নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱৰ প্রস্তুতি চলি থকাৰ মাজতে দুই প্রৱঞ্চকৰ পাকচক্রত পৰি সর্বহাৰা হ’বলগীয়া হয় মহানগৰীৰ বামুণীমৈদামৰ এগৰাকী দুর্ভগীয়া মহিলা৷ জানিব পৰা মতে, প্রৱঞ্চক দুটাৰ পাকচক্রত পৰি দুই লক্ষাধিক টকাৰ সোণৰ অলংকাৰ হেৰুৱাব লগা হয় মহিলাগৰাকীয়ে৷ ঘটনাটো সংঘটিত হয় বৃহস্পতিবাৰে৷ প্রাপ্ত তথ্য অনুসৰি, বামুণীমৈদামৰ ৰে’লৱে কলনীৰ কালী মন্দিৰৰ সমীপৰ ডি ব্লকৰ ৯০৪ নম্বৰ আৱাসৰ আৰতী হৰিজন নামৰ মহিলাগৰাকীৰ ঘৰত প্রৱেশ কৰে দুজন লোকে৷
লোক দুজনে নিজকে পতঞ্জলিৰ পৰা অহা বুলি পৰিচয় দিয়ে৷ তাৰ পিছত পতঞ্জলিৰ সামগ্রী ব্যৱহাৰ সম্পর্কত কথা পাতি থকাৰ মাজতে ঘৰতে নিজে সোণ–ৰূপৰ অলংকাৰ পৰিষ্কাৰ কৰিব পৰা এবিধ সামগ্রী থকা বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে ভৰিত পিন্ধি থকা ৰূপৰ পায়েলযোৰ পৰিষ্কাৰ কৰি দিয়ে প্রৱঞ্চক দুটাই৷ তাৰ পিছত একেধৰণে সোণৰ অলংকাৰো বিনামূলীয়াকৈ পৰিষ্কাৰ কৰি দিয়াৰ আশ্বাস দিয়াত মহিলাগৰাকীয়ে সম্পূর্ণ বিশ্বাসত লৈ তেওঁৰ লগতে পৰিয়ালৰ আন কেইবাগৰাকী সদস্যৰ সোণৰ অলংকাৰ ধুবলৈ উলিয়াই দিয়ে৷
আশ্চর্যকৰভাৱে প্রৱঞ্চক দুটাই দুডাল সোণৰ চেইন, তিনিটা আঙঠি আৰু দুযোৰ কাণফুলি বাটি এটাত থ’বলৈ কয়৷ সেই বাটিত কিছু দ্রব্য মিহলি কৰি নির্দিষ্ট বাটিটো ফ্রীজত ১৫ মিনিট ৰাখিবলৈ কয় দুই প্রৱঞ্চকে৷ ১৫ মিনিট পিছত বাটিটো উলিয়াই চাবলৈ কৈয়ে প্রৱঞ্চক দুটা আঁতৰি যায়৷ সেই মতে নির্দিষ্ট সময়ৰ পিছত বাটিটো চোৱাৰ পিছতে মূৰে–কপালে হাত দিবলগীয়া হয় মহিলাগৰাকীয়ে৷ তাত কিছু পাউদাৰজাতীয় সামগ্রীৰ বাদে কোনো অলংকাৰ নাছিল৷ লগে লগে হাহাকাৰ লাগে পৰিয়ালটোত৷ ততাতৈয়াকৈ লোক দুজনক বিচাৰি যায় যদিও কোনো শুংসূত্র নাপালে পৰিয়ালটোৱে৷ উপায়হীন হৈ গীতা নগৰ থানাত ঘটনা সম্পর্কত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে৷