নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত নাই নির্বাচিত সভাপতি

পঞ্জাবৰ সংকটক লৈ গান্ধী পৰিয়ালক কটাক্ষ জ্যেষ্ঠ নেতা কপিল শিবালৰ

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ হাই কমাণ্ডৰ সৈতে সুসম্পর্কিত নেতাৰ পদত্যাগ আৰু শেহতীয়াকৈ পঞ্জাব কংগ্রেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে পদত্যাগ কৰাৰ পিছত সৃষ্টি হোৱা দলীয় সংকটক লৈ গান্ধী পৰিয়ালক কটাক্ষ দলটোৰেই জ্যেষ্ঠ নেতা কপিল শিবালৰ৷ কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীক দলত দূৰদর্শী নেতৃত্বৰ প্রয়োজন বুলি পত্র লিখি প্রায় বিৰোধ কৰা ২৩জন জ্যেষ্ঠ নেতাৰ অন্যতম কপিল শিবালে পঞ্জাবৰ দলীয় সংকটক লৈ গান্ধী পৰিয়ালক কটাক্ষ কৰে৷

সাংবাদিকৰ সৈতে হোৱা কথোপকথনত শিবালে প্রত্যক্ষভাৱে গান্ধী পৰিয়ালৰ নাম নল’লেও পৰোক্ষভাৱে গান্ধী পৰিয়ালক আক্রমণ কৰি কয়– ‘কংগ্রেছত এতিয়া কোনো নির্বাচিত সভাপতি নাই৷ আমি নাজানো কোনে সিদ্ধান্ত গ্রহণ কৰি আছে৷ আমি জি–২৩, নিশ্চিতভাৱে জী হুজুৰ ২৩ নহয়৷ আমি সদায়েই এনেধৰণৰ বিষয়ক লৈ প্রশ্ণ উত্থাপন কৰি যাম৷’ কপিল শিবালৰ উপৰি দলৰ অন্যতম জ্যেষ্ঠ নেতা গোলাম নবী আজাদেও দেশৰ বিভিন্ন ৰাজ্যৰ লগতে পঞ্জাবৰ সংকটক লৈ চি ডব্লিউ চিৰ বৈঠক আহ্বান কৰিবলৈ ছোনিয়া গান্ধীক পত্র লিখিছে৷

মন কৰিবলগীয়া যে শিবালে পঞ্জাবৰ কংগ্রেছত দলীয় সংকটৰ বাবে পাকিস্তানৰ আই এছ আই লাভান্বিত হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ শিবালে প্রকাশ কৰা মতে দেশৰ সীমান্তৱর্তী ৰাজ্য পঞ্জাবত ৰাজনৈতিক সংকট চলি থাকিলে পাকিস্তান আৰু আই এছ আই লাভান্বিত হ’ব৷ পঞ্জাবৰ উগ্রবাদৰ ইতিহাসে তাকেই দাঙি ধৰে৷

You might also like