নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ উন্নয়ন–শান্তি–সমৃদ্ধি কেন্দ্রৰ মূল লক্ষ্য

গাম্ভীর্যপূর্ণ অনুষ্ঠানত লোকপ্রিয় গোপীনাথ বৰদলৈ ৰাষ্ট্রীয় সংহতি–ৱদান বঁটা প্রদান উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ

নিয়মীয়া বাৰ্তা ৪ অক্টোবৰঃ অসম তথা উত্তৰ–পূর্বাঞ্চলত সামগ্রিক উন্নয়ন আৰু শান্তি–সমৃদ্ধি গঢ়ি তোলাটো কেন্দ্রীয় চৰকাৰৰ মূল লক্ষ্য৷ এই উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে উত্তৰ–পূবৰ সকলো ক্ষেত্রতে উন্নয়ন সাধনৰ বাবে যোৱা ৭টা বছৰত বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ –এই মন্তব্য দেশৰ উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ৷ দেওবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত লোকপ্রিয় গোপীনাথ বৰদলৈ ৰাষ্ট্রীয় সংহতি আৰু অৱদান বঁটা প্রদান কৰি উপ–ৰাষ্ট্রপতিগৰাকী কয়– শান্তি আৰু উন্নয়ন এই দিশ দুটা আগত ৰাখি কেন্দ্রীয় চৰকাৰে উত্তৰ–পূবৰ বাবেঅহৰহ কাম কৰি আছে৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা উগ্রবাদ তথা সন্ত্রাসবাদ আঁতৰাই শান্তি প্রতিষ্ঠা কৰাটো কেন্দ্রীয় চৰকাৰৰ মূল কর্তব্য ৰূপে শেহতীয়াকৈ পৰিগণিত হৈছে৷ ইয়াৰ উদাহৰণ হ’ল অলপতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত সম্পন্ন হোৱা ঐতিহাসিক কার্বি শান্তি চুক্তি৷ যাৰ জৰিয়তে প্রতিটো জাতি–জনগোষ্ঠীৰ মাজত বিশ্বাস আৰু ঐক্যৰ ভাব গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ মূল লক্ষ্য হ’ল– উত্তৰ–পূবৰ পৰা উগ্রবাদ সমূলি নাইকিয়া কৰা৷ মই আশা কৰিছোঁ– কার্বি শান্তি চুক্তিৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে আগবঢ়োৱা এহাজাৰ কোটি টকাৰ বিশেষ পেকেজে অঞ্চলটোৰ উন্নয়ন ক্ষিপ্রতৰ কৰিব৷ ভাষণ প্রসংগত উপ–ৰাষ্ট্রপতিগৰাকী কয়– কেন্দ্রীয় চৰকাৰে উত্তৰ–পূবৰ সৈতে যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনৰ সমান্তৰালকৈ নিটি আয়োগ, ড’নাৰ মন্ত্রালয়ৰ উদ্যোগত তথা ইউ এন ডি পিৰ সহযোগিতাৰে পৰিচালিত এনইআৰ এছডিজি ইনডেস্ক এণ্ড ডেছব’ডকে ধৰি আন বহু পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ উত্তৰ–পূবৰ প্রতি গ্রহণ কৰা এনে প্রয়াস দেশৰ ভিতৰতে প্রথম আৰু এনে প্রয়াসে সমগ্র অঞ্চলটোক উন্নয়নৰ শিখৰলৈ লৈ যাব৷ উপ–ৰাষ্ট্রপতিগৰাকী লোকপ্রিয় গোপীনাথ বৰদলৈ ৰাষ্ট্রীয় সংহতি আৰু অৱদান বঁটা প্রদান কৰি বঁটাপ্রাপক ড০ নিৰোদ কুমাৰ বৰুৱা, কস্তুৰবা গান্ধী ৰাষ্ট্রীয় স্মাৰক ন্যাস, অসম শাখা আৰু শ্বিলং চেম্বাৰ কয়াৰক শুভেচ্ছা জ্ঞাপন কৰে৷

