নিৰাপত্তা পৰিষদত পুনৰ মুখথেকেচা চীনৰ
কাশ্মীৰ বিষয়ক লৈ আলোচনা কৰিবলৈ অস্বীকাৰ বিশ্বৰ সৰ্বোচ্চ সংস্থাৰ
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠকত পুনৰ কাশ্মীৰ প্রসংগ উত্থাপন কৰিবলৈ গৈ ব্যর্থ হৈছে চীন৷ ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ উপৰি উপত্যকা প্রদেশখনক দুই কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ পাঁচ মাহ পিছত বিশ্বৰ সর্বোচ্চ সংস্থাটোত কাশ্মীৰ প্রসংগক লৈ আলোচনাৰ দাবীৰ এয়া দ্বিতীয়টো ঘটনা চীনৰ৷ উল্লেখনীয় যে কালি নিউয়র্কস্থিত নিৰাপত্তা পৰিষদৰ কার্যালয়ত সংস্থাটোৰ আলোচনাত কার্যসূচীত কাশ্মীৰ বিষয় ৰখাৰ দাবী কৰিছিল চীনে৷ কিন্তু নিৰাপত্তা পৰিষদৰ অন্য কোনো সদস্য ৰাষ্ট্রই চীনৰ এই দাবীত সহমত পোষণ নকৰিলে৷ বিষয়টো উত্থাপনৰ ক্ষেত্রত চীনক বাধা প্রদান কৰি অন্য সদস্য ৰাষ্ট্রবোৰে কয় যে এয়া এক অনানুষ্ঠানিক আলোচনা৷ গতিকে ইয়াত কাশ্মীৰ বিষয়ে কেতিয়াও স্থান লাভ কৰিব নোৱাৰে৷ লক্ষণীয়ভাৱে চীনে দ্বিতীয়বাৰলৈ কৌশলেৰে কাশ্মীৰ বিষয়ৰ ওপৰত নিৰাপত্তা পৰিষদৰ আলোচনাৰ দাবী কৰিছে৷ সংস্থাটোত থকা ভাৰতৰ স্থায়ী প্রতিনিধি ছয়ীদ আকবৰ উদ্দিনে চীনৰ এই চেষ্টা ব্যর্থ হোৱাৰ তথ্য টুইটাৰযোগে সদৰী কৰি কৈছে যে ৰাষ্ট্রসংঘত ভাৰতৰ জাতীয় পতাকা সগর্বে উৰি আছে৷