নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দন্ত চিকিৎসকৰ ব্যয়বহুল মাচুলঃ খঙতে মহিলাই ঘৰতে নিজেই উভালিলে ১১টা দাঁত

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ যেতিয়াই কাৰোবাৰ দাঁতৰ বিষ হয়, তেওঁ দন্ত চিকিৎসকৰ ওচৰলৈ যায়। কিন্তু এই ঘটনা পোহৰলৈ আহিছে লণ্ডনৰ পৰা, যি শুনিলে আপুনি আচৰিত হ’ব। য’ত এগৰাকী মহিলাই বিষত থাকিব নোৱাৰি নিজৰ দাঁত নিজেই উভালি পেলায়।

দ্যা মিৰ’ৰত প্ৰকাশিত খবৰ অনুসৰি, নিজৰ দাঁত উভালি পেলোৱা মহিলাগৰাকী হৈছে ডেনিয়েল ৱাটছ। তেওঁৰ বয়স ৪২ বছৰ। ডেনিয়েলে এই সন্দৰ্ভত কৈছে যে দন্ত চিকিৎসকক দিবলৈ তেওঁৰ ওচৰত পৰ্যাপ্ত ধন নাছিল। তেওঁ দন্ত চিকিৎসকৰ ব্যয়বহুল মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবে নিজৰ দাঁত উভালি পেলায়।

উল্লেখ্য যে মহিলাগৰাকীয়ে যোৱা ৩ বছৰ ধৰি দাঁতৰ বিষত ভুগি আছিল। তেওঁ কেইবাবাৰো দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাৰ কথা ভাবিছিল যদিও ব্যয়বহুল মাচুলৰ বাবে তাই ক্লিনিকলৈ যোৱা নাছিল।

মহিলাগৰাকীয়ে জনাইছিল যে তেওঁ এদিন দাঁতৰ বিষত বৰ বিৰক্ত হৈছিল আৰু তাৰ পিছত নিজেই দাঁত উভালি পেলোৱাৰ সিদ্ধান্ত লৈছিল। দাঁতবোৰ উভালি পেলোৱাৰ বাবে মুখত বহুত বিষ অনুভৱ কৰিছিল যদিও তেওঁৰ ওচৰত আন কোনো বিকল্প নাছিল। মন কৰিবলগীয়া যে তেওঁ তেওঁৰ ১১ টা দাঁত উভালি দিছিল।

You might also like