুয়োটা কোম্পানীয়ে শিশুৰ বাবে ভেকচিনৰ ক্লিনিকেল পৰীক্ষা চলোৱাৰ সবিশেষ তথ্য দাখিল কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰিছে৷

লক্ষণীয়ভাৱে ইউৰোপীয় সংঘ আৰু আমেৰিকাই যদি অনুমোদন জনায়, তেন্তে শীঘ্রে ৫ বছৰ বয়সৰ ঊর্ধ্বৰ শিশুসকলক ক’ভিড ভেকচিন প্রদানৰ ব্যৱস্থা কৰা বুলিও দুয়োটা সংস্থাই ঘোষণা কৰিছে৷

You might also like