নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্রসন্থাৰ সাধাৰণ নিৰ্বাচন

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্রসন্থাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে এক উখল-মাখল পৰিৱেশ । নিৰ্বাচনী বতাহে চুই গৈছে বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলক । উল্লেখনীয় যে অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ নিৰ্বাচন । স্নাতকোত্তৰ ছাত্র সন্থাৰ ২০২০-২১ বর্ষৰ নিৰ্বাচনত এইবেলি মুঠ ৩৪ গৰাকী ছাত্র-ছাত্ৰীয়ে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব । নিৰ্বাচনী বিষয়াই এই সন্দৰ্ভত আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা তালিকা অনুসৰি সভাপতি পদৰ বাবে হেমেন কলিতা , হেমাংগ নাথ আৰু সুমন শৰ্মা , উপ-সভাপতি পদৰ বাবে অভিজিৎ শইকীয়া , নৱদীপ বৰগোঁহাই , প্ৰিয়া দত্ত আৰু চাজিনা য়াছমিন , সাধাৰণ সম্পাদক পদৰ বাবে বিকি শৰ্মা , জিতু কলিতা আৰু ৰাজদ্বীপ বৰুৱা , সহকাৰী সাধাৰণ সম্পাদক পদৰ বাবে মনীষা ডেকা , নিতুমণি কুমাৰ আৰু ৰশ্মি কলিতা , সাহিত্য সম্পাদক পদৰ বাবে জ্ঞানপ্ৰতিম দেৱশৰ্মা আৰু পংকজ নেওগ , সংগীত সম্পাদক পদৰ বাবে অনন্যা মহন্ত , দেৱাশীষ বৰ্মন আৰু প্ৰত্যাশী কলিতা , সাংস্কৃতিক সম্পাদক পদৰ বাবে অলংকৃতা মহন্ত আৰু দিশা শৰ্মা , তৰ্ক আৰু আলোচনাচক্ৰ পদৰ বাবে ভাস্বতী দেৱী আৰু মনীষা বৰা , লঘুক্ৰীড়া বিভাগৰ সম্পাদক পদৰ বাবে বিক্ৰম হাজৰিকা আৰু নীতামণি কাকতি , সাধাৰণ ক্ৰীড়া বিভাগৰ পদৰ বাবে গণেশ বাৰো আৰু ৰাকেশ বৈশ্য , ছাত্র জিৰণি কোঠা সম্পাদক পদৰ বাবে আবিদ আৰমান তাপাদাৰ আৰু খঞ্জন ফুকন , ছাত্ৰী জিৰণি কোঠা সম্পাদক পদৰ বাবে মুন মল্লিক আৰু চাহেলি দাৰফাং , শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদৰ বাবে পল্লব হাজৰিকা আৰু ৰোহিত বসুমতাৰী তথা সমাজ সেৱা বিভাগৰ সম্পাদক পদৰ বাবে বিষুৱ মেধি আৰু প্ৰীতি কলিতাই প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে । উল্লেখনীয় যে গুৰু ক্ৰীড়া বিভাগৰ পদত অৱতীৰ্ণ খৌৰামদাও বসুমতাৰীয়ে বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

You might also like