নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজ্বলা গেছৰ কাৰ্ডধাৰীলৈ ২৫০ টকাত চিলিণ্ডাৰ

ৰঙিয়াত নিৰ্বাচনী সভা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : উজ্বলা গেছৰ কাৰ্ডধাৰী পৰিয়াললৈ ২৫০ টকাত চিলিণ্ডাৰ । স্বৰাজোত্তৰ কালত কংগ্ৰেছ চৰকাৰে অধিক সময় শাসনত থাকিও কোনো বিশেষ উল্লেখনীয় কাম কৰিবলৈ সক্ষম নহ’ল। কিন্তু বিজেপিয়ে অতি কম সময়ৰ ভিতৰতে দেশখনৰ লগতে ৰাজ্যখনক দ্ৰুত উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি ৰঙিয়া সমষ্টিৰ অন্তৰ্গত চেপ্তিৰ মোদী ফিল্ডত অনুষ্ঠিত বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ দি কয় যে কংগ্ৰেছৰ দিনত চাকৰি দি পইচা লৈ নেতাবোৰে ডাঙৰ ডাঙৰ ঘৰ বনাইছে। কিন্তু আমি এখন তামোল-পাণ নোখোৱাকৈয়ে ডেৰ লাখ চাকৰি দিলোঁ। কংগ্ৰেছৰ বাবে লুঙী , ধুতি , সূতা কম্বল আৰু আঁঠুৱা হৈছে পঞ্চামৃত।

এইখিনিৰ নামতো বহুত দুৰ্নীতি হৈছিল। সেইবাবে কংগ্ৰেছক লুঙীৰ প্ৰতীক ল’বলৈ পৰামৰ্শ দিছোঁ। ইয়াৰ বাহিৰে একো কাম কৰিব নোৱাৰিলে। কিন্তু ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৃষক সন্মান নিধি, শৌচাগাৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আয়ুষ্মান, অৰুণোদয়, নিযুত ম‌ইনা আদিকে ধৰি দৰিদ্ৰ পৰিয়ালৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰা হৈছে।

ৰঙিয়াৰ লগতে হাজো আৰু কমলপুৰত প্ৰতি সমষ্টিত ১৬ হাজাৰকৈ পৰিয়ালক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। বিধায়ক ভৱেশ কলিতাৰ অনুৰোধ মৰ্মে এই সমষ্টি কেইটাত আৰু অধিক ৪ হাজাৰকৈ পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। আনহাতে ৰেচন কাৰ্ডত চাউলৰ লগতে অহা ১ অক্টোবৰৰ পৰা দাইল, নিমখ আৰু চেনী ৰেহাই মূল্যত দিয়াৰ ব্যৱস্থা কৰা হ’ব।

ইফালে ৰাইজৰ অনুৰোধ মৰ্মে মিঠাতেল ৰেহাই মূল্যত দিয়াৰ চিন্তা কৰা হ’ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ মূল্য ৬০০-৬৫০ টকাৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰা হ’ব। উজ্বলা গেছৰ কাৰ্ড থকা পৰিয়ালে মাত্ৰ ২৫০ টকাত চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ’ব। ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেট নোহোৱাকৈ কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব বুলি কয়। চৰকাৰী বিদ্যালয় সমূহ ৮ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰি ডনবস্ক’, ছেন্ট মেৰিজ স্কুলতকৈও ধুনীয়া কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনায়।

জ্যেষ্ঠ বিজেপি নেতা ভৱেশ ডেকাই আঁত ধৰা সভাখনত সাংসদ তথা ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, স্থানীয় বিধায়ক ভৱেশ কলিতা, মন্ত্ৰী ৰঞ্জিত দাস, বিধায়কদ্বয় দিগন্ত কলিতা আৰু সুমন হৰিপ্ৰিয়া, বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী, জিলা সভাপতি ভাস্কৰ কলিতা, পাণ্ডুৰী জিলা পৰিষদৰ প্ৰাৰ্থী নিপন ভূঞা, হৰদত্ত-বীৰদত্ত জিলা পৰিষদৰ প্ৰাৰ্থী মনালিছা কলিতা, পূৱাৰ জিলা পৰিষদৰ প্ৰাৰ্থী কুমুদ কাকতি, বড়িগোগ জিলা পৰিষদৰ প্ৰাৰ্থী গীতিকা দাস উপস্থিত থাকে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like