নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : যোৱা ১৩ অক্টোবৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে অব্যাহত ৰাখিছে চাঙে চাঙে কংগ্ৰেছ। কালি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰাই উপস্থিত হয় ঢকুৱাখনাৰ ঘিলামৰা উন্নয়ন খন্ডৰ মিছিং অধুষিত কুম্বাঙত আয়োজিত সভালৈ এইদৰে কেইবা হাজাৰ দলীয় কৰ্মীয়ে আদৰণি জনায় সভাপতি গৰাকীক।সভাপতি ভূপেন বৰাই জনসমাগম দেখি কেইবাটাও উল্লেখনীয় মন্তব্য আগবঢ়োৱাৰ লগতে কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে। সভাত অংশগ্রহণ কৰি উপ দলপতি ৰকিবুল হুছেইনে কয় যে আজি যে ইমান মানুহ আহিছে ৰাইজৰ উপস্থিতিৰ ফটোখন মুখ্যমন্ত্ৰীক দেখুৱাই দিবলৈ সকলোকে আহ্বান জনায় লগতে মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে ইমান বেয়া পায়। ঘিলামৰা ব্লকৰ বিল মুখ পঞ্চায়তৰ বালিয়নি কু্বাং গাৱঁৰ সূয চিন্তে ষ্টেডিয়ামত অনুষ্ঠিত সভাখনত অসম প্ৰদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্য, পদ্মলোচন দলে, ৰামান্না বৰুৱা, অসম প্ৰদেশ কংগ্রেছৰ সামাজিক মাধ্যম আৰু তথ্য প্রযুক্তি বিভাগৰ সভাপতি বাতিল কলিতা, লখিমপুৰ জিলা কংগ্রেসৰ সভাপতি গগণ চন্দ্র বৰা, জিলা কংগ্রেছৰ সামাজিক মাধ্যম সভাপতি ক্ষীৰোদ মুদৈ, জিলা যুৱ কংগ্রেছৰ সভাপতি মৌচুম লাহনকে ধৰি জিলা, ব্লক পযায়ৰ ভালে সংখ্যক নেতা কৰ্মীয়ে অংশগ্রহণ কৰে।
প্ৰেৰক উত্তম হাজৰিকা