শিঙিমাৰী জগদ্ধাত্ৰী পূজাৰ হীৰক জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচন মৃণালিনী দেৱীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ কামৰূপ জিলাৰ শিঙিমাৰী সাৰ্বজনীন শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা পৰিচালনা সমিতিৰ এইবেলি হীৰক জয়ন্তী ৬ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ সাদিনীয়াকৈ ধৰ্ম-সংস্কৃতিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে মা শ্ৰীশ্ৰীজগদ্ধাত্ৰী দেৱীৰ শ্ৰীচৰণত এপাহি গন্ধপুষ্প দিবলৈ শিঙিমাৰী আঞ্চলিক ৰাইজে ব্যাপক আয়োজনৰে শুভাৰম্ভণি কৰিছে। আজি পুৱা দেৱীৰ মহানৱমী পূজা আৰম্ভ, হোমাদিকৃত্য, পুষ্পাঞ্জলী আৰু মহাশান্তি প্ৰদান ও প্ৰসাদ বিতৰণ অনুষ্ঠানৰ পিছতে হীৰক জয়ন্তী মহোৎসৱ উপলক্ষে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰি সু-সাহিত্যিক মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত কয় যে আমাৰ আধ্যাত্মিক জীৱন জিজ্ঞাসাত শক্তিপূজাই বিশেষ এক স্থান দখল কৰি আছে। দুৰ্গা কালী লক্ষী সৰস্বতী জগদ্ধাত্ৰী, চণ্ডী, ভৈৰৱী, ভৱানী আদি নামেৰে বিভিন্ন অভিব্যক্তিত যুগে যুগে দেৱী আদ্যাশক্তি মহামায়াৰ পূজা চলি আহিছে। আই দেৱী দুৰ্গাৰ ঋকবেদ, যৰ্জুবেদ, সামবেদ আৰু অৰ্থববেদত এই আদ্যাশক্তি দেৱী ভগৱতীৰ অনেক বৰ্ণনা পোৱা যায় বুলি কয়। সভাত সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালী উপস্থিত আছিল। দেৱী দুৰ্গতিনাশিনী দুৰ্গাৰ অন্যতম এক প্ৰসিদ্ধ ৰূপ হ’ল দেৱী জগদ্ধাত্ৰী। দেৱী জগদ্ধাত্ৰীৰ উৎপত্তিৰ বিষয়ে কাত্যায়নী তন্ত্ৰ নামে এখন তন্ত্ৰ গ্ৰন্থত উল্লেখ থকা বুলি কয়। গ্ৰন্থ উন্মোচনী সভাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে ৰাজহুৱা মহাভোগ বিতৰণ কৰা হয় আৰু বিয়লি চণ্ডী পাঠ কৰে পুৰোহিত নিৰ্মল শৰ্মা আৰু ধনজিৎ শৰ্মাই। সন্ধিয়া ৰাজহুৱা বন্তি প্ৰজ্বলন কৰাৰ লগতে ওজাপালি পৰিৱেশন, নাগাৰা বাদন পৰিৱেশন, আৰতি, আৰু নিশা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ১১ নৱেম্বৰত পুৱা দশমী পূজা আৰম্ভ, পূজা সমাপন আৰু ঘট বিসৰ্জন, বিয়লি ওজাপালি পৰিৱেশন, ঢুলীয়া নৃত্য পৰিৱেশন, নিশা সাংস্কৃতিক সন্ধিয়াৰ সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব বিজেপিৰ অসম ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই। ১২ নৱেম্বৰত দিনত বিদায় পৰ্ব আৰু প্ৰতিমা বিসৰ্জন, নিশা যাত্ৰা পাৰ্টীৰ মুল নাটক অন্ন দাতা পৰিৱেশন কৰিব বুলি শিঙিমাৰী সাৰ্বজনীন শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা পৰিচালনা সমিতিৰ হীৰক জয়ন্তী মহোৎসৱৰ সাধাৰণ সম্পাদক প্ৰনৱ বৰ্মনে জনাইছে।
প্ৰেৰক ৰমেন ভৰালী