নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোপৰ ৯০০ চহৰত সেউজীয়াৰ অভাৱত প্ৰতি বছৰে মৃত্যু হয় ৪৩,০০০ লোকৰ…

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ:  ইউৰোপত প্ৰতি বছৰে ৪৩,০০০ লোকৰ মৃত্যু হয় । ইয়াৰ কাৰণ সেউজীয়া পৰিৱেশৰ অভাৱ । বাৰ্চিলোনাৰ ইনষ্টিটিউট অৱ ফল গ্লোবেল হেল্থৰ গৱেষকসকলে তেওঁলোকৰ শেহতীয়া গৱেষণাৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে । সেউজীয়া পৰিৱেশে মানুহৰ স্বাস্থ্য,মন ভালে ৰখাত সহায় কৰে । চাপ আৰু অনিদ্ৰাৰ পৰাও সকাহ দিয়ে । সেউজীয়া পৰিৱেশে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে দীঘলীয়া আৰু এটা স্বাস্থ্যৱান জীৱন দিয়ে । কিন্তু সেউজীয়া পৰিৱেশৰ অভাৱত মানুহৰ মৃত্যুৰ আশংকা বৃদ্ধি পায় । বিশ্ব স্বাস্থ্য সংস্থাই কয় যে- “আপোনাৰ ঘৰখন সেউজীয়া এলেকাৰ ৩০০ মিটাৰ ভিতৰত থাকিব লাগে ” !

গৱেষকসকলে কয় যে- ইউকেৰো ১১৩ খন চহৰত প্ৰতি বছৰে ৭,০৫২ জন লোকৰ মৃত্যু হয় ,সেউজীয়াৰ অভাৱত । এই সম্পৰ্কে বাৰ্চিলোনাৰ ইনষ্টিটিউট ফৰ গ্লোবেল হেল্থৰ নগৰ পৰিকল্পনা বিভাগৰ সঞ্চালক মাৰ্ক জে -য়ে কয়- ইউৰোপৰ চহৰবোৰত সেউজীয়া স্তৰ বৃদ্ধি কৰা প্ৰয়োজন আছে ।

You might also like