অসমৰ প্রথম মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্রসংগত উপ–ৰাষ্ট্রপতিগৰাকী কয়– গোপীনাথ বৰদলৈ আছিল আধুনিক ভাৰতৰ নির্মাতা৷ এগৰাকী দূৰদৃষ্টিসম্পন্ন নেতা হিচাপে লোকপ্রিয় গোপীনাথ বৰদলৈয়ে দেশ বিভাজনৰ সময়ত ভাৰতৰ সংহতি আৰু সার্বভৌমত্ব ৰক্ষাৰ বাবে গ্রহণ কৰা অনবদ্য ভূমিকা যথেষ্ট উল্লেখযোগ্য আছিল৷ স্বাধীন ভাৰতত অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী হিচাপে তেওঁ এলানি প্রগতিশীল ঔদ্যোগিক নীতি গ্রহণ কৰি এই নীতি কার্যকৰী কৰাৰ বাবে যথেষ্ট কষ্ট কৰিছিল৷ সেয়াই নহয়, শিক্ষাৰ উন্নয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ লগতে বহুসংখ্যক শিক্ষানুষ্ঠান স্থাপনৰ জৰিয়তে ৰাজ্যৰ উন্নয়নৰ মাপকাঠী যে শিক্ষাৰ ক্ষেত্র হ’ব পাৰে, সেয়া প্রমাণ কৰিছিল৷ এগৰাকী ভদ্র, মৃদুভাষী আৰু আপোচহীন নেতা হিচাপে পৰিচিত লোকপ্রিয় বৰদলৈৰ ব্যতিক্রমী ব্যক্তিত্বই সমাজৰ সকলো স্তৰৰ লোকৰ লগতে প্রতিটো জাতি, জনগোষ্ঠী, সম্প্রদায় আনকি ৰাজনৈতিক দলৰো সমাদৰ লাভ কৰিছিল৷ ৰাইজৰ মাজত থকা তেওঁৰ জনপ্রিয়তাৰ বাবেই সেই সময়ৰ ৰাজ্যপাল জয়াৰাম দাস দৌলতৰামে বৰদলৈক লোকপ্রিয় উপাধি প্রদান কৰিছিল৷

আনহাতে লোকপ্রিয় গোপীনাথ বৰদলৈ বঁটাপ্রাপক ড০ নিৰোদ কুমাৰ বৰুৱাক অভিনন্দন জনাই উপ–ৰাষ্ট্রপতিগৰাকী কয়– লিখক বৰুৱাই তেওঁৰ মূল্যৱান গৱেষণা আৰু গ্রন্থৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় পর্যায়ত গোপীনাথ বৰদলৈক পৰিচয় কৰি দিয়াত বিশেষ অৰিহণা আগবঢ়াইছে৷ কস্তুৰবা গান্ধী ৰাষ্ট্রীয় স্মাৰক ন্যাসক অভিনন্দন জনাই উপ–ৰাষ্ট্রপতিয়ে ন্যাসৰ পদক্ষেপক ভূয়সী প্রশংসা কৰে৷ একেদৰে বঁটা লাভ কৰা শ্বিলং চেম্বাৰ কয়াৰৰ সদস্যসকলকো অভিনন্দন জনাই উপ–ৰাষ্ট্রপতি নাইডুৱে কয়– সংগীত আৰু সংস্কৃতিৰ মাধ্যমেৰে ৰাষ্ট্রীয় সংহতিক শক্তিশালী কৰাৰ বাবে এয়া স্বীকৃতি৷ সংগীত আৰু সংস্কৃতিয়ে ৰাষ্ট্রীয় সংহতিৰ উত্তৰণ সাধন কৰে৷ বিশেষকৈ বিভেদকামী শক্তিসমূহে যেতিয়া দেশক দুর্বল কৰাৰ ষড়যন্ত্রত লিপ্ত হয়, তেতিয়া সংগীত আৰু সংস্কৃতিয়ে একতা বৃদ্ধি কৰে৷ আমাৰ প্রথম পৰিচয় ভাৰতীয়৷ অসমীয়া, বিহাৰী, কর্ণাটকী এয়া আমাৰ পৰিচয় হ’লেও আমাৰ প্রথম চিনাকি হ’ব আমি ভাৰতীয়৷

