নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত ৰাজধানী নতুন দিল্লীত ২,২৫১ জীৱন্ত কার্টিজ উদ্ধাৰ, ৬জনক গ্রেপ্তাৰ

কলকাতাৰ ভিক্টোৰিয়া মেম’ৰিয়েলৰ ওপৰত ড্র’ন উৰণ; দুজন বাংলাদেশীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: স্বাধীনতা দিৱস উদ্যাপনক লৈ সমগ্র দেশতে উলহ–মালহ পৰিৱেশৰ সৃষ্টি হৈ থকাৰ সময়তে দেশৰ ৰাজধানী নতুন দিল্লী আৰু পশ্চিমবংগৰ ৰাজধানী কলকাতাত আতংকজনক ঘটনা সংঘটিত হৈছে৷ দেশৰ ৰাজধানী দিল্লীত ২,২৫১ জীৱন্ত কার্টিজসহ ৬জনক গ্রেপ্তাৰ কৰাৰ বিপৰীতে কলকাতাত ঐতিহাসিক কীর্তিচিহ্ণৰ ওপৰত ড্র’ন উৰুওৱা দুজন বাংলাদেশীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

বিৱৰণী মতে দিল্লী আৰক্ষীয়ে আনন্দবিহাৰ অঞ্চলৰ অটোচালক এজনে দিয়া তথ্যৰ ভিত্তিত দুটা বৃহৎ বেগ কঢ়িয়াই অনা এজন লোকক গ্রেপ্তাৰ কৰাৰ পাছত বাকীকেইজনক গ্রেপ্তাৰ কৰিছে৷ বৃহৎ বেগকেইটাত ২,২৫১ জাঁই সক্রিয় কার্টিজ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ৰছিদ আৰু আজমল নামৰ গ্রেপ্তাৰ কৰা দুর্বৃত্ত দুজনৰ স্বীকাৰোক্তি অনুসৰি ডেৰাডুনৰ পৰা এই কার্টিজখিনি অনা হৈছিল৷ উত্তৰ প্রদেশৰ মিৰাটৰ কাৰাগাৰত বন্দী হৈ থকা অনিল নামৰ গেংষ্টাৰৰ যোগেদি এই কার্টিজখিনি দিল্লীলৈ অনা হৈছে৷ প্রাৰম্ভিক তদন্তত দিল্লী আৰক্ষীয়ে এই উদ্ধাৰ হোৱা সক্রিয় কার্টিজ অপৰাধমূলক কাম–কাজত ব্যৱহাৰ কৰাৰ সন্দেহ প্রকাশ কৰা হৈছে যদিও সন্ত্রাসবাদী সংগঠনৰ সৈতেও জড়িত হোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই৷ উত্তৰাখণ্ডৰ ডেৰাডুনৰ ছাদ্দাম নামৰ লোক এজনৰ পৰা এই কার্টিজখিনি দিল্লীলৈ অনা হৈছিল৷

ইপিনে পশ্চিমবংগৰ ৰাজধানী কলকাতাত ভিক্টোৰিয়া মেম’ৰিয়েলৰ ওপৰত ড্র’ন উৰুওৱা দুজন বাংলাদেশীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ কৰা বাংলাদেশী দুজনক মহম্মদ ছিফাত আৰু মহম্মদ জিলুৰ ৰহমান বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ দুয়োজনে বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ৷ ড্র’নত কেমেৰা সংলগ্ন কৰি বাংলাদেশী দুজনে ভিক্টোৰিয়া মেম’ৰিয়েল হলৰ প্রথম বেলকনিৰ পৰা আলোকচিত্র সংগ্রহ কৰি আছিল৷ স্বাধীনতা দিৱস উপলক্ষে এলার্ট হৈ থকা আৰক্ষীয়ে পেট্র’লিঙৰ সময়ত এই ড্র’ন উৰুওৱা ঘটনাটো প্রত্যক্ষ কৰে আৰু বাংলাদেশী দুজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

You might also like