নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটাৰৰ ফটো–পৰিচয় পত্রৰে সংলগ্ন হ’ব ‘আধাৰ’

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ বিৰোধীৰ তীব্র প্রতিবাদৰ মাজতেই সোমবাৰে লোকসভাত গৃহীত হয় নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১৷ কংগ্রেছসহ বিৰোধীয়ে তীব্র প্রতিবাদ চলাই থকাৰ মাজতে মৌখিক ভোটত গৃহীত হয় নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১৷ ভুৱা ভোট প্রদানৰ অসাধু প্রক্রিয়া সমাপ্ত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে আজি লোকসভাত উত্থাপন কৰে নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১৷ ভোটাৰ ফটো পৰিচয়–পত্রৰ সৈতে আধাৰ কার্ড সংলগ্ণ কৰাৰ বাধ্যতামূলক প্রক্রিয়াক সাঙুৰি প্রস্তুত কৰা নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১ আজি লোকসভাত উত্থাপন কৰে কেন্দ্রীয় আইনমন্ত্রী কিৰেণ ৰিজিজুৱে৷ নিম্ন সদনত বিধেয়কখন উত্থাপন কৰি কেন্দ্রীয় মন্ত্রী ৰিজিজুৱে কয় যে দেশত এই বিধেয়কখনে ভুৱা ভোট প্রদান প্রক্রিয়াৰ অন্ত পেলাব আৰু নির্বাচনী ব্যৱস্থাক অধিক সক্ষম কৰি তুলিব৷ এই বিধেয়কখনত নির্বাচনী পঞ্জীয়ক বিষয়াক ভোটাৰৰ ফটো পৰিচয়–পত্রৰ সৈতে আধাৰ কার্ড সংলগ্ণ কৰাৰ অনুমতি প্রদান কৰিব৷ কেন্দ্রীয় মন্ত্রী ৰিজিজুৱে বিধেয়কখন উত্থাপন কৰি দিয়া যুক্তিৰ পাছতেই বিৰোধী দলৰ সাংসদসকলে বিধেয়কখনক লৈ প্রতিবাদ কৰে৷ কংগ্রেছসহ বিৰোধী দলসমূহে কেন্দ্রীয় চৰকাৰে নিম্ন সদনত উল্লেখ কৰা বিধেয়কখনেই নাগৰিকৰ মৌলিক অধিকাৰ খর্ব কৰিব বুলি দাবী জনায়৷

বিৰোধী সাংসদসকলে উচ্চতম ন্যায়ালয়ে ব্যক্তিগত স্বাধীনতাৰ ক্ষেত্রত দিয়া ৰায়ক ভুল ব্যাখ্যা কৰি বিধেয়কখন সদনলৈ অনাটো ভিত্তিহীন বুলি দাবী কৰে৷ কংগ্রেছ, শিৱসেনা, এন চি পি, ডি এম কে, টি এম চি, ৱাই এছ আৰ কংগ্রেছ, বিজেডি, বি এছ পি, এ আই এম আই এমকে ধৰি বিৰোধীৰ সাংসদসকলে বিধেয়কখনৰ বিপক্ষে যুক্তি প্রদর্শন কৰি এই বিধেয়কখনৰ বিৰুদ্ধে তীব্র বিৰোধিতা কৰে৷ বিৰোধীৰ তীব্র প্রতিবাদৰ মাজতেই সদনত বিধেয়কখন মৌখিক ভোটত গৃহীত হয়৷ বিধেয়কখন গৃহীত হোৱাৰ পূর্বে কংগ্রেছৰ দলপতি অধীৰৰঞ্জন চৌধুৰীয়ে লোকসভাত বিধেয়কখন গৃহীত কৰাৰ আগেয়ে বিধেয়কখন পৰীক্ষণৰ বাবে ষ্টেণ্ডিং কমিটীলৈ পঠোৱাৰ দাবী জনায়৷ কংগ্রেছৰ সাংসদগৰাকীয়ে এই বিধেয়কখনে নাগৰিকৰ মৌলিক অধিকাৰ খণ্ডন কৰিব বুলিও দাবী জনায়৷

এ আই এম আই এমৰ মুৰব্বী সাংসদ আছাদুদ্দিন ওৱেছিয়ে বিধেয়কখনে মুক্তভাৱে ভোটদান কৰাৰ ক্ষেত্রত নাগৰিকক হেঁচা প্রয়োগ কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে৷ তৃণমূল কংগ্রেছৰ সাংসদ সৌগতা ৰায়ে এই বিধেয়কখন উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিপক্ষে যোৱা বুলি অভিযোগ কৰে৷ বি এছ পিৰ ৰিতেশ পাণ্ডেই বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে এই বিধেয়কখনে অনুসূচিত জাতি, জনজাতি লোকক মুক্তভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্রত প্রতিবন্ধকতা সৃষ্টি কৰিব৷ আৰ এছ পিৰ এন কে প্রেমচন্দ্রনে কয় যে নির্বাচনী প্রক্রিয়াৰ সৈতে আধাৰ কার্ড সংযুক্ত কৰাটোৱেই জনতাৰ অধিকাৰক খণ্ডন কৰিব৷ জনতাৰ গোপনীয়তা আৰু মৌলিক অধিকাৰ এই বিধেয়কৰ দ্বাৰা খণ্ডন কৰা হ’ব৷ বিৰোধীৰ সাংসদসকলে বিধেয়কখনক লৈ ঘোৰ আপত্তি আৰু প্রতিবাদ জনালেও লোকসভাৰ অধ্যক্ষৰ আসনত থকা ৰাজেন্দ্র আগৰৱালে মৌখিক ভোটৰ দ্বাৰা বিধেয়কখন গৃহীত কৰে৷

মন কৰিবলগীয়া যে কেন্দ্রীয় আইনমন্ত্রীগৰাকীয়ে নির্বাচন আইন সংশোধন বিধেয়ক, ২০২১ উত্থাপন কৰাৰ পূর্বে পুৱা কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী অজয় মিশ্রৰ পদত্যাগৰ দাবীত কংগ্রেছ, ডি এম কে, তৃণমূল কংগ্রেছকে ধৰি বিৰোধী দলসমূহে অধ্যক্ষৰ ওচৰলৈ গৈ প্লেকার্ড প্রদর্শন কৰি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে৷ উল্লেখ্য যে নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১ত পূর্বৰ আইনখনৰ চাৰিটা সালসলনি ঘটোৱা হৈছে৷ ইয়াৰ ভিতৰত ভোটাৰৰ ফটো পৰিচয়–পত্রৰ সৈতে আধাৰ কার্ড সংলগ্ন কৰাটো অন্যতম৷

You might also like