নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ ধৰাৰ বুকুলৈ মহালয়ৰ পৱিত্র ক্ষণত নামি অহা মহিষমর্দিনী দুর্গতিনাশিনীক পূজা–অর্চনাৰে সন্তুষ্ট কৰিবলৈ সাজু হৈ উঠিছে ভক্তসকল৷ আজি মহাষষ্ঠী৷ পূজাৰ বেদীত স্থাপন কৰা হ’ব মা দুর্গাৰ প্রতিমা৷ দেৱীপক্ষৰ ষষ্ঠ দিনটো মহাষষ্ঠী হিচাপে পালন কৰা হয়৷ নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে কাইলৈ বেদীত স্থাপন কৰা হ’ব দুর্গতিনাশিনীৰ প্রতিমা৷ ইয়াৰ লগে লগে ৰাজ্যত আৰম্ভ হ’ব দুর্গোৎসৱৰ উৎসাহ–উদ্দীপনা৷ বিগত বর্ষত ক’ভিডৰ বাবে ৰাজ্যত দুর্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্রত সম্পূর্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ পূজা কমিটীসমূহে ঘট পূজাৰ জৰিয়তে কেৱল পৰম্পৰা ৰক্ষা কৰিহে দুর্গাপূজা পালন কৰিছিল৷ এইবাৰ ক’ভিডৰ সংক্রমণ কিছু পৰিমাণে হ্রাস পোৱাৰ পাছত দুর্গোৎসৱ আয়োজন কৰিবলৈ অনুমতি প্রদান কৰা হৈছে৷
অৱশ্যে এইক্ষেত্রত ৰাজ্য চৰকাৰে জাৰি কৰিছে বিশেষ নির্দেশাৱলী৷ সেই অনুসৰি দুর্গাপূজাৰ বিষয়ববীয়া আৰু সদস্যসকলে ল’ব লাগিব ক’ভিড ভেকচিন৷ আনকি ক’ভিড ভেকচিন লোৱা লোকসকলেহে পূজা উপভোগ কৰিব পাৰিব বুলি চৰকাৰে নির্দেশ দিছে৷ সান্ধ্য আইন বলৱৎ হোৱাৰ পাছত কোনো লোকক বাহিৰলৈ ওলাবলৈ অনুমতি প্রদান কৰা নহ’ব বুলিও ইতিমধ্যে প্রকাশ কৰিছে জিলা প্রশাসনে৷ আনহাতে ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পাছত অনুমতি লাভ কৰিলেও পূর্বৰ দৰে এইবাৰ দুর্গোৎসৱৰ আয়োজন কৰা নাই কমিটীসমূহেও৷ বিশেষকৈ মহানগৰীৰ পূজা কমিটীসমূহে প্রকাশ কৰা অনুসৰি এইবাৰ নাথাকিব কোনো বৃহৎ মণ্ডপ, জাকজমকীয়া আলোকসজ্জা, মেলা, সাংস্কৃতিক কার্যসূচী আদি৷ চৰকাৰৰ এছ অ’ পি অনুসৰি চাৰিওফালে খোলা থকা পেণ্ডেল স্থাপন কৰি পৰম্পৰাগত ধর্মীয় ৰীতি–নীতি অনুসৰি এই পূজাসমূহ অনুষ্ঠিত কৰা হ’ব৷ সীমিত পৰিসৰত দুর্গোৎসৱৰ আয়োজন কৰিলেও বজাৰসমূহত সাজ–পোছাক, আ–লংকাৰ আদি বিচাৰি গ্রাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে৷
পুৰোহিতৰ মন্ত্র, স্তোত্র পাঠেৰে মুখৰিত বিল্বেশ্বৰ দেৱালয়ৰ দুর্গোৎসৱৰ নৱৰাত্রি পূজা
