শ্বেয়াৰ বজাৰত ইতিহাসঃ প্রথমবাৰলৈ ৬০ হাজাৰ অতিক্রম ছেনছেক্স
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ আন্তর্জাতিক বজাৰত শ্বেয়াৰ বজাৰৰ উত্থানৰ ফলত শুকুৰবাৰে দেশৰ শ্বেয়াৰ বজাৰে ইতিহাস ৰচিলে৷ প্রথমবাৰৰ বাবে বি এছ ই ছেনছেক্স ৬০ হাজাৰ অতিক্রম কৰি দেশীয় শ্বেয়াৰ বজাৰত এক অভিলেখ সৃষ্টি কৰিলে৷
শ্বেয়াৰ বজাৰ শুকুৰবাৰে পুৱা মুকলি হোৱাৰ লগে লগে বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফটীৰ সূচাংক বৃদ্ধি পাবলৈ ধৰে৷ সামৰণি পৰত ছেনছেক্স ১৬৩.১১ তথা ০.২৭ শতাংশ বৃদ্ধিৰে ৬০,৩৩৩ পইণ্ট পায়গৈ৷
ইপিনে এন এছ ই নিফটী ৩০.২৫ পইণ্ট তথা ০.১৭ শতাংশ বৃদ্ধিৰে সর্বকালৰ শিখৰত ১৭,৮৫৩ত বজাৰ সামৰণি পৰে৷
উল্লেখ্য যে শুকুৰবাৰে ছেনছেক্সৰ অভাৱনীয় উত্থানৰ আঁৰত মহিন্দ্র এণ্ড মহিন্দ্র, এইচ চি এল টেক, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, মাৰুতি আৰু ইনফ’ছিছৰ শ্বেয়াৰ প্রায় ৪ শতাংশ বৃদ্ধি পায়৷
তাৎপর্যপূর্ণ যে ১৯৯০ চনত ছেনছেক্স প্রথমবাৰৰ বাবে এহেজাৰ পইণ্ট অতিক্রম কৰিছিল৷ ৩১ বছৰ পাছত এই ছেনছেক্সে শুকুৰবাৰে ৬০ হাজাৰ অতিক্রম কৰিলে৷ ২০১৫ চনৰ ৪ মার্চত ৩০ হাজাৰ পইণ্ট অতিক্রম কৰিছিল ছেনছেক্সে৷ ২০২১ চনৰ ২৪ ছেপ্ঢেম্বৰত ছেনছেক্স ৬০ হাজাৰ অতিক্রম কৰি শ্বেয়াৰ বজাৰত অভাৱনীয় ইতিহাস সৃষ্টি কৰিলে৷
বি এছ ইৰ এম ডি আৰু চি ই অ’ আশিস কুমাৰ চৌহানে প্রকাশ কৰা মতে, ছেনছেক্সে ৬০ হাজাৰ অতিক্রম কৰাটোৱে দেশৰ বিকাশ বৃদ্ধিৰ সম্ভাৱনীয়তাক প্রতিফলিত কৰিছে৷ ক’ভিড–১৯ মহামাৰীৰ সময়ছোৱাতো বিশ্ব নেতৃত্বৰ হিচাপে ভাৰতে এক দিশত আগবাঢ়িছে৷ বিশ্বব্যাপী মুদ্রা নীতি সম্প্রসাৰণ আৰু বিত্তীয় নীতিক সকাহ দি ভাৰতে গ্রহণ কৰা কঠোৰ সংস্কাৰমূলক মুদ্রা নীতিৰ বাবেই আজি বিশ্বত নিজকে শক্তিশালী ৰূপত উজ্জীৱিত কৰিবলৈ সক্ষম হৈছে৷