নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেৰৌ বাঁহী… একেটা বাঁহীতে সুৰ তুলিছে সাত শিল্পীয়ে

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ একেলগে ঠিয় দিছে সাত জন শিল্পীয়ে। প্রত্যেকৰে মুখতেই বাঁহী। সেই বাঁহীত ফুঁ দি অপূর্ব সুৰ তুলিছে সাতগৰাকীয়ে। বাঁহীৰ মোহিনী সুৰৰ মায়াজাল ফালি অকন মন কৰিলেই দেখা যায় সেই সাত শিল্পীৰ হাতত একেটাই বাঁহী। আচৰিত লগা কথাটো হ’ল যে একেটা বাঁহীতেই তেওঁলোক সকলোৱে মিলি সুৰ তুলিছে।

বিহুৰ বতৰত অসমৰ শিল্পীৰ এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত এতিয়া খুব ভাইৰেল হৈছে। বিহু উপলক্ষেই এই বিশেষ বাঁহীটো তৈয়াৰ কৰা হৈছে। ১৬ ফুট দীঘল বাঁহ কাটি বাঁহীটো তৈয়াৰ কৰা হৈছে। সাত শিল্পীয়ে মিলি সেই বিশাল বাঁহীতেই সুৰ তুলিছে, শুনি মুগ্ধ হৈছে নেটিজেনসকল। ভিডিঅ’ত দেখা গৈছে সাত শিল্পীৰ সৈতে তাল মিলাই অন্যান্য বাদ্যযন্ত্রও বজাইছে। তাতেই জমি উঠিছে বিহুৰ মহুৰা।

You might also like