নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেওঁ কয় মোৰ অবৈধ সম্পৰ্ক আছে, বহুবাৰ গৰ্ভপাত হৈছে…

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু বৰ্তমান সময়ত তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত আছে। সামান্থা আৰু নাগা চৈতন্য দুয়োজনৰ মাজত বৰ্তমান বিবাহ বিচ্চেদ হৈছে । দুয়োজনে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিছিল। আনহাতে প্ৰথমবাৰৰ বাবে বিবাহ বিচ্ছেদৰ ঘোষণাৰ পিছত অভিনেত্ৰী সামন্থাই নীৰৱতা ভংগ কৰিছে।

অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰাম যোগে নিজৰ অনুৰাগী সকলক ধন্যবাদ জনাইছে যে কঠিন সময়ত তেওঁক সমৰ্থন দিয়াৰ বাবে। বিবাহ বিচ্ছেদৰ বিষয়ে জানিবলৈ দিছে যে আপোনালোকৰ সহানুভূতিৰ বাবে আপোনাক ধন্যবাদ দিছো যি মোক ভুল উৰাবাতৰি আৰু বাতৰিৰ বিৰুদ্ধে থিয় দিবলৈ সাহস দিছে। তেওঁ কয় যে মোৰ বিষয়ে বহুতে কৈছে, মই সন্তান নিবিচাৰো, মই সুবিধাবাদী আৰু এতিয়া কোৱা হৈছে যে মোৰ বহুবাৰ গৰ্ভপাত হৈছে। বিবাহ বিচ্ছেদ নিজেই এক অতি বেদনাদায়ক প্ৰক্ৰিয়া। মোক অকলে ইয়াক অতিক্ৰম কৰিবলৈ সময় দিয়ক। মোক ব্যক্তিগত ভাৱে বিনাকাৰণত আক্ৰমণ কৰা হৈছে। কিন্তু মই প্ৰতিশ্ৰুতি দিছো যে মই নিজকে ভাঙিবলৈ নিদিওঁ।

উল্লেখ্য যে সামান্থা আৰু নাগা চৈতন্যই ৬ অক্টোবৰ, ২০১৭ তাৰিখে গোৱাত বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ বাবে প্ৰায় ১০ কোটি টকা খৰচ হৈছিল, কিন্তু বিয়া খন চাৰি বছৰ শেষ হোৱাৰ আগতে দুয়ো পৃথক হৈছিল৷ সামান্থাই বিবাহ বিচ্ছেদৰ বিনিময়ত ২০০ কোটি টকাৰ ক্ষতিপূৰণ প্ৰত্যাখ্যান কৰিছিল৷

 

 

You might also like