ভাষণ প্রসংগত উপ–ৰাষ্ট্রপতিগৰাকী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ভূয়সী প্রশংসা কৰি কয়– অসমে এজন ডাইনেমিক মুখ্যমন্ত্রী লাভ কৰিবলৈ সক্ষম হৈছে৷ ড০ শর্মাৰ নেতৃত্বত আগন্তুক সময়ত অসমে উন্নয়নৰ শিখৰলৈ যাবলৈ সক্ষম হ’ব৷ বঁটা প্রদান অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোকপ্রিয় গোপীনাথ বৰদলৈয়ে অসমৰ প্রতি আগবঢ়াই যোৱা অৱদানক সুঁৱৰি কয়– ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ বিশাল ব্যক্তিত্ব, সুদীর্ঘ নেতৃত্ব, প্রখৰ দূৰদৃষ্টিৰ বাবে অসমীয়াই মূৰ তুলি জীয়াই থাকিব পাৰিছে৷ দেশ আৰু জাতিৰ প্রতি গোপীনাথ বৰদলৈৰ অনবদ্য বৰঙণি আমি কোনো তুলাচনীৰে জুখিব নোৱাৰোঁ৷ ৰাজ্যৰ শাসনৰ দায়িত্ব অতি কম সময়ৰ বাবে গ্রহণ কৰা গোপীনাথ বৰদলৈয়ে অতি সীমিত সময়তে ৰাজ্যখনৰ বাবে যি অনবদ্য বৰঙণি আগবঢ়াই থৈ গ’ল, তাৰ বাবে আধুনিক অসমৰ ভেটি ৰচোঁতা এই স্বপ্ণদ্রষ্টাগৰাকীক আমি সদায়ে শ্রদ্ধাৰে সুঁৱৰিম৷ লোকপ্রিয় গোপীনাথ বৰদলৈৰ এই বিশাল বৰঙণিৰ প্রতি শ্রদ্ধা জনাই অসম চৰকাৰে ১৯৯৩ চনতে লোকপ্রিয় গোপীনাথ বৰদলৈ ৰাষ্ট্রীয় সংহতি আৰু অৱদান বঁটা প্রৱর্তন কৰিছিল৷ লোকপ্রিয় গোপীনাথ বৰদলৈ আমাৰ জাতিটোৰ বাবে এনে এগৰাকী ব্যক্তি আছিল, যাক বাদ দি অসমীয়াই নিজৰ ইতিহাস ৰচনা কৰিব নোৱাৰে৷ গোপীনাথ বৰদলৈৰ এনে এগৰাকী ব্যক্তিত্ব আছিল, যাৰ প্রভাৱত আৰু যাৰ প্রেৰণাত আমি ভাৰতৰ অংশ হৈ থাকিব পাৰিছোঁ, আমি আমাৰ সভ্যতা আৰু সংস্কৃতিক জীয়াই ৰাখিব পাৰিছোঁ৷

স্বাধীনতাৰ পূর্বৰ ৰাজনৈতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– গ্রুপিঙৰ বিৰুদ্ধে গোপীনাথ বৰদলৈৰ যি অনবদ্য বৰঙণি, সেই বৰঙণিয়ে জাতিটোৰ ভিতৰতে তেওঁক এজন প্রাতঃস্মৰণীয় ব্যক্তি হিচাপে স্থাপন কৰি থৈ গৈছে৷ ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ থকা ছাদুল্লা মন্ত্রীসভাই পূর্ববংগীয় মুছলমানসকলক অসমৰ ভূমিলৈ অনাৰ যি এক পৰিকল্পনা কৰিছিল, তাৰ বিৰুদ্ধে থিয় দিছিল গোপীনাথ বৰদলৈয়ে৷ তেওঁৰ প্রবল বিৰোধিতাৰ বাবে ছাদুল্লা চৰকাৰে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছিল৷ সেয়াই নহয়, স্বাধীনতাৰ পাছত অসমৰ আর্থিক দিশ টনকিয়াল কৰাৰ বাবে গোপীনাথ বৰদলৈয়ে প্রধানমন্ত্রী জৱাহৰলাল নেহৰুলৈ এখন পত্র প্রেৰণ কৰিছিল৷ কিন্তু জৱাহৰলাল নেহৰুৱে পূর্ববংগীয় লোকসকলক অসমলৈ অনাৰ সিদ্ধান্ত গ্রহণ কৰাৰ বাবে গোপীনাথ বৰদলৈৰ ওপৰত হেঁচা দিছিল৷ তেনে হেঁচাৰ পাছতো লোকপ্রিয় গোপীনাথ বৰদলৈয়ে প্রধানমন্ত্রী নেহৰুলৈ পত্র প্রেৰণ কৰি স্পষ্ট কৰি দিছিল যে অসমৰ ভূমি খিলঞ্জীয়া ভূমিহীন কৃষকৰ বাবেহে সংৰক্ষিত আছে৷ এই ভূমি আন কাৰোবাক দি আমি সর্বস্বান্ত হ’ব নোৱাৰোঁ৷ এনেদৰে অসমৰ অস্তিত্ব সুৰক্ষিত কৰাত দৃঢ়তা দেখুৱাইছিল গোপীনাথ বৰদলৈয়ে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে বঁটাপ্রাপক ড০ নিৰোদ বৰুৱা, কস্তুৰবা গান্ধী ৰাষ্ট্রীয় স্মাৰক ন্যাস, অসম শাখা আৰু শ্বিলঙৰ চেম্বাৰ কয়াৰক শুভেচ্ছা জ্ঞাপন কৰে৷

