নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Bordoisila Theatre : কৃষ্ণ ৰয়ক বৰদৈচিলা থিয়েটাৰ বঁটা প্ৰদান, নাট্যযাত্ৰা আৰম্ভ

Bordoisila Theatre : অসমৰ ভ্ৰাম্যমান জগতৰ অন্যতম বৰদৈচিলা থিয়েটাৰ ২৮সংখ্যক নাট্যবৰ্ষৰ নাট্য যাত্ৰাৰ পশ্চিম নলবাৰীৰ শনিৰোড চকত শুভ নাট্যবৰ্ষ আৰম্ভ হয়৷ বিশিষ্ট নাট্যকাৰ সাহিত্যিক নৱৰত্ন পাটোৱাৰীয়ে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানটোত বৰদৈচিলা থিয়েটাৰৰ নাট প্ৰদৰ্শনৰ দ্বাৰ মুকলি কৰে বিশিষ্ট অভিনেতা পৰিচালক সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মনে৷

দ্বাৰ মুকলি কৰি বৰ্মনে কয়-সম্প্ৰতি অসমৰ ভ্ৰাম্যমান থিয়েটাৰ সমুহে নতুন ৰূপ লাভ কৰিছে। দৰ্শক-ৰাইজৰ পৰা থিয়েটাৰ সমুহে বিপুল সঁ‌হাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ভ্ৰাম্যমানৰ কলা-কুশলী সকলে দিনে-নিশাই কষ্ট কৰি থাকে বুলি কৈ নাট্যকৰ্মী ধীৰেন কুমাৰ বৰ্মনে নাট্যগোষ্ঠী সমুহক এই বৰ্ষৰ বাবে শুভেচ্ছা প্ৰদান কৰে।

ভাষণত তেওঁ‌ প্ৰযোজক নজৰুল ইছলাম আৰু বৰদৈচিলা থিয়েটাৰৰ নাট্যপ্ৰেমীৰ মাজত জনপ্ৰিয়তা সম্পৰ্কেও কিছু কথা ব্যক্ত কৰে। এই অনুষ্ঠানতে নাট্য শিল্পী কৃষ্ণ ৰয়লৈ “বৰদৈচিলা থিয়েটাৰ বঁ‌টা” প্ৰদান কৰা হয়। বঁ‌টা গ্ৰহন কৰি নাট্য শিল্পী ৰয়ে এই সন্মান আৰু বঁ‌টাই জীয়াই থাকিবলৈ দুগুণ উৎসাহ আৰু প্ৰেৰণা দিলে বুলি মন্তব্য কৰে । মুকলি অনুষ্ঠানৰ আগমুহূৰ্তত  বন্তি প্ৰজ্জ্বলন কৰে প্ৰতিষ্ঠাপক সহ প্ৰযোজক ভূপেন কলিতা আৰু প্ৰাক্তন আছু নেতা প্ৰদীপ দাসে৷

বিশিষ্ট কবি তথা শংকৰদেৱৰ একাডেমি অধ্যক্ষ ড° বিনয় কুমাৰ মজুমদাৰে নাট্য দলটোৰ মুখপাত্ৰ “আমাৰ বৰদৈচিলা” উন্মোচন কৰে ৷

নিয়মীয়া বাৰ্তা, নলবাৰী, ২০ আগষ্ট

You might also like