নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰচণ্ড গৰমকো নেওচি চামগুৰিত উপস্থিত কেইবাশ লোক

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণোদয় ৩.০ ৰাজ্যখনত শুভাৰম্ভণি কৰাৰ সমান্তৰাল কৈ নগাঁও জিলাৰ চামগুৰিতো আজি অৰুণোদয় ৩.০ৰ শুভাৰম্ভণিৰ অনুষ্ঠান অনুষ্ঠিত হয়৷ বাজিয়াগাঁও উন্নয়ন খণ্ড আৰু লাওখোৱা উন্নয়ন খণ্ডৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা অৰুণোদয় ৩.০ৰ শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি ভাষন প্ৰদান কৰা অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, নগাঁও জিলা অতিৰিক্ত আয়ুক্ত কাকুমনি শইকীয়া আৰু চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ ময়ুৰপংখী বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। চামগুৰিৰ ভেলেউগুৰি নাট্য চ’ৰাত আজি অনুষ্ঠিত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানটোত নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, পুৰনিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিণ্টু শৰ্মা, চামগুৰি মণ্ডল বিজেপিৰ সভাপতি সুব্ৰত সিংহা, কলিয়াবৰ জিলা বিজেপিৰ সম্পাদিকা ৰীতা কাকতি, কলিয়াবৰ জিলা যুৱ মৰ্চাৰ সভাপতি লক্ষীৰঞ্জন কাকতি, অসম গণ পৰিষদ দলৰ চামগুৰি বিধান পৰিষদৰ সভাপতি আবু বক্কৰ চিদ্দিককে ধৰি বহুকেইজন বিজেপি আৰু অগপ দলৰ নেতা উপস্থিত থাকে৷ প্ৰচণ্ড গৰমকো নেওচি কেইবাশ লোক উপস্থিত থকা অনুষ্ঠানটোত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰপেন কুমাৰ বৰ্মন, লাওঁখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আনিছ বেৰিয়াকে ধৰি বহুকেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like