নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক অনা-অনুভূত ভোক

ডাঃগোলাপ ডেকা 

আমাৰ ভোক লাগিলে আমি অনুভৱ কৰোঁ আৰু তেতিয়া আমি আহাৰ খাই পেট ভৰাও৷ এনেদৰেই আমাৰ ভোক বা ক্ষুধা নিবাৰণ কৰোঁ৷ এই ভোক আহাৰৰ গুণাগুণৰ ওপৰত নির্ভৰ নকৰে৷ পেট ভৰাই আহাৰ খালেই আমি সন্তুষ্ট হও৷ কিন্তু আমাৰ আৰু এবিধ ভোক বা ক্ষুধা আছে যাক আমি অনুভৱ নকৰোঁ৷ এইটো অনানুভূত ভোক বা ক্ষুধা– যাক ইংৰাজীত ‘হিডেন হাংগাৰ’ বুলি কোৱা হয়৷ এই ভোকনো কি?
শিশুৰ ক্ষেত্রত ই বেছি গুৰুত্বপূর্ণ৷ বিশ্ব স্বাস্থ্য সন্থাৰ মতে, শিশুক ছমাহ বয়সৰ পিছত মাতৃ দুগ্ধৰ উপৰি অন্যান্য আহাৰ খাবলৈ দিব লাগে৷ শিশুৰ শাৰীৰিক বাঢ়ন আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্যৰ প্রয়োজন৷ শিশুৰ শাৰীৰিক বাঢ়ন আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্যৰ প্রয়োজন৷ আমি খোৱা যিকোনো আহাৰ খালেই শিশুৰ ভোক নিবাৰণ হ’ব পাৰে৷ কিন্তু ই পুষ্টিকৰ নহ’বও পাৰে৷ স্বাস্থ্যৰ বাবে শর্কৰা, চর্বি আৰু প্র’টিনৰ উপৰি বিভিন্ন ভিটামিন আৰু লৱন জাতীয় পদার্থৰ প্রয়োজন৷ আমি খোৱা খাদ্যত এই ভিটামিন আৰু খনিজ পদার্থ যথেষ্ট পৰিমাণৰ নাথাকিবও পাৰে আৰু তেতিয়াই শৰীৰত এই অভাৱৰ বাবে বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ অভাৱ শিশু বা আমি খাওতে অনুভৱ কৰিব নোৱাৰোঁ, যাক অনা অনুভূত ক্ষুধা বোলে৷ ইয়াৰ ফলত পুষ্টিৰ ব্যৱধানৰ সৃষ্টি হয়৷ উদাহৰণস্বৰূপে আয়’ডিন, আয়ৰণ বা লৌহ পদার্থ জিংক, ভিটামিন এ, ভিটামিন ডি, ফলিক এচিডৰ অভাৱ হ’ব পাৰে৷ আয়’ডিনৰ অভাৱৰ বাবে নৱজাত শিশুৰ মগজুৰ বা স্নায়ুতন্ত্রৰ বিকৃতি হ’ব পাৰে৷ সেইদৰে ফলিক এচিডৰ অভাৱৰ ফলত (অৱশ্যে গর্ভস্থ অৱস্থাত মাকৰ আহাৰত) স্নায়ুতন্ত্রৰ জন্মগত বিকলাংগ হ’ব পাৰে৷ জন্মৰ পাছতো ফলিক এচিডৰ অভাৱৰ ফলত ৰক্তাল্পতা, কেঞ্চাৰ আদি ৰোগ হ’ব পাৰে৷ সেইদৰে আইৰণৰ অভাৱৰ ফলত ৰক্তাল্পতা হৈ শাৰীৰিক আৰু মানসিক বিকাৰগ্রস্ততা হ’ব পাৰে৷ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস পায়৷ ভিটামিন ‘এ’ৰ অভাৱৰ বাবে দৃষ্টিশক্তি লোপ পায়, ৰোগ প্রতিৰোধ ক্ষমতা কমি ডায়েৰীয়া, সৰু আই, নিউমোনিয়া আদি ৰোগত আক্রান্ত