নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসৰ অধিগৃহীত বাছেৰে বনভোজ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ

বিশেষ বাৰ্তা, ২১ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ নামত অধিগ্ৰহণ কৰা বাছ লৈ জিলা প্ৰশাসনৰ একাংশ কৰ্মচাৰীয়ে বনভোজ খাবলৈ নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।ডিব্ৰুগড়ত সংঘটিত হোৱা এই আজৱ কাণ্ডই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰামতে, সমাগত গণৰাজ্য দিৱসৰ বাবে খনিকৰ খেলপথাৰৰ পেৰেড গ্ৰাউণ্ডলৈ এন চি চি কেডাৰ লৈ যোৱাৰ নামত ডিব্ৰুগড়ৰ ৰাজপথৰ পৰা এনফৰ্চমেন্টে ‘ৰিতামণি’ নামৰ এ এছ ০৬ চিচি ০৬৩৯ নম্বৰৰ যাত্ৰীবাহী বাছখন শনিবাৰে দিনৰ প্ৰায় ১ বজাত অধিগ্ৰহণ কৰিছিল। ইফালে বাছৰ গৰাকীয়ে চৰকাৰী কামৰ বাবে পূৰ্ণ সহযোগিতাৰে বাছখন প্ৰশাসনক গতাই দিয়ে। কিন্তু বাছখন গণৰাজ্য দিৱস তথা চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে বাছখন লৈ বগীবিলৰ কাৰেং চাপৰি লৈ যায়। দেওবাৰে পুৱাৰ ভাগতে বাছখন লৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে পৰিয়ালক লগত নি খালে বনভোজ। আনহাতে জিলা প্ৰশাসনৰ এই কাণ্ড পোহৰলৈ অহাৰ পাছতে একপ্ৰকাৰ খৰ্গহস্ত হৈ পৰে বাছখনৰ মালিকৰ লগতে সন্মিলিত উজনি অসম বাছ মালিক সন্থা। চৰকাৰী কাম-কজৰ বাবে অধিগ্ৰহণ কৰা বাছখনৰ সুবিধা লৈ বনভোজ খোৱা ডিব্ৰুগড়ৰ জিলা প্ৰশাসন কৰ্মচাৰীৰ এই চূড়ান্ত গৰিহণাযোগ্য কাণ্ডক লৈ মুখ্যমন্ত্রীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সন্মিলিত উজনি অসম বাছ মালিক সন্থাই। যিহেতু ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্রীয়ে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াকে লৈ ডিব্ৰুগড়ত চলিছে যুদ্ধকালীন তৎপৰতা।তাৰ মাজতে দেশৰ পৱিত্ৰ গণৰাজ্য দিৱসৰ অচিলা লৈ বাছ অধিগ্রহণ কৰি নীতিবিৰুদ্ধভাবে দিনটো নদীৰ পাৰত গান-বাজনাৰে ৰাজকীয় বনভোজ উদযাপন কৰাৰ সুবিধা গ্ৰহণ কৰা সকলক এতিয়া কোনে নাকি লগাব বুলিও সৰব ৰ্চচা চলিছে।এতিয়া উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে যদিও, মালিক সকলে সকলো প্ৰকাশৰ পৰা বিৰত আছে।জিলা প্ৰশাসনৰ কৰ্মচাৰীৰ এনে কাণ্ড ৰাজহুৱা কৰাৰ বাবে পৰৱৰ্তী সময়ত প্ৰশাসনে লাইনত চলা বাছখনৰ ওপৰত অনাহকত হাৰাশাস্তি কৰিব নেকি ? তাৰ বাবেও মুখ্যমন্ত্রীৰ বিশেষ হস্তক্ষেপ বিচাৰিছে বাছ মালিক সন্থাই।
প্ৰেৰক বিভাষ দুৱৰা
You might also like