নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ অধিক হাৰত ভেকচিন প্রেৰণৰ অনুৰোধ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রীৰে কেশৱ মহন্তৰ ভিডিঅ’ কনফাৰেঞ্চ

নিয়মীয়া বাৰ্তা ২০ মেঃ অসম তথা উত্তৰ–পূবৰ জটিল হৈ পৰা ক’ভিড পৰিস্থিতি সন্দর্ভত আজি বিস্তৃত তথ্য সংগ্রহ কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ এই উদ্দেশ্যে উত্তৰ–পূবৰ প্রতিখন ৰাজ্যৰ স্বাস্থ্যমন্ত্রীৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চত বহা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনক অসমলৈ অধিক হাৰত ক’ভিড ভেকচিন প্রদানৰ বাবে অনুৰোধ জনালে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ কার্যালয়ৰ পৰা এই ভিডিঅ’ কনফাৰেঞ্চত অংশগ্রহণ কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই অসমত শেহতীয়া ক’ভিড পৰিস্থিতিৰ বিষয়ে কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰাৰ লগতে ক’ভিড আক্রান্তসকলৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন ব্যৱস্থা সম্পর্কীয় সবিশেষ অৱগত কৰে৷

বিশেষকৈ আই চি ইউ বিছনা আৰু অক্সিজেন ব্যৱস্থা থকা বিছনা বৃদ্ধিৰ বাবে জৰুৰীভাৱে লোৱা ব্যৱস্থা, অক্সিজেন উৎপাদন আৰু চিকিৎসালয়ত তৰল মেডিকেল ব্যৱহাৰযোগ্য অক্সিজেন মজুতকৰণৰ সামর্থ্য ব্যাপক হাৰত বৃদ্ধিৰ বাবে লোৱা ব্যৱস্থাৱলীৰ বিষয়েও কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰে৷

ইফালে, বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ক’ভিড ভেকচিন প্রেৰণৰ বিষয়টোক এই বৈঠকত সর্বাধিক গুৰুত্ব দিয়া হৈছে৷ জনসংখ্যা অনুসৰি ভেকচিন যোগানৰ বাবে বৈঠকতে কেন্দ্রীয় চৰকাৰক অনুৰোধ জনোৱা হয়৷ উত্তৰ–পূবৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ জনসংখ্যা বহুত বেছি৷ গতিকে উত্তৰ–পূবৰ আন ৰাজ্যক প্রদান কৰা সম–পৰিমাণৰ ভেকচিন অসমক যোগান ধৰিলে যে যথেষ্ট কম হ’ব সেয়া আঙুলিয়াই দিয়া হৈছে৷

আনহাতে, কেন্দ্রীয় চৰকাৰে অনুমতি দিলে অসমে যিকোনো মুহূর্তত আগতীয়া ধন জমা দি ভেকচিন ক্রয় কৰিবলৈ সাজু বুলিও আজি কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীক্ অৱগত কৰা বুলি কেশৱ মহন্তই জানিবলৈ দিয়ে৷ ই

ইফালে ভিডিঅ’ কনফাৰেঞ্চ বৈঠকত অসমে অক্সিজেন উৎপাদনৰ সামর্থ্য পূর্বৰ ৪০ মেট্রিকটনৰ পৰা বর্তমান ৬৭.১৪ মেট্রিকটনলৈ বৃদ্ধি কৰাৰ কথা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই অৱগত কৰে৷ তদুপৰি কম দিনৰ ভিতৰতে মেডিকেল ব্যৱহাৰযোগ্য তৰল অক্সিজেন মজুতকৰণ সামর্থ্য অতিৰিক্ত ৩৪.২ মেট্রিকটনলৈ বৃদ্ধি পাব বুলিও স্বাস্থ্যমন্ত্রীয়ে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনক জানিবলৈ দিয়ে৷ আনহাতে, এই বৈঠকতে সৰুসজাই ষ্টেডিয়ামত অহা ১৫ দিনৰ ভিতৰত ৩০০খন আই চি ইউ তথা অক্সিজেন বিছনা সংলগ্ণ এখন ক’ভিড হাস্পতাল নির্মাণৰ বাবে ডি আৰ ডি অ’ৰ লগত বুজাবুজি চুক্তি সম্পাদন কৰাৰ কথাও অৱগত কৰে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীক্ কেশৱ মহন্তই জানিবলৈ দিয়ে যে অসমত দৈনিক ১ লাখ লোকৰ ক’ভিড পৰীক্ষা কৰাৰ সমান্তৰালকৈ ১ লাখ লোকক ভেকচিন প্রদানৰো ব্যৱস্থা লোৱা হৈছে৷

You might also like