নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ডেংগুত আক্রান্তৰ সংখ্যা ১০০০লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা,  ২৬ অক্টোবৰঃ দেশৰ ৰাজধানী নতুন দিল্লীত ডেংগুত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ বিগত সপ্তাহত নতুনকৈ ২৮০জনতকৈ অধিক লোক ডেংগুত আক্রান্ত হোৱাত ৰাজধানী চহৰখনত এই ৰোগত আক্রান্ত হোৱাৰ সংখ্যা ১০০০লৈ বৃদ্ধি পাইছে৷ ডেংগুত আক্রান্ত হৈ যোৱা ১৮ অক্টোবৰত প্রথমজন ৰোগীৰ মৃত্যু ঘটিছে৷ ২৩ অক্টোবৰলৈকে ৰাজধানী চহৰখনত আক্রান্তৰ সংখ্যাই সহস্রাধিক অতিক্রম কৰাত এই আক্রান্তৰ সংখ্যা ২০১৮ চনৰ তুলনাত অধিক বৃদ্ধি হৈছে৷

তথ্য মতে ১ জানুৱাৰীৰ পৰা ১৬ অক্টোবৰলৈকে ২০২০ চনত ৪৮৯জন, ২০১৯ চনত ৮৩৩জন, ২০১৮ চনত ১৩১০জন আক্রান্ত হোৱাৰ বিপৰীতে এইবেলি অতি কম সময়ৰ ভিতৰতে সহস্রাধিকজন লোক আক্রান্ত হৈছে৷ জানুৱাৰীত এজনো লোক আক্রান্ত হোৱা নাই, ফেব্রুৱাৰীত ২, মার্চত ৫, এপ্রিলত ১০, মে’ত ১২, জুনত ৭, জুলাইত ১৬, আগষ্টত ৭২জন আক্রান্ত হৈছে৷ বাকীখিনি ছেপ্ঢেম্বৰ, অক্টোবৰত আক্রান্ত হৈছে৷

You might also like