সম্পাদকীয় : বিকশিত ভাৰত –জি ৰাম জি
জীৱন আৰু জীৱিকাৰ নিশ্চয়তা এখন ৰাষ্ট্রৰ নাগৰিকৰ সুচলতাৰ সঁচাৰ–কাঠী৷ নাগৰিকসকলক এই নিশ্চয়তা প্রদান কৰাটো ৰাষ্ট্রৰ প্রাথমিক অগ্রাধিকাৰ৷ এখন কল্যাণকামী ৰাষ্ট্র হিচাপে ভাৰতে এইক্ষেত্রত অগ্রণী ভূমিকা পালন কৰি আহিছে৷ এনে অগ্রাধিকাৰৰ ভিত্তিতেই ভাৰতে শেহতীয়াকৈ প্রণয়ন কৰিছে ‘বিকশিত ভাৰত–নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা মিছন ‘গ্রামীণ’ৰ চমুকৈ ‘ভিবি–জি ৰাম জি’ বিধেয়ক–২০২৫ আৰু সংসদৰ শেহতীয়া শীতকালীন অধিৱেশনতে সদনত ই গৃহীত হোৱাৰ পিছত ৰাষ্ট্রপতিৰ স্বাক্ষৰ প্রদানেৰে বিধেয়কখন ইতিমধ্যে আইনত পৰিণত হৈছে৷
গ্রাম্য নিয়োগ নিশ্চিতিৰে ভাৰতৰ সামাজিক সুৰক্ষাৰ দিশত ই এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে৷ বিকশিত ভাৰত–২০৪৭ৰ দীর্ঘম্যাদী দৃষ্টিভংগী আৰু লক্ষ্য সাধনৰ সৈতে এই অভিযানক একত্রিত কৰা হৈছে৷ কাৰণ, দেশ এখনৰ সামগ্রিক বিকাশ সাধনৰ বাবে সামাজিক সুৰক্ষা বিশেষকৈ গ্রাম্য নিয়োগক বিশেষ অগ্রাধিকাৰ প্রদান কৰাৰ প্রয়োজন হয়৷
বিশেষকৈ ভাৰতৰ দৰে এখন গ্রাম্য অর্থনীতিৰ দেশত ইয়াৰ প্রয়োজনীয়তা অনস্বীকার্য৷ সেইবাবেই স্বৰাজোত্তৰ পিছৰ পৰাই ভাৰতৰ গ্রাম্য উন্নয়নৰ নীতিসমূহত দৰিদ্রতা হ্রাস কৰা, কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা, উদ্বৃত্ত আৰু কম নিয়োজিত গ্রাম্য শ্রমিকৰ বাবে কর্মসংস্থাপন সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা হৈছে৷ গ্রাম্য নিয়োগৰ এনে প্রয়াসে গ্রাম্য জীৱিকাক সকাহ প্রদান কৰাৰ লগতে বিকাশৰ মৌলিক আন্তঃগাঁথনিসমূহকো শক্তিশালী কৰি তুলিছে৷
কিন্তু সময়ৰ লগে লগে পৰিৱর্তিত আর্থ–সামাজিক পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই এইক্ষেত্রত এটা বিৱর্তনৰ ধাৰাক আগুৱাই নিয়াৰ প্রয়োজনীয়তা আহি পৰে৷ এনে পৰিপ্রেক্ষিততে ভাৰতৰ গ্রাম্য নিয়োগৰ প্রয়াস আৰম্ভ কৰি সময়ৰ লগত খাপখোৱাকৈ তাৰ বিৱর্তনো সাধিত কৰি অহা হৈছে৷ এনে কার্যসূচীৰ আৰম্ভণি ঘটিছিল ১৯৬০ চনৰ গ্রাম্য জনশক্তি কার্যসূচী আৰু ১৯৭১ চনৰ গ্রাম্য নিয়োগৰ ক্রেচ আঁচনিৰ পৰা৷
