নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা নাট্য মন্দিৰৰ ১০১ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ পাঠশালা বজাৰ কমিটিৰ উদ্যোগত ১৯২৩ চনতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপজা ঠাই নাট্যনগৰী পাঠশালাত স্থাপন কৰা পাঠশালা নাট্যমন্দিৰৰ আজি ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে৷ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে পাঠশালা চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি মদন ৰয়ে৷ ইয়াৰ পিছতে পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰে আঁত ধৰা বৰ্ষপুৰ্তিৰ বিশেষ অনুষ্ঠানত পাঠশালা বজাৰ কমিটিৰ প্ৰাক্তন সম্পাদক গিৰিশ পাটগিৰি, পাঠশালা ৰাস মহোৎসৱ সমিতিৰ সম্পাদক বুদুল তালুকদাৰৰ লগতে তৰণী তালুকদাৰ, প্ৰিয়নাথ তালুকদাৰ, মনোজ কলিতা, গগণ চৌধুৰীকে আদি কৰি কেবাগৰাকীও নেতৃস্থানীয় বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়াই নাট্যমন্দিৰৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে নাট্যমন্দিৰটোৰ আধুনিক ৰূপ দিয়াত বিশেষ অৰিহণা যোগোৱা স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শলাগ লয়৷ উল্লেখ্য যে আজিৰ পৰা ১০১ বছৰ পূৰ্বেই পাঠশালাৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰ প্ৰাংগণত নাট্যমন্দিৰটো স্থাপন কৰা হৈছিল যদিও বিভিন্ন কাৰণবশতঃ নাট্যমন্দিৰটো অৱহেলিত হৈ প্ৰায় অব্যৱহৃত ৰূপ পাইছিল৷ কিন্তু এই নাট্যমন্দিৰটো স্থাপন কৰাৰ সম্পুৰ্ণ ১০০ বছৰ পিছত যোৱা বৰ্ষৰ ২৭ আগষ্টত এটি অত্যাধুনিক সা-সুবিধাসম্পন্ন আটকধুনীয়া প্ৰেক্ষাগৃহলৈ ৰূপান্তৰ কৰা হয়৷ স্মৰ্তব্য যে কালৰ গতিত জহি খহি যাবলৈ ধৰা নাট্যমন্দিৰটো শতবৰ্ষীয় পাঠশালা বজাৰ কমিটিৰ উদ্যোগত ২০১০ চনত নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰা হয় যদিও পৰ্যাপ্ত অৰ্থৰ অভাৱত সেয়া হৈ উঠা নাছিল৷ অৱশেষত বিভিন্ন ব্যক্তি, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আশাসুধীয়া চেষ্টাত এক আধুনিক ৰূপত পাঠশালা  নাট্যমন্দিৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like