পৱিত্র মহালয়াৰ পাছতেই সর্বত্র এতিয়া চলিছে শাৰদীয় দুর্গোৎসৱৰ প্রস্তুতি৷ কাইলৈ মহাষষ্ঠীৰ বেদীত শক্তিৰ অধিষ্ঠাত্রী দেৱী দুর্গাক প্রতিষ্ঠা কৰাৰ পাছতেই ৰাজ্যৰ চৌপাশে মণ্ডপে মণ্ডপে দেৱীৰ পূজা–বন্দনাই মুখৰিত কৰিব যদিও নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস বিজডিত বিল্বেশ্বৰ দেৱালয়ত ৰাজকীয় পৰম্পৰাৰে প্রতিপদ তিথিৰ দিনটোৰ পৰাই আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱ৷ পুৰোহিতৰ মন্ত্র, স্তোত্র পাঠৰ লগতে বলি–বিধানেৰে আৰম্ভ হোৱা ইতিহাসপ্রসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ শাৰদীয় দুর্গোৎসৱৰ নৱৰাত্রি পূজাৰ মাজতে আজি মহাষষ্ঠীৰ বেদীত প্রতিষ্ঠা হ’ব দেৱী দুর্গাক৷ প্রাচীন শৈৱপীঠস্থানখন ধর্মীয় পৰম্পৰা অনুসৰি আধ্যাত্মিকতাৰ পীঠস্থান৷ এই পৱিত্র দেৱালয়খনত তাহানিৰ পৰাই প্রতিপদৰ পৰা নৱমীলৈকে দেৱীৰ ৯টা ৰূপত পূজা–আৰাধনা কৰি অহা হৈছে৷
অৱশ্যে প্রতিপদৰ পৰা ষষ্ঠীলৈকে দেৱালয়ৰ মণিকূটৰ ভিতৰত দেৱী দুর্গাৰ পূজা–অর্চনা চলাৰ পাছত ষষ্ঠীৰ সন্ধিয়া দেৱালয়ৰ স্থায়ী বেলবৰণ গৃহত দেৱীৰ আমন্ত্রণ, অধিবাসেৰে বহু আকাংক্ষিত বিল্ববোধন কৰি পাছত স্থায়ী দুর্গা মন্দিৰত যথা ৰীতি–নীতি অনুসৰি দেৱীৰ পূজা–আৰাধনা চলে৷ সেই অনুসৰি আজি পুৱা দেৱীৰ ‘স্কন্ধমাতা’ ৰূপী দেৱী পূজাৰ পাছত ষষ্ঠাদি কল্পাৰম্ভ পূজাত দেৱীৰ ‘কাত্যায়নী’ ৰূপত পূজা–বন্দনা চলাৰ পাছত কাইলৈ ষষ্ঠীৰ সন্ধিয়া দেৱালয়ৰ স্থায়ী বেলবৰণ গৃহত দেৱীৰ আমন্ত্রণ, অধিবাসেৰে বহু আকাংক্ষিত বিল্ববোধন কৰি পাছত স্থায়ী দুর্গা মন্দিৰত ৰামকল গছ এজোপাক নানাৰঙী বস্ত্র, আ–লংকাৰ পিন্ধাই সুন্দৰ ৰূপত দেৱী দুর্গা সজাই দেৱীৰ নৱপত্রিকা স্থাপন কৰি পাছত মহাসপ্তমীবিহিত কল্পাৰম্ভ পূজাত দেৱীৰ ‘কালৰাত্রীি’ ৰূপত, মহা অষ্টমীবিহিত কল্পাৰম্ভ পূজাত ‘মহাগৌৰী’ ৰূপত আৰু মহানৱমীবিহিত কল্পাৰম্ভ পূজাত ‘সিদ্ধিদাত্রী’ ৰূপত ‘নৱৰাত্রি’ হিচাপে আৰু দশমীৰ দিনা অপৰাজিতা পূজাৰে দেৱীক বিসর্জন দি বিজয়া দশমী উৎসৱ হিচাপে পালন কৰি অহাৰ পৰম্পৰা আৰু প্রথা বিদ্যমান৷
ইপিনে, আজি মহাষষ্ঠীৰ পুৱা ১০ বজাত ককয়া ঢ়কুৱান্ধাৰ অচ্যুত মিশ্রৰ ঘৰৰ পৰা এক বর্ণাঢ়্য শোভাযাত্রাৰে দেৱী সজাবলৈ ৰামকল গছজোপাক আদৰি অনাৰ বাবে পূজা পৰিচালনা সমিতি সাজু হৈ পৰিছে৷ লগতে দেৱী সজাবলৈ যি বাঁহৰ জঁকাৰ প্রয়োজন, সেই জঁকাটোও গায়ন–বায়নৰ দলে শংখ, ঘণ্টা বজাই এক বৈদিক নীতি–নিয়মৰ মাজেৰে দেৱালয়ৰ সমীপৰ মাতাপাৰাৰ ভগৱান হালৈৰ ঘৰৰ পৰা আদৰি আনিব৷ ইয়াৰ পাছত সন্ধিয়া বন্তি প্রজ্বলন, দেৱীৰ বোধন, আমন্ত্রণ, অধিবাস আৰু ভক্তিমূলক কার্যসূচীত বন্তি প্রজ্বলন কৰি অতিথি হিচাপে জিলাৰ উপায়ুক্ত তথা দেৱালয় পৰিচালনা সমিতিৰ মুৰব্বী গীতিমণি ফুকনে অংশ লোৱাৰ কথা আছে৷