উল্লেখ্য যে বিশিষ্ট লেখক, গৱেষক পণ্ডিত ড০ নিৰোদ কুমাৰ বৰুৱাই গোপীনাথ বৰদলৈৰ লগতে অসমৰ বুৰঞ্জী আৰু ঐতিহাসিক ক্ষণ সন্দর্ভত কেইবাখনো গ্রন্থ ৰচনা কৰিছে৷ তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহৰ ভিতৰত আছে ‘গোপীনাথ বৰদলৈ, দ্য আছাম প্রব্লেম এণ্ড নেহৰুজ চেণ্টাৰ, ইণ্ডিয়ান কনষ্টিটিউচন এণ্ড চেণ্টাৰ–আছাম ৰিলেচন’, এজন সত্যাগ্রহী ৰাজনীতিক, বৰদলৈ দীনলেখা, মোহিনী কলাৰ চাবি, অজাত শত্রু জননেতা ভুবনেশ্বৰ বৰুৱা আদি বর্তমান জার্মানীৰ বাসিন্দা ড০ বৰুৱাই অসমৰ বুৰঞ্জীৰ ওপৰত যথেষ্ট গৱেষণামূলক পুথি ৰচনা কৰি থৈছে৷

আনহাতে গান্ধীৰ আদর্শৰে ৰাজ্যৰ ভিন্ন প্রান্তত দুখীয়া আৰু অৱহেলিতৰ বাবে কাম কৰি অহাৰ স্বীকৃতি ৰূপে দেওবাৰে বঁটা লাভ কৰে কস্তুৰবা গান্ধী ৰাষ্ট্রীয় স্মাৰক ন্যাস, অসম শাখাই৷ অসমেই নহয়, উত্তৰ–পূবৰ ৰাজ্যসমূহৰ লগতে অবিভক্ত অসমৰ পাহাৰীয়া অঞ্চলসমূহতো কস্তুৰবা গান্ধী ৰাষ্ট্রীয় স্মাৰক ন্যাসে দৰিদ্র লোকৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰি আহিছে৷

ইফালে দেওবাৰে বঁটা লাভ কৰা শ্বিলং চেম্বাৰ কয়াৰে ২০০১ চনৰ পৰা সংগীতৰ ক্ষেত্রত এক বিশেষ গুৰুত্ব লাভ কৰিছে৷ সংগীতৰ জৰিয়তে ঐক্য–সংহতিৰ বার্তা প্রেৰণ কৰি অহা শ্বিলং চেম্বাৰ কয়াৰে ৰাষ্ট্রপতি ভৱনত সংগীত পৰিদর্শন কৰাৰ লগতে আমেৰিকাৰ পূর্বৰ ৰাষ্ট্রপতি বাৰাক অ’বামাৰ ভাৰত ভ্রমণৰ সময়তো বিশেষ সংগীত পৰিৱেশনেৰে আপ্লুত কৰিবলৈ সক্ষম হৈছিল৷ আজি বঁটাপ্রাপকসকলক উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডুৱে বঁটাৰ লগতে এখন প্রশস্তি–পত্র, এৰী চাদৰ আৰু নগদ ৫ লাখ টকা প্রদান কৰে৷ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে ভাষণ প্রদান কৰি গোপীনাথ বৰদলৈৰ বিশাল ব্যক্তিত্বক স্মৰণ কৰাৰ লগতে অসমীয়া জাতি গঠনত বৰদলৈৰ ভূমিকা সম্পর্কে ব্যাখ্যা কৰে৷ সাংস্কৃতিক মন্ত্রী বিমল বৰাই আদৰণী ভাষণ দিয়া অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় মুখ্য সচিব জিষ্ণু বৰুৱাই৷ অনুষ্ঠানত কেইবাগৰাকীও মন্ত্রী, সাংসদ, বিধায়ক আৰু বিশিষ্ট লোকসকল উপস্থিত থাকে৷

You might also like