নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ এৰি শীঘ্রে টিএমচিত যোগ দিব মুকুলসহ ১৩ বিধায়কে

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ শতিকা পুৰণি কংগ্রেছ দলত এতিয়া নেতৃত্বৰ অভাৱত দলত্যাগৰ জোৱাৰ উঠিছে৷ পঞ্জাব কংগ্রেছত অন্তঃকন্দলৰ পাছত ছত্তিশগড়ত  দলীয় শীর্ষ নেতৃত্বক সলনিৰ বাবে কেইবাজনো বিধায়কে নতুন দিল্লীত বাহৰ পতাৰ সময়তে উত্তৰ–পূবৰ ৰাজ্য মেঘালয়ত কংগ্রেছত পদত্যাগৰ যো–জা চলিছে৷ মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা মুকুল চাংমাই শীঘ্রেই পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ (টি এম চি)ত যোগদান কৰিব৷ জ্যেষ্ঠ নেতা মুকুল চাংমাৰ লগত অতি কমেও ১৩জন কংগ্রেছী বিধায়কে পশ্চিমবংগৰ শাসিত দল টি এম চিত যোগদান কৰিব৷ টি এম চিৰ শীর্ষ নেতৃত্বৰ গোপন সূত্রত প্রকাশ পোৱা মতে ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাই মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রী জ্যেষ্ঠ কংগ্রেছ নেতা চাংমাসহ ১৩ বিধায়কে টি এম চিত যোগদানৰ আনুষ্ঠানিক ঘোষণা কৰিব৷

মন কৰিবলগীয়া যে জ্যেষ্ঠ নেতা মুকুম চাংমাই টি এম চিত যোগদান কৰাৰ সম্ভাৱনা দুসপ্তাহ পূর্বৰে পৰা চর্চাত আছে৷ মেঘালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্রেছী নেতাই কলকাতা ভ্রমণৰ সময়ত এনে সম্ভাৱনাক প্রকট কৰি তুলিছিল৷ তথ্য মতে প্রাক্তন মুখ্যমন্ত্রী চাংমাই টি এম চিৰ সাংসদ তথা দলৰ সাধাৰণ সম্পাদক অভিষেক বেনার্জীক যোৱা ২১ ছেপ্টেম্বৰতে সাক্ষাৎ কৰিছিল৷ উক্ত সাক্ষাতৰ পাছত চাংমাই টি এম চিত যোগদান কৰিব বুলি চর্চা আছে যদিও একাংশৰ মতে টি এম চিৰ প্রস্তাৱ চাংমাই নাকচ কৰি নতুন দল গঠন কৰাৰ মন মেলা বুলি প্রকাশ পাইছে৷ টি এম চিৰ সূত্রই প্রকাশ কৰা মতে চাংমা আৰু কংগ্রেছৰ বিধায়কসকলৰ সৈতে টি এম চিয়ে কলকাতাত ২০ আৰু ২১ ছেপ্টেম্বৰতে আলোচনাত সকলো ঠিক–ঠাক কৰিছে৷ তথ্য মতে চাংমাই টি এম চিৰ শীর্ষ নেতৃত্ব আৰু নির্বাচন ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোৰকো সাক্ষাৎ কৰিছে৷

দলীয় বিধায়কৰ সৈতে ব্যাপক আলোচনাৰ অন্তত চাংমাই টি এম চিত যোগদান কৰা সন্দর্ভত যিকোনো মুহূর্তত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰে৷ অহা ৩০ অক্টোবৰত মেঘালয়ৰ তিনিটা বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব আৰু ৰাজ্যখনত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব ২০২৩ চনত৷ জ্যেষ্ঠ নেতা চাংমাই কংগ্রেছ এৰি তৃণমূল কংগ্রেছত যোগদান কৰাৰ আঁৰত মেঘালয়ৰ কংগ্রেছ মুৰব্বীৰ সৈতে তেওঁৰ সংঘাতেই মূল কাৰণ বুলি চর্চিত হৈছে৷ মেঘালয় প্রদেশ কংগ্রেছৰ সভাপতি ভিনচেণ্ট এইচ পালাক তেওঁৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ শীর্ষ নেতৃত্বই দায়িত্ব দিছিল৷

You might also like