বাৰ্তা ব্যুৰ, গোৱালপাৰা ৫ এপ্ৰিল : দলবিৰোধী কাৰ্যকলাপৰ লগত জৰিত থকা আৰু প্ৰত্যক্ষ ভাৱে ২নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰোধিতা কৰাৰ বাবেই গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ মৰ্মে ৩মাৰ্চত প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে বিধায়ক গৰাকীক কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰে আৰু দুদিনৰ ভিতৰত উত্তৰ বিচাৰে। উল্লেখ্য যে ২নং ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভৰ পিছৰেপৰা বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে বিৰোধিতা কৰি আছিল। স্থানীয় তথা দক্ষ প্ৰাৰ্থী থকা স্বত্তেও দলৰ হাইকমাণ্ডে ৰকিবুল হুছেইনক ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছৰে পৰা একাংশ দলৰ নেতা কৰ্মীয়ে পদত্যাগ কৰাৰ লগতে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে প্ৰকাশ্যে বিৰোধিতা কৰাৰ বাবেই প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিধায়ক গৰাকীক কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰে। দুদিনৰ ভিতৰত উত্তৰ নিদিলে বিধায়ক গৰাকীৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কাৰণ দৰ্শোৱা জাননীত উল্লেখ কৰে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা