নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ দিল্লীৰ ৰোহিণী জিলাৰ ৰোহিনী আদালতত গুলীচালনাৰ ঘটনা। গেংষ্টাৰ জিতেন্দ্ৰ ওৰফে গোগীক শুকুৰবাৰে আবেলি আদালতলৈ অনা হৈছিল। সেই সময়তে অধিবক্তাৰ পোছাক পিন্ধা দুজন লোকে তেওঁৰ ওপৰত গুলীচালনা কৰে। ইপিনে এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ স্বৰূপে তাত উপস্থিত থকা আৰক্ষীয়ে গুলীচালনা কৰি দুই আক্ৰমণকাৰীক নিহত কৰে। ঘটনাটোত গেংষ্টাৰ গোগীকে ধৰি মুঠ তিনিজন লোক নিহত হয়।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, জিতেন্দ্ৰক ২০২০ চনত দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰিছিল। কাউণ্টাৰ ইন্টেলিজেন্স দলে তেওঁক গুৰুগ্ৰামৰ আন তিনিজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল।
#UPDATE | Three criminals killed in the shootout at Rohini court in Delhi, says Delhi Police
— ANI (@ANI) September 24, 2021