পিছত ১৯৮০ আৰু ১৯৯০ চনত আৰু অধিক গাঁথনিগত প্রচেষ্টা চলোৱা হয়, য’ত ৰাষ্ট্রীয় গ্রাম্য নিয়োগ কার্যসূচী, গ্রাম্য ভূমিহীন নিয়োগ নিশ্চয়তা কার্যসূচী আদি যুগুত কৰা হয়৷ পিছলৈ ১৯৯৩ চনত দুয়োখন কার্যসূচীকে একত্রিত কৰি জৱাহৰ ৰোজগাৰ যোজনা কৰা হয়৷ পৰৱত্ সময়ত ক’ভাৰেজ আৰু সমন্বয় উন্নত কৰাৰ লক্ষ্যৰে ১৯৯৯ চনত পুনৰ সম্পূর্ণ গ্রামীণ ৰোজগাৰ যোজনাৰ ৰূপ দিয়া হয়৷ তেনেদৰে নিয়োগ নিশ্চয়তা আঁচনি আৰু কামৰ বাবে খাদ্য কার্যসূচীৰ দৰে পৰিপূৰক আঁচনিসমূহৰ জৰিয়তে ঋতুভিত্তিক নিবনুৱা সমস্যা আৰু খাদ্য সুৰক্ষাৰ সমাধানৰ প্রয়াস কৰা হৈছিল৷
আনহাতে, ১৯৭৭ চনৰ মহাৰাষ্ট্র নিয়োগ নিশ্চয়তা আইনখনৰ জৰিয়তে প্রৱর্তন কৰা কামৰ বিধিগত অধিকাৰৰ ধাৰণাটোৰে অভিজ্ঞতাক সমল হিচাপে লৈ ২০০৫ চনত মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চয়তা আইন এম জি এনৰেগাৰ প্রণয়ন কৰা হয়৷ এই আইনখনৰ ঠাইত নতুন আইনখনত অর্থাৎ ‘ভিবি – জি ৰাম জি’ত জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰিব পৰাকৈ আধুনিক বিধিগত কাঠামো সৃষ্টি কৰা হৈছে৷ শেহতীয়াকৈ দেশে নির্ধাৰণ কৰা ‘বিকশিত ভাৰত–২০৪৭’ লক্ষ্যৰ সৈতে ৰজিতা খুৱাই প্রণয়ন কৰা হৈছে এই আইনখন৷
এই আইনখনে গ্রাম্য নিয়োগক স্বতন্ত্র কল্যাণমূলক হস্তক্ষেপৰ পৰা উন্নয়নৰ সংহত আহিলালৈ ৰূপান্তৰিত কৰিব বিচাৰিছে৷ ই গ্রাম্য পৰিয়ালসমূহৰ আয়ৰ সুৰক্ষা নিশ্চিত কৰিব৷ এই আইনখনৰ ধাৰা ৫(১)ৰ অধীনত যিবোৰ পৰিয়ালত প্রাপ্তবয়স্ক সদস্যই স্বেচ্ছাই হাতেৰে কৰা অদক্ষ কাম কৰিব বিচাৰে, সেইবোৰ পৰিয়ালক প্রতিটো বিত্তীয় বর্ষত কমেও ১২৫ দিনৰ বিধিগত মজুৰিসহ নিয়োগৰ নিশ্চয়তা প্রদান কৰিব৷
পূর্বৰ এম জি এনৰেগাৰ বিধান অনুসৰি, ১০০ দিনৰ কাম লাভৰ সুবিধাৰ সলনি এনেদৰে কর্মদিন বৃদ্ধিয়ে গ্রাম্য পৰিয়ালসমূহৰ বাবে জীৱিকাৰ সুৰক্ষা, কামৰ নিশ্চিতি আৰু আয়ৰ সুস্থিৰতাক শক্তিশালী কৰি তুলিব৷ আইনখনৰ ৬ ধাৰাৰ অধীনত বীজ সিঁচা আৰু শস্য চপোৱাৰ সময়ত যাতে কৃষি শ্রমিকসকলে সুবিধামতে কামবোৰ কৰিব পাৰে, তাৰ বাবে একোটা বিত্তীয় বর্ষত ৬০ দিনলৈকে মুঠ কর্মবিৰতিৰ সময়সীমা সন্দর্ভত জাননী জাৰি কৰাৰ কর্তৃত্ব প্রদান কৰা হৈছে ৰাজ্যসমূহক৷ সম্পূর্ণ ১২৫ দিনৰ নিয়োগৰ নিশ্চয়তা অক্ষুণ্ণ ৰখাৰ পিছত বাকী সময়ছোৱাত লাভ কৰা কর্মবিৰতিত কৃষি উৎপাদনৰ কামত লাগিব পাৰিব৷
