অসম আৰক্ষীৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অসম আৰক্ষী পৰিবাৰ কল্যাণীয় সংস্থাৰ উদ্যোগত এই বছৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা অসম আৰক্ষীৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মেধাৱী ছাত্র-ছাত্রীসকলক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হয়।
এই উপলক্ষে কাহিলীপাৰাস্থিত চতুর্থ অসম আৰক্ষী বাহিনীৰ চৌহদত সংস্থাৰ সভানেত্রী স্বপ্নালী মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত সংস্থাৰ বিষয়বৱীয়াসকলে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্র-ছাত্রীসকলক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সভাত উপস্থিত হৈ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তইও মেধাৱী ছাত্র-ছাত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু ভৱিষ্যতে নিজকে দেশৰ সুনাগৰিক হিচাপে গঢ় দিয়াৰ বাবে আত্মনিয়োগ কৰিবলৈ ছাত্র-ছাত্রীসকলৰ প্রতি আহ্বান জনায়।
এইক্ষেত্ৰত অভিভাৱকসকলৰো গুৰু দায়িত্ব আছে বুলি সঞ্চালকপ্রধানগৰাকীয়ে মন্তব্য কৰে। ভাষণ প্রসংগত তেওঁ কয় যে এয়া আৰম্ভণিহে, আৰু বহু আগুৱাবলৈ আছে। ভৱিষ্যতেও যাতে ছাত্র-ছাত্রীসকলে বিদ্যায়তনিক দিশত এই ধাৰা অব্যাহত ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে সততা, নিষ্ঠা, একাগ্রতা আৰু কঠোৰ শ্ৰমৰে নিজকে আগবঢ়াই লৈ যাব লাগিব বুলি মহন্তই উল্লেখ কৰে। সভাত সংস্থাৰ সভানেত্রী স্বপ্নালী মহন্ত আৰু চতুর্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক শিলাদিত্য চেতিয়াইও ভাষণ দিয়ে। আদৰণি ভাষণ প্রদান কৰে সংস্থাৰ সম্পাদিকা ৰুছী ভৰদ্বাজ বৰাই। সভাখনৰ আঁত ধৰে বৰ্ণালী গগৈ ডেকাই। সভাত মেধাৱী ছাত্র-ছাত্রীসকলক একোখনকৈ প্রশংসা পত্রৰ লগতে দহ হেজাৰ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰা হয়।