হৈ শিশুটি ৰোগগ্রস্ত হোৱাৰ উপৰি মৃত্যুমুখী হ’ব পাৰে৷ ভিটামিন ‘ডি’ৰ অভাৱৰ বাবে শিশুটি ‘ৰিকেট’ বা পয়ালগা ৰোগত আক্রান্ত হ’ব পাৰে আৰু অনেক ৰোগ হ’ব পাৰে, জিংকৰ অভাৱত শাৰীৰিক বাঢ়ন ব্যাহত হোৱাৰ উপৰি ৰোগ প্রতিৰোধ ক্ষমতা কমি ঘনাই বিভিন্ন ৰোগত আক্রান্ত হয়৷ ফলত শিশুৰ ৰোগগ্রস্ততা আৰু মৃত্যুৰ হাৰ বৃদ্ধি পায় আৰু ভৱিষ্যতে দেশৰ ক্ষতিসাধন হয়৷
শিশুৰ ছমাহ বয়সৰ পিছত যিবোৰ খাদ্য গ্রহণ কৰে সেই খাদ্যত ভাত, দাইল, ৰুটি, শাক–পাচলি ইত্যাদি যথেষ্ট পৰিমাণৰ ফাইটেত Phytate) নামৰ এবিধ দ্রব্য থাকে যাৰ বাবে খাদ্যত থকা জিংক আৰু লৌহ পদার্থ শৰীৰে গ্রহণ কৰিব নোৱাৰে৷ ফলত এই পদার্থসমূহৰ অভাৱ ঘটে৷ সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই ‘ফর্টিফাইড’ fortified) খাদ্য শিশুক খুৱাবলৈ অনুমোদন জনাইছে৷ এই ফর্টিফাইড ফুডত শর্কৰা, চর্বি, প্রটিনৰ উপৰি বিভিন্ন ভিটামিন, খনিজ পদার্থসমূহ আধুনিক বৈজ্ঞানিক পদ্ধতিৰে আৱশ্যকীয় নির্দিষ্ট অনুমোদিত পৰিমাণত মিশ্রন ঘটাই তৈয়াৰ কৰা হয়৷ যাৰ ফলত শিশুটি বিভিন্ন অভাৱ বা পুষ্টিহীনতাৰ পৰা ৰক্ষা পৰে৷ অৱশ্যে দিনটোত এবাৰ বা দুবাৰ এই আহাৰ দিয়াৰ উপৰি আমি খোৱা খাদ্য, শাক–পাচলি, ফলমূল আদি দিনে তিনি–চাৰিবাৰকৈ দিয়া উচিত৷ বিশেষকৈ শিশুৰ জীৱনৰ প্রথম এহেজাৰটা দিন অতি মূল্যৱান৷ (দুবছৰ বয়সলৈকে)৷ কিয়নো শিশুৰ মগজুৰ ৮০ শতাংশ বৃদ্ধি এই সময়তেই হয়৷ বিভিন্ন বেলেগ বেলেগ খাদ্যবস্তুত বেলেগ বেলেগ ভিটামিন আৰু মাইক্র’ নিউট্রিয়েণ্টচ (খনিজ পদার্থ) থাকে, সেয়ে শিশুক সৰুৰে পৰাই বিভিন্ন খাদ্যবস্তুৰ জুতিৰে আকর্ষিত কৰি খুৱাব লাগে৷ শিশুক খাবলৈ বা পঢ়িবলৈ কোনো কাৰণত ইচ্ছা নকৰিলে জোৰ কৰিব নালাগে৷ কৌশলেৰে তেওঁলোকৰ মন আকর্ষিত কৰিব পাৰিলেই ভাল৷ অৱশ্যে হাইডেন হাংগাৰ পূৰণ কৰিবলৈ মাতৃগৰাকীৰ গর্ভস্থ অৱস্থাৰ পৰাই বিভিন্ন খাদ্যবস্তু মানে পুষ্টিকৰ আহাৰ, আয়ৰণ, ভিটামিন, কেলচিয়াম, ভেকচিন আদি গ্রহণ কৰি এটি নিৰোগী সুস্থ–সবল শক্তিশালী শিশুৰ পৰিকল্পনা কৰিব লাগিব৷ জন্মৰ পাছত ছমাহ বয়সলৈকে একমাত্র মাতৃ দুগ্ধহে খুৱাব লাগে৷ সাত মাহৰ পৰা অন্য আহাৰ খুওৱাৰ ব্যৱস্থা কৰিব লাগে৷

You might also like