আইনখনৰ ধাৰা ৫(৩)ৰ অধীনত সাপ্তাহিক ভিত্তিত বা যিকোনো ক্ষেত্রতে কাম সম্পূর্ণ হোৱাৰ ১৫ দিনৰ ভিতৰতে মজুৰি আদায় দিয়াটো বাধ্যতামূলক কৰা হৈছে৷ নির্দিষ্ট সময়তকৈ পলম হ’লে ক্ষতিপূৰণ আদায় দিব লাগিব৷ বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনা (ভিজিপিপি)ৰ অধীনত প্রস্তুত কৰা পৰিকল্পনাসমূহক পিএম গতিশক্তিকে ধৰি ৰাষ্ট্রীয় মঞ্চসমূহৰ সৈতে ডিজিটেলী সংযুক্তকৰা হৈছে৷ এই আইনখন কেন্দ্রীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি হিচাপে কার্যকৰী কৰা হ’ব৷
আইনখনৰ বিধান অনুসৰি, ৰাজ্য চৰকাৰসমূহে আইনখনৰ বিষয়ে বিধিগত পদক্ষেপ গ্রহণ কৰি ইয়াক কার্যকৰী কৰিব৷ খৰচৰ ভাগ–বাটোৱাৰা কেন্দ্র আৰু ৰাজ্যসমূহৰ মাজত ৬০ঃ৪০ হাৰত কৰা হ’ব৷ উত্তৰ–পূবৰ ৰাজ্যসমূহ আৰু হিমালয় এলেকাৰ ৰাজ্যসমূহৰ বাবে ৯০ঃ১০ আৰু বিধায়িনী দল নথকা কেন্দ্রীয়শাসিত অঞ্চলৰ বাবে ১০০ শতাংশ কেন্দ্রীয় পুঁজি আবণ্টন দিয়া হ’ব৷ আইনখনৰ ২৩ আৰু ২৪নং ধাৰাত বায়’মেড্রিক প্রমাণীকৰণ, জি’টেগিং আৰু বাস্তৱ সময়ৰ ডেছব’ডৰ জৰিয়তে প্রযুক্তিসক্ষম স্বচ্ছতাৰ দিহা কৰা হৈছে৷
আনহাতে, ২০নং ধাৰা অনুসৰি, গাঁওসভাৰ সামাজিক হিচাপ পৰীক্ষা শক্তিশালী কৰা হৈছে৷ এই আইনখনে দিয়া বিধান অনুসৰি, যদি নির্দিষ্ট সময়সীমাৰ ভিতৰত নিয়োগৰ ব্যৱস্থা কৰা নহয়, তেনে ক্ষেত্রত ১৫ দিনৰ পিছত নিবনুৱা ভাট্টা প্রদান কৰিব লাগিব৷ ভাৰতৰ দৰে এখন গ্রাম্য তথা কৃষিভিত্তিক অর্থনীতিৰ দেশে নিয়োগ নিশ্চিতিৰে সামাজিক সুৰক্ষাৰ ভেটি সুদৃঢ় কৰিবই লাগিব৷ স্বৰাজোত্তৰ পিছৰ সুদীর্ঘ কাল ধৰি এনে প্রয়াস চৰকাৰসমূহে লৈ আহিছে যদিও এইক্ষেত্রত ধৰা পৰা সুৰুঙাসমূহ ৰুদ্ধ কৰা আৰু শেহতীয়াকৈ ভাৰত চৰকাৰে বান্ধি লোৱা ‘বিকশিত ভাৰত–২০৪৭’ৰ লক্ষ্যত সঠিকভাৱে উপনীত হোৱাৰ উদ্যোগ হিচপে পূর্বৰ প্রয়াসকে কিছু সংশোধিত আৰু উন্নীত কৰি সময় সাপেক্ষ ৰূপত তুলি ধৰা হৈছে এই ‘ভিবি–জি ৰাম জি’ আইনখন৷
ইয়াৰ জৰিয়তে গ্রামাঞ্চলৰ পৰিয়ালবোৰৰ আয়ৰ সুৰক্ষা বৃদ্ধি পাব আৰু তেওঁলোকে ৰাষ্ট্রীয় উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰিব বুলি নিশ্চয় আশা কৰিব পাৰি, মাথোঁ আইনখনৰ যথাযথ ৰূপায়ণৰ ক্ষেত্রত যাতে কোনো সুৰুঙা ৰৈ যাব নোৱাৰে তাৰ প্রতি চৰকাৰী সংশ্লিষ্ট বিভাগসমূহ সতর্ক আৰু গ্রাম্য লোকসকল সচেতন হোৱাটো অতীৱ প্রয়োজন৷