নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ঘটনাৰ পাছত যেতিয়া সমগ্ৰ দেশত নাৰী সুৰক্ষাৰ দাবীত প্ৰতিবাদ চলি আছে, ঠিক তেনে সময়তে শিলচৰত অসম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ লগত সংঘটিত হৈছে এক ভয়ংকৰ আৰু জঘন্য ঘটনা। বিশ্ববিদ্যালয়ৰ পৰা যাত্ৰীবাহী অটোৰে ভাৰাঘৰলৈ যাওঁতেই অটোৰ ভিতৰত ছাত্ৰীগৰাকীক শ্লীলতা হানিৰ চেষ্টা চলায় অটোচালকে। ভয়ংকৰ এই ঘটনাৰ পাছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বদৰুজামান ফাৰুক নামৰ লম্পট চালকজনক আটক কৰি গতাই দিয়ে আৰক্ষীক। এই জঘন্য ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে এটা গোচৰ ।
প্ৰেৰক গৌতম তালুকদাৰ