নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিন্ন ক্ষেত্রৰ ১৯ ব্যক্তিক দিছপুৰ প্রেছ ক্লাবৰ ২০২১ বর্ষৰ বঁটা প্রদান

কনকসেন ডেকাক প্রদান ‘জীৱনজোৰা সাধনা বঁটা’

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন ক্ষেত্রলৈ বিভিন্ন শিতানত উল্লেখনীয় অৱদান আগবঢ়োৱা নির্বাচিত ১৯জন বিশিষ্ট ব্যক্তিক দেওবাৰে দিছপুৰ প্রেছ ক্লাবৰ ২০২১ বর্ষৰ বঁটাসমূহ প্রদান কৰা হয়৷ দিছপুৰস্থিত লোকনির্মাণ বিভাগৰ সভাকক্ষত আয়োজিত এই বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কৃষিমন্ত্রী অতুল বৰা, মুখ্য তথ্য আয়ুক্ত এ পি ৰাৱট, অসম সত্র মহাসভাৰ প্রধান সম্পাদক কুসুম কুমাৰ মহন্ত, লেখক বৈকুণ্ঠনাথ গোস্বামী আদিয়ে৷

উল্লেখ্য যে বিশিষ্ট সাহিত্যিক–সাংবাদিক কনকসেন ডেকালৈ চলিত বর্ষৰ দিছপুৰ প্রেছ ক্লাবৰ ‘জীৱনজোৰা সাধনা বঁটা’ প্রদান কৰা হৈছে৷ সমান্তৰালভাৱে অসমীয়া প্রতিদিন কাকতৰ কার্যবাহী সম্পাদক ধৈর্য হাজৰিকালৈ ‘সম্পাদক বঁটা’, ফটো সাংবাদিক (দৈনিক জনমভূমি) ৰেৱ কুমাৰ বৰালৈ ‘ফটো সাংবাদিকতা বঁটা’, জার্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম চমুকৈ জাফাৰ সভাপতি, সাংবাদিক (নিউজ লাইভ) অভিদ্বীপ চৌধুৰীলৈ ‘সাংবাদিক সংগঠক কল্যাণ বঁটা’, ডি ৱাই ৩৬৫ৰ ছিনিয়ৰ নিউজ এংকৰ মনীষা বৰুৱালৈ ‘নিউজ এংকৰ বঁটা’, মুখ্যমন্ত্রীৰ বিশেষ কর্ত্যৰত বিষয়া তথা প্রাক্তন সাংবাদিক নৱজিৎ পাটগিৰীলৈ ‘সংবাদ বান্ধৱ বঁটা’, অসমীয়া বোলছবি, ভিডিঅ’ এলবাম, ভ্রাম্যমাণ থিয়েটাৰৰ জনপ্রিয় অভিনেত্রী অমৃতা গগৈলৈ ‘অভিনেত্রী বঁটা’, জনপ্রিয় কণ্ঠশিল্পী দীপলীনা ডেকালৈ ‘উদীয়মান কণ্ঠশিল্পী বঁটা’, অসমীয়া বোলছবি, টিভি চেনেলৰ ধাৰাবাহিকৰ জনপ্রিয় অভিনেতা সিদ্ধার্থ শর্মালৈ ‘অভিনেতা বঁটা’, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ৰক্তিম প্রতিম তামুলীলৈ ‘জীৱন সঞ্জীৱনী বঁটা’, যুৱ উদ্যোগী চিবচান্দ হাতীবৰুৱালৈ ‘উদ্যোগী বঁটা’, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাইলৈ ‘যুৱ ৰাজনীতিক বঁটা’, সাহিত্য, সংস্কৃতি, ৰাজনৈতিক ক্ষেত্রৰ উদ্যমী যুৱক ড০ সঞ্জু বৰুৱালৈ ‘জাগ্রত যুৱ বঁটা’, বিশিষ্ট সমাজসেৱক, পৰিবহণ বিষয়া হিমাংশু দাসলৈ ‘জনসেৱা বঁটা’, বিশিষ্ট লেখক, সমাজসেৱক, অৱসৰপ্রাপ্ত বিষয়া নৱ ডেকা বৰালৈ ‘সমাজহৈতিষী বঁটা’, জনগোষ্ঠীয় নেতা গোকুল বর্মনলৈ ‘যুৱ বন্ধু বঁটা’, দুর্নীতিবিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধর্মকান্ত গগৈলৈ ‘সাহসী বঁটা’, ক্ষুদ্র চাহ খেতিয়ক তথা মানৱদৰদী ব্যক্তি কৃষ্ণ শর্মালৈ ‘মানৱ সেৱা বঁটা’, সাংবাদিক–শিক্ষাবিদ তথা সমাজকর্মী লক্ষীপ্রসাদ ডেকাক ‘যুৱ সমাজকর্মী বঁটা’ প্রদান কৰা হয়৷

You might also like