বিশ্বৰ প্রথম মেৰুদণ্ডী প্রাণী হৈছে মাছ৷ আৰু বিশ্বত এতিয়ালৈকে এই জলচৰ প্রাণীবিধৰ ভিতৰত সৰু–ডাঙৰ মুঠতে ৩৪,০০০ৰ অধিক প্রজাতি বিচাৰি পোৱা গৈছে বুলি জনা গৈছে৷ ইয়াৰ বিপৰীতে আমাৰ ৰাজ্যত আজিলৈ ২১৬টা প্রজাতিৰ মাছৰ অস্তিত্ব প্রতিপন্ন কৰাৰ তথ্য পোৱা গৈছে৷ বেছিভাগ মাছেই নিজৰ মুখমণ্ডলত সংযোজিত জলক্লোমৰ সহায়ত পানীত দ্রবীভূত হৈ থকা অক্সিজেন গ্রহণ কৰি জীয়াই থাকে৷ অতি কমসংখ্যক মাছে অৱশ্যে জলক্লোমৰ উপৰি বায়ুমণ্ডলৰ অক্সিজেন গ্রহণ কৰিও প্রাণ বর্তাই ৰাখে৷ আমাৰ ৰাজ্যত পোৱা তেনে বায়ুশ্বাসী মাছ কেইবিধমান হৈছে– শিঙি, মাগুৰ, গৰৈ, শাল, শ’ল, চেঙেলী, কাৱৈ ইত্যাদি৷
মানুহৰ সৃষ্টিৰ বহু পূর্বেই মাছৰ সৃষ্টি হোৱাত মানুহে মাছৰ প্রকৃতি সম্পর্কে অতীজৰ পৰাই জনাটো সম্ভৱ হৈ আহিছে৷ তেনেদৰে দেখি থকা মাছকে এদিন খাই তৃপ্তি পোৱাৰ পাছৰ পৰাই ইয়াক খোৱাৰ প্রতি যত্নপৰ হ’ব ধৰে৷ আৰু তাৰ পৰৱর্তী সময়ত মাছৰ পুষ্টি সম্পর্কে জ্ঞাত হোৱাত ইয়াক গ্রহণৰ প্রতি জনউৎসুকতা বৃদ্ধি পোৱাটোও সম্ভৱ হৈ উঠিব ধৰে৷ পৰিণতিত সম্প্রতি মাছৰ গুৰুত্ব তথা চাহিদা সমাজত বৃদ্ধি পোৱাটো সহজতৰ হৈ উঠিব ধৰিছে৷ তাৎপর্যপূর্ণ যে অন্য প্রাণী বা প্রাণীজ প্রস্তুত দ্রব্যৰ তুলনাত মাছত নিহিত হৈ থকা শক্তিৰ পৰিমাণ ভালেখিনি বেছি৷ উদাহৰণস্বৰূপে ১০০ গ্রাম মাছত পোৱা ১৯৩ কেল’ৰি শক্তিৰ বিপৰীতে সমপৰিমাণৰ ছাগলীৰ মাংস, গো–মাংস আৰু কুকুৰাৰ কণীত পোৱা শক্তিৰ পৰিমাণ হৈছে ক্রমে ১৪৩ কেল’ৰি, ১১৪ কেল’ৰি আৰু ১৭৩ কেল’ৰিহে৷ আনহাতে, সাপমূৰীয়া মাছ যেনে– শাল, শ’ল, গৰৈ, চেঙেলী আদি মাছত আকৌ এৰাচিডনিক এচিড থাকে, যিয়ে প্রষ্টাগ্লেন’ডিন আৰু লিউক’ড্রিয়েন্স নামৰ দুবিধ ৰাসায়নিক পদার্থ প্রস্তুত কৰে৷ এই দুবিধ ৰাসায়নিক পদার্থই তেজৰ চেকুৰা বন্ধাই ইয়াৰ নির্গমনত বাধা প্রদানৰ বাবে অণুচক্রিকাসমূহক সক্রিয় কৰি ৰাখে৷
মাছৰ পৰা শক্তিৰ উপৰি পোৱা হয় গডে ১৮–২২ শতাংশ প্রটিন, ১–৬ শতাংশ লিপিড, ০.৪–১ শতাংশ কার্বহাইড্রেট আৰু ৮০ শতাংশ পানী৷ ইবিলাকৰ উপৰি বায়ুশ্বাসী মাছত থাকে যথেষ্ট পৰিমাণে আইৰন আৰু কপাৰ, যি আমাৰ ৰক্তত হিমগ্ল’বিনৰ পৰিমাণ বৃদ্ধিৰে ৰক্তহীনতা দূৰীকৰণত সহায় কৰে৷ ইফালে, মাছৰ তেলত পোৱা যায় যথেষ্ট পৰিমাণৰ অমেগা–৩ ফেটি এচিড, ডি এইচ এ আৰু ই পি এ উপাদান৷ ইয়াৰ অমেগা–৩ ফেটি এচিডে আমাৰ দেহত বেয়া কলেষ্টৰেলৰ পৰিমাণ কমাই ভাল কলেষ্টৰেলৰ সৃষ্টিত সহায় কৰে৷ লগতে মগজুক সুস্থ ৰাখি অৱসাদ দূৰীকৰণ, নিদ্রাহীনতা উপশম আৰু ডিমেনছিয়া হ্রাসত ধনাত্মক প্রভাৱ পেলাব পাৰে বুলি উল্লেখ পোৱা গৈছে৷ তেনেকৈ ডি এইচ এ আৰু ই পি এ উপাদানে ঘাইকৈ গর্ভৱতী মহিলাৰ গর্ভস্থ সন্তানৰ সুষম বিকাশ আৰু মগজুৰ বিকাশত ইতিবাচক প্রভাৱ পেলাব পাৰে বুলি জনা গৈছে৷ কেৱল সেয়ে নহয়, ছিডনী বিশ্ববিদ্যালয়ত চলোৱা গৱেষণাৰ অন্তত পোহৰলৈ আহিছে যে যিবিলাক শিশুক দৈনিক নির্দিষ্ট পৰিমাণৰ মাছ খুওৱা হয়, তেনে শিশু মাছ নোখোৱা শিশুতকৈ এজমা ৰোগত কমকৈ আক্রান্ত হয়৷ তদুপৰি মাছ খালে আমাৰ তেজত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্রিত থাকে বাবে মধুমেহ ৰোগীয়ে নিয়মীয়াকৈ মাছ খোৱাটো উচিত বুলি কোৱা হয়৷ মাছে দৃষ্টিশক্তি অটুট ৰাখে বুলি উল্লেখ পোৱা যায়৷
মাছৰ ইমানবিলাক ধনাত্মক দিশ থকাৰ উপৰি ইয়াৰ খাদ্য প্রস্তুতিয়ে কম সময় লোৱা আৰু কম তেল–মচলা ব্যয়েৰেই অধিক উপভোগ্য কৰি তুলি পৰাটো হৈছে ইয়াৰ অতিৰিক্ত বৈশিষ্ট্য৷ ইয়াক পুৰি, পিটিকা কৰি, খৰিকাত দি, ভাজি ভাপত দি, পাতত দি, চৰচৰি কৰি বা জোল তৰকাৰী কৰিও খোৱা সহজ৷ তাৰ বাহিৰেও শুকুৱাই ৰাখি, অথবা আচাৰ কৰি দীর্ঘ সময়লৈ ব্যৱহাৰোপযোগী কৰি ৰখাও সম্ভৱ৷ তেনেকৈ মাছৰ কণী, মাছৰ ৰূৰ আৰু ইয়াৰ পেটুকো সুস্বাদু ব্যঞ্জনৰ ৰূপত ব্যৱহাৰ কৰিব পৰা হয়৷ এইখিনিতে উল্লেখনীয় যে মাছ তৃপ্তিদায়ক খাদ্য হ’লেও মাইকী মাছৰ দেহত কণীৰ সঞ্চাৰণ ঘটাৰ পৰা কণী পৰাৰ সময়লৈ তৃপ্তি বহুগুণে হ্রাস পায়৷ তাতেই তেনে অৱস্থাত মাছ ধৰি খালে মাছৰ কণী, অর্থাৎ ভৱিষ্যৎ বংশধৰক হত্যাৰ উপায় কৰিবলৈ গ’লে মাছৰ বংশবিস্তাৰ বাধাগ্রস্ত হোৱাৰ অৱকাশ থাকে৷ সেয়ে ফাগুনৰ পৰা জেঠলৈ কণী লগা মাছ খোৱাৰ পৰা বিৰত থকা উচিত৷ উক্ত সময়খিনিত অৱশ্যে মাছ ধৰি খোৱা কার্য আইনগতভাৱেও নীতিবিৰোধ কর্মৰ শাৰীত থাকি অন্য সময়ত ইয়াক খোৱাত মনোনিৱেশ কৰিলে মৎস্যকুলৰ বহনক্ষম বিকাশৰ সমান্তৰালভাৱে মানৱকুলৰো উপকাৰ সাধন হ’ব বুলি আশা কৰিব